৩৭) এছিয়া-প্ৰশান্ত মহাসাগৰীয় জলবায়ু প্ৰতিবেদন ২০২৪
ASIA-PACIFIC CLIMATE REPORT 2024

শেহতীয়াকৈ, এছিয়ান উন্নয়ন বেংকে (Asian Development Bank (ADB)) ভাৰতৰ দৰে ৰাষ্ট্ৰসমূহৰ বাবে বিশেষ উদ্বেগৰ সৈতে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক অৰ্থনৈতিক, পাৰিপাৰ্শ্বিক আৰু সামাজিক প্ৰভাৱৰ ওপৰত আলোকপাত কৰি ইয়াৰ এছিয়া-প্ৰশান্ত মহাসাগৰীয় জলবায়ু প্ৰতিবেদন (Asia-Pacific (APAC) Climate Report) ২০২৪ প্ৰকাশ কৰিছে।

২০২৪ চনৰ এছিয়া-প্ৰশান্ত মহাসাগৰীয় জলবায়ু প্ৰতিবেদনৰ গুৰুত্বপূৰ্ণ দিশসমূহ

জলবায়ু পৰিৱৰ্তনৰ অৰ্থনৈতিক প্ৰভাৱ

  • মুঠ ঘৰুৱা উৎপাদন (GDP) হ্ৰাসৰ সম্ভাৱনাঃ
    • উচ্চ-মানৰ সেউজগৃহ গেছ (GHG) নিৰ্গমণৰ অধীনত এছিয়া – প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ২০৭০ চনৰ ভিতৰত মুঠ ঘৰুৱা উৎপাদন ১৭% হ্ৰাস হ’ব পাৰে।
    • ২১০০ চনৰ ভিতৰত, অব্যাহত উচ্চ সেউজগৃহ নিৰ্গমনৰ অধীনত এই সংখ্যা ৪১% লৈ বৃদ্ধি পাব পাৰে।
    • ৰাষ্ট্ৰ-নিৰ্দিষ্ট অনুমানসমূহঃ
      • ভাৰত : ২০৭০ চনৰ ভিতৰত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন ২৪.৭ শতাংশ হ্ৰাস হোৱাৰ সম্ভাৱনা এই প্ৰতিবেদনত প্ৰকাশ পাইছে।
      • বাংলাদেশঃ বাংলাদেশে মুঠ ঘৰুৱা উৎপাদনৰ ৩০.৫% লোকচানৰ সন্মুখীন হোৱাৰ আশংকা আছে।
      • ভিয়েটনামঃ ভিয়েটনামৰ মুঠ ঘৰুৱা উৎপাদনৰ ৩০.২% হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।
      • ইণ্ডোনেছিয়াঃ ইণ্ডোনেছিয়াৰ মুঠ ঘৰুৱা উৎপাদনৰ ২৬.৮% হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

অৰ্থনৈতিক ক্ষতিৰ মূল চালিকা শক্তি

  • সামুদ্ৰিক জলস্তৰ বৃদ্ধিঃ
    • ২০৭০ চনৰ ভিতৰত ৩০০ নিযুত লোকৰ বাবে উপকূলীয় বানপানীৰ আশংকা আছে।
    • ২০৭০ চনৰ ভিতৰত বাৰ্ষিক ক্ষতি ৩ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাব পাৰে।
  • শ্ৰমিক উৎপাদনশীলতাৰ হ্ৰাস :
    • শ্ৰম উৎপাদনশীলতা হ্ৰাস হোৱাৰ ফলত আঞ্চলিক মুঠ ঘৰুৱা উৎপাদনত ৪.৯ শতাংশ লোকচান হ’ব পাৰে।
    • এইক্ষেত্ৰত ভাৰতে ১১.৬% পৰ্যন্ত লোকচানৰ সন্মুখীন হ’ব পাৰে।
  • শীতলীকৰণ চাহিদা :
    • গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ মুঠ ঘৰুৱা উৎপাদন ৩.৩ শতাংশ হ্ৰাস হ’ব পাৰে।
    • বৰ্ধিত শীতলীকৰণৰ প্ৰয়োজনীয়তাৰ বাবে ভাৰতে ৫.১ শতাংশৰে মুঠ ঘৰুৱা উৎপাদনৰ তীক্ষ্ণ হ্ৰাসৰ সন্মুখীন হৈছে।
    • প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ
  • নদীসৃষ্ট বানপানীঃ
    • ২০৭০ চনৰ ভিতৰত বাৰ্ষিক বানপানীয়ে সমগ্ৰ এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ১.৩ ট্ৰিলিয়ন ডলাৰৰ ক্ষতি সাধন কৰিব পাৰে, যাৰ ফলত ১১০ নিযুতৰো অধিক লোক প্ৰভাৱিত হ’ব পাৰে।
    • ভাৰতৰ আনুমানিক লোকচানসমূহ তলত উল্লেখ কৰা হ’ল :
      • আৱাসিক ক্ষতিৰ পৰিমাণ ৪০০ বিলিয়ন ডলাৰতকৈ অধিক হ’ব পাৰে।
      • বাণিজ্যিক ক্ষতিৰ পৰিমাণে ৭০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
  • ধুমুহা আৰু বৃষ্টিপাত :
    • ক্ৰান্তীয় ধুমুহাৰ তীব্ৰতা বৃদ্ধি আৰু বৃষ্টিপাতে বানপানী আৰু ভূমিস্খলনক অধিক বিপদসংকুল কৰি তুলিব।
    • পাৰ্বত্য অঞ্চলবোৰত (যেনে, ভাৰত-চীন সীমান্ত) তীব্ৰ উষ্ণতা বৃদ্ধিৰ পৰিস্থিতিত ভূমিস্খলনৰ ঘটনা ৩০-৭০% বৃদ্ধি পাব পাৰে।

