উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ভি. ৰামাসুব্ৰমনিয়ানক ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (NATIONAL HUMAN RIGHTS COMMISSION (NHRC)) নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিছে।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (NHRC)
- প্ৰতিষ্ঠাঃ
- ১৯৯৩ চনৰ ১২ অক্টোবৰত মানৱ অধিকাৰ সুৰক্ষা আইন (Protection of Human Rights Act (PHRA)) ৰ অধীনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (NHRC) স্থাপন কৰা হৈছিল।
- ১৯৯১ চনৰ পেৰিছ নীতিৰ (Paris Principles) সৈতে সংগতি ৰাখি গঠন কৰা হৈছিল, ১৯৯৩ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ইয়াক অনুমোদন জনাইছিল।
- ই ১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইনৰ দ্বাৰা সৃষ্টি কৰা এক বিধিবদ্ধ সংস্থা (statutory body)।
উদ্দেশ্যঃ
- আয়োগৰ উদ্দেশ্য মানৱ অধিকাৰ সুৰক্ষা আইনৰ ধাৰা ২ (১) (ঘ) ৰ অধীনত সংজ্ঞায়িত মানৱ অধিকাৰ (human rights) সুৰক্ষিত আৰু প্ৰসাৰ কৰা। ই সংবিধানে নিশ্চিত কৰা জীৱন, স্বাধীনতা, সমতা আৰু মৰ্যাদাৰ অধিকাৰক সামৰি লৈছে।
গঠনঃ
- অধ্যক্ষঃ ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰে।
- ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলঃ
- উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন বা বৰ্তমানৰ ন্যায়াধীশ।
- উচ্চ ন্যায়ালয়ৰ এজন প্ৰাক্তন বা বৰ্তমানৰ মুখ্য ন্যায়াধীশ।
- কমেও এগৰাকী মহিলাকে ধৰি মানৱ অধিকাৰ ক্ষেত্ৰত দক্ষতা থকা তিনিজন ব্যক্তি।
- প্ৰাক্তন কাৰ্যবাহী সদস্যসকলঃ বিভিন্ন ৰাষ্ট্ৰীয় আয়োগৰ অধ্যক্ষ (যেনে, অনুসূচিত জাতি/অনুসূচিত জনজাতি, মহিলা, সংখ্যালঘু আৰু বিশেষ ভাৱে সক্ষম ব্যক্তিৰ বাভৈ গঠিত আয়োগৰ মুখ্য আয়ুক্ত।
কাৰ্য আৰু ক্ষমতাঃ
- মানৱ অধিকাৰ উলংঘনৰ তদন্ত কৰা : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তদন্ত-পৰিসৰত ৰাজহুৱা কৰ্মচাৰীসকলৰ দ্বাৰা সংঘটিত বা অৱহেলাজনিত কাৰ্যবোৰ অন্তৰ্ভুক্ত কৰা হৈছে।
- পৰামৰ্শ আগবঢ়োৱা : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মানৱ অধিকাৰৰ সুৰক্ষা আৰু ফলপ্ৰসূ প্ৰয়োগৰ ওপৰত পৰামৰ্শ আগবঢ়ায়।
- আইনৰ পুনৰীক্ষণঃ আয়োগে মানৱ অধিকাৰৰ সৈতে সম্পৰ্কিত চুক্তি আৰু আন্তঃৰাষ্ট্ৰীয় আহিলাৰ মূল্যায়ন কৰে।
- গৱেষণা আৰু সজাগতা বৃদ্ধি : আয়োগে মানৱ অধিকাৰৰ ওপৰত অধ্যয়ন, প্ৰকাশন আৰু শিক্ষাক উৎসাহিত কৰি আহিছে।
