সমগ্ৰ অসমত বিভিন্ন স্থানত ৰাস উৎসৱ উদযাপন কৰা হয়।
ৰাস উৎসৱঃ
- ই হৈছে শৰৎকালত অক্টোবৰ-নৱেম্বৰ (কাতি-আঘোণ মাহ) ৰাস পূৰ্ণিমাৰ দিনা অনুষ্ঠিত হোৱা এক বাৰ্ষিক উৎসৱ।
- ৰাসে গোপীসকলৰ সৈতে ভগৱান কৃষ্ণৰ ঐশ্বৰিক নৃত্য উদযাপন কৰে।
অসমত ৰাস-লীলাৰ উৎপত্তিঃ
- শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ মূল উৎসৰ সৈতে অসমৰ ৰাস-উৎসৱত অনন্য অসমীয়া বৈশিষ্ট্য সংযোজিত হৈ আছে।
- ই ১৫শ-১৬শ শতিকাত মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ প্ৰচাৰিত নব্য-বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱৰ সৈতে জড়িত।
ৰাস-উৎসৱৰ বৰ্ণনাঃ
- ৰাস-ক্ৰীড়াত কৃষ্ণৰ জন্ম, লালন-পালন, গোকুলত গৰু চৰোৱা, আৰু বাল্যকালৰ দুঃসাহসিক কাৰ্য্যসমূহ সামৰি লোৱা হৈছে।
অসমৰ ৰাস-উৎসৱৰ সাংগীতিক উপাদানসমূহঃ
- ইয়াত অসমীয়া বাদ্যযন্ত্র, সংগীত, নৃত্য, মুখা আৰু চিত্ৰকলা সংলগ্ন হৈ আছে।
সময়সীমাঃ
- মূল ৰাস-উৎসৱ ৪-৫ দিনৰ কাৰ্যসূচীৰে বিস্তৃত। ই বৃহৎ সংখ্যক দৰ্শনাৰ্থীক বিশেষকৈ, নদীদ্বীপ মাজুলীলৈ আকৰ্ষিত কৰে।
মাজুলীত ৰাস-উৎসৱৰ ঐতিহাসিক বিকাশঃ
- ১৮৪০ চনত দক্ষিণপাট সত্ৰত প্ৰথম ৰাস লীলা অনুষ্ঠিত হৈছিল।
- ১৯৩৪ চনত পিতাম্বৰদেৱ গোস্বামীয়ে ৰাস-লীলাক মঞ্চ প্ৰদৰ্শনলৈ ৰূপান্তৰিত কৰাত প্ৰভূত বৰঙণি আগবঢ়াইছিল, ১৯৫০ চনৰ পৰা ৰাসত মহিলাৰ অংশগ্ৰহণক অনুমতি দিয়া হৈছিল।
অসমৰ উল্লেখযোগ্য উদযাপন স্থানসমূহঃ
- মাজুলী নদীদ্বীপঃ মাজুলীৰ ৰাস-মহোৎসৱ বিশাল, আধ্যাত্মিকভাৱে সমৃদ্ধ ৰাস উদযাপনৰ বাবে জনাজাত।
- বৰপেটাঃ বৰপেটা সত্ৰত ৰাস-উৎসৱ প্ৰাণৱন্তভাৱে উদ্যাপন কৰি অহা হৈছে।
- নলবাৰীঃ নলবাৰীৰ ৰাস নাটকীয় প্ৰদৰ্শনৰ বাবে সৰ্ব-পৰিচিত।
- তেজপুৰঃ তেজপুৰৰ ৰাস-উৎসৱত কলাত্মকিতা আৰু ভক্তিমূলক গভীৰতাৰ মিশ্ৰণ দেখা যায়।
- গুৱাহাটী : গুৱাহাটীৰ ৰাস উৎসৱত পৰম্পৰাগত আৰু আধুনিক উপাদানৰ মিশ্ৰণ দেখা যায়।
- ধুবুৰী : ৰাস-পূৰ্ণিমাৰ দিনাখনেই গুৰু নানক জয়ন্তী পালন কৰা হয় । উক্ত সময়ত ধুবুৰীৰ গুৰু তেগ বাহাদুৰ গুৰুদ্বাৰাত সাংস্কৃতিক বৈচিত্ৰ্যৰ অনন্য মিশ্ৰণ ঘটে।
ৰাস উৎসৱৰ গুৰুত্বঃ
- সাংস্কৃতিক সংৰক্ষণঃ ৰাস-উৎসৱে কৃষ্ণৰ জীৱন কাহিনীবোৰ জীয়াই ৰাখে।
- মহিলাৰ অংশগ্ৰহণঃ ই লিংগ সমতাৰ দিশত হোৱা অগ্ৰগতিৰ প্ৰতীক।
- সাংস্কৃতিক প্ৰভাৱঃ ৰাস-উৎসৱ মাজুলীত বিশেষভাৱে গুৰুত্বপূৰ্ণ। মাজুলীৰ বহুতো গাঁৱত ৰাস উদ্যাপন কৰা হয়।
- সম্প্ৰদায়সমূহৰ অংশগ্ৰহণঃ গ্ৰাম্যাঞ্চলত স্থানীয় বাসিন্দাসকলে ৰাস-উৎসৱৰ আয়োজন আৰু সংগঠিত কৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।
সামাজিক-অৰ্থনৈতিক প্ৰভাৱ
- নিয়োগ সৃষ্টিঃ ই নৃত্যশিল্পী, সংগীতজ্ঞ, সাজ-পোছাক নিৰ্মাতাসকলৰ বাবে কৰ্ম-সংস্থাপনৰ সুযোগ আনে।
- পৰ্যটন বৃদ্ধিঃ ৰাস-উৎসৱৰ সময়ত হোটেল, ৰেষ্টুৰেণ্ট আৰু স্থানীয় বিক্ৰেতাসকল উপকৃত হয়।
- খুচুৰা আৰু সম্ভাৰতন্ত্ৰ : ৰাস-উৎসৱে স্থানীয় বজাৰৰ বাবে বিক্ৰী বৃদ্ধি; অনুষ্ঠান ব্যৱস্থাপনাৰ বাবে চাহিদা।
ৰাস মহোৎসৱে অৰ্থনৈতিক লাভালাভৰ সৈতে সংস্কৃতিক মিশ্ৰিত কৰে, অসমৰ আৰ্থ-সামাজিক গাঁথনি শক্তিশালী কৰে আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰসাৰিত কৰে।