বনাঞ্চল আৰু পৰিৱেশ তন্ত্ৰৰ ওপৰত প্ৰভাৱ

  • বনাঞ্চলৰ উৎপাদনশীলতা হ্ৰাস :
    • উচ্চ-নিৰ্গমন পৰিস্থিতিৰ অধীনত ২০৭০ চনৰ ভিতৰত এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বনজ উৎপাদনশীলতা ১০-৩০% হ্ৰাসৰ সম্ভাৱনা আছে।
    • ভিয়েটনাম আৰু দক্ষিণ-পূব এছিয়াৰ দৰে ভাৰতৰ লোকচান ২৫% তকৈ অধিক হ’ব পাৰে।
    • অৱশ্যে, চীন আৰু মধ্য এছিয়াৰ দৰে অঞ্চলসমূহত লোকচান ৫% তকৈ কম হ’ব পাৰে।

উন্নতিৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহ

  • নিগুট-শূন্য লক্ষ্য আৰু ব্যৱধানঃ
    • এছিয়াৰ ৪৪ খন ৰাষ্ট্ৰৰ অৰ্থনীতিৰ ভিতৰত ৩৬ খন ৰাষ্ট্ৰৰ অৰ্থনীতিয়ে নিগুট-শূন্য লক্ষ্য নিৰ্ধাৰণ কৰিছে, কিন্তু মাত্ৰ ৪ খন দেশেহে আইনীভাৱে এই লক্ষ্যসমূহ স্থাপন কৰিছে।
    • ভাৰতে ২০৭০ চনৰ বাবে আৰু চীনে ২০৬০ চনৰ বাবে অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থাৰ (OECD economies) পৰি পিছ পৰি ৰৈছে। সংস্থাৰ অন্তৰ্গত ৩৮ খন দেশৰ ভিতৰত ৩২ খন দেশৰ নিগুট-শূন্য লক্ষ্য আছে, য ‘ত ২০৫০ চনৰ ভিতৰত ২৩ খন আইনীভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছে।
    • এইক্ষেত্ৰত এছিয়া অঞ্চলৰ উন্নয়নৰ বাবে অধিক স্পষ্ট নীতি আৰু জলবায়ু বিত্তীয় যোগান বৃদ্ধিৰ প্ৰয়োজন।
  • জলবায়ু বিত্তঃ
    • বাৰ্ষিক জলবায়ু অভিযোজন পুঁজিৰ প্ৰয়োজনঃ ১০২-৪৩১ বিলিয়ন আমেৰিকান ডলাৰ (২০২১-২২ চনৰ ৩৪ বিলিয়ন আমেৰিকান ডলাৰৰ তুলনাত) মূল্যৰ বাৰ্ষিক জলবায়ু অভিযোজন পুঁজিৰ প্ৰয়োজনীয়তা পৰিলক্ষিত হয়।
    • জলবায়ু সম্পৰ্কীয় পুঁজি আকৰ্ষণৰ বাবে ব্যক্তিগত বিনিয়োগ আৰু নিয়ামক সংস্কাৰৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন।
  • নৱীকৰণযোগ্য শক্তিঃ
    • নিগুট-শূন্য দিশলৈ পৰিৱৰ্তনৰ বাবে নৱীকৰণযোগ্য শক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত।
    • ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় কাৰ্বন বজাৰৰ বাবে নিৰ্গমণ ব্যয়-কাৰ্যকৰীভাৱে হ্ৰাস কৰাৰ বাবে যুক্তযুক্ততা প্ৰদৰ্শন কৰা দৰকাৰ।

এছিয়ান উন্নয়ন বেংকৰ এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ জলবায়ু প্ৰতিবেদন ২০২৪-এ এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত অৰ্থনৈতিক আৰু পাৰিপাৰ্শ্বিক ক্ষতি হ্ৰাস কৰিবলৈ সমন্বিত জলবায়ু পদক্ষেপৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। অঞ্চলটোৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে নীতি প্ৰস্তুতকৰণ, বিত্তীয় সাহায্য আৰু নৱীকৰণযোগ্য শক্তি গ্ৰহণৰ ক্ষেত্ৰত তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ।

Leave a Reply