- অনুষ্ঠান-প্ৰতিষ্ঠানসমূহৰ নিৰীক্ষণ : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে সময়ে-সময়ে জীৱন ধাৰণৰ পৰিস্থিতি মূল্যায়ন কৰিবলৈ কাৰাগাৰ আৰু অন্যান্য বন্দীত্ব কেন্দ্ৰৰ সুবিধাসমূহ পৰিদৰ্শন কৰে।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাম-কাজত থকা ত্ৰুটিবোৰঃ
- অনা-বাধ্যতামূলক পৰামৰ্শঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ পৰামৰ্শসমূহৰ আইনী বলৱৎ-ক্ষমতাৰ অভাৱ।
- শাস্তিমূলক ক্ষমতাৰ অনুপস্থিতি : ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মানৱ অধিকাৰ উলংঘনকাৰীসকলক শাস্তি বিহিব নোৱাৰে বা ভুক্তভোগীসকলক পোনপটীয়াকৈ সাহায্য প্ৰদান কৰিব নোৱাৰে।
- সীমিত সশস্ত্ৰ বাহিনীৰ অধিকাৰঃ সামৰিক কৰ্মচাৰী জড়িত ক্ষেত্ৰত আয়োগৰ ভূমিকা তেনেই সীমাবদ্ধ।
- সময়ৰ সীমাবদ্ধতা – এবছৰৰ পিছত প্ৰতিবেদন দিয়া মানৱ অধিকাৰ উলংঘন সম্পৰ্কীয় গোচৰবোৰ আয়োগে সমাধান কৰিব নোৱাৰে।
- সম্পদৰ সীমাবদ্ধতা – সীমিত সম্পদ আৰু তাকৰ কৰ্মচাৰী থকা ৰাজ্যিক মানৱ অধিকাৰ আয়োগসমূহে অত্যাধিক বোজা কঢ়িয়াবলগীয়া হয়।
- চৰকাৰৰ ওপৰত নিৰ্ভৰশীলতাঃ মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ নিযুক্তি চৰকাৰৰ হাতত থকাৰ বাবে সদস্যসকলৰ কাৰ্য-স্বাধীনতাৰ অভাৱ পৰিলক্ষিত হয়।
- প্ৰতিক্ৰিয়াশীল দৃষ্টিভংগীঃ প্ৰতিৰোধমূলক ব্যৱস্থাৰ পৰিৱৰ্তে অভিযোগৰ ওপৰত গুৰুত্ব দিয়া হয়।
ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ শক্তিশালীকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহঃ
- আদেশৰ সম্প্ৰসাৰণঃ কৃত্ৰিম বুদ্ধিমত্তা, ডিপফেক (deepfakes) আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে উদীয়মান সমস্যাৰ সমাধান কৰা।
- দণ্ড-বিহাৰ ক্ষমতা প্ৰদান কৰা : দায়বদ্ধতা নিশ্চিত কৰিবলৈ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আয়োগক ক্ষমতা প্ৰদানক কৰা উচিত।
- গঠন সংস্কাৰঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ পৰিসৰত নাগৰিক সমাজ আৰু বিভিন্ন পটভূমিৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তা আছে।
- স্বতন্ত্ৰ কেডাৰঃ মানৱ অধিকাৰ আয়োগৰ সুচলতাৰ বাবে এক দক্ষ আৰু স্বতন্ত্ৰ কৰ্মশক্তি গঢ়ি তোলা দৰকাৰ।
- ৰাজ্যিক আয়োগসমূহ শক্তিশালী কৰা : প্ৰয়োজনীয় সম্পদ যোগান ধৰা আৰু সহযোগিতাৰ সুবিধা প্ৰদান কৰা উচিত।
- সক্ৰিয় সমৰ্থনঃ মানৱ অধিকাৰ সম্পৰ্কে সজাগতা অভিযান আৰু শৈক্ষিক পদক্ষেপসমূহ পৰিচালনা কৰা।
- বিশ্ব সহযোগিতাঃ আন্তঃৰাষ্ট্ৰীয় সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ পৰা শিক্ষা লৈ ভাৰতৰ প্ৰেক্ষাপটত মানৱ অধিকাৰ সুনিশ্চিতকাৰী পন্থা সমূহ প্ৰয়োগ কৰিবলৈ প্ৰযত্ন কৰা উচিত।