অমৃত সৰোবৰ
AMRIT SAROVAR

অমৃত সৰোবৰ হৈছে জল সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰা এক পদক্ষেপ।

এই আঁচনিৰ অধীনত জলসংকট দূৰ কৰিবলৈ, জীৱিকা বৃদ্ধি কৰিবলৈ আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্য বজাই ৰাখিবলৈ বৃহৎ জলাশয় (সৰোবৰ, পুখুৰী বা জলাশয়) নিৰ্মাণ বা পুনৰুজ্জীৱিত কৰা হ’ব।

অমৃত সৰোবৰৰ মূল বৈশিষ্ট্যসমূহ

  • উদ্দেশ্যঃ
    • জল সংৰক্ষণ, অভাৱ দূৰ কৰা, কৃষিকাৰ্যৰ প্ৰতি সমৰ্থন আগবঢ়োৱা আৰু জৈৱ বৈচিত্ৰ্য বৃদ্ধি কৰা।
  • এলেকাঃ
    • নিম্নতম ১ হেক্টৰ (কামৰূপ মেট্ৰ ‘আৰু ডিমা হাচাওৰ দৰে নিৰ্দিষ্ট বিশেষ অঞ্চলত ০.৪ হেক্টৰ)
  • কাৰ্যকৰীকৰণঃ
    • পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন (Panchayat & Rural Development), মীন পালন (Fisheries) আৰু চি.এম.এছ.জি.ইউ.ৱাই.(CMSGUY)-ৰ দৰে বিভাগৰ সহযোগিতাত ‘অমৃত সৰোবৰ’ প্ৰকল্প কাৰ্যকৰী কৰা হৈছে, য’ত খনন, দেৱালগাঁথনি, সৌৰ আলোক, আৰু বৃক্ষৰোপণ আদি জড়িত হৈ আছে।
  • ক্ষমতাঃ
    • জল-সঞ্চয় বৃদ্ধি কৰিবলৈ আৰু জলসংকট নিয়ন্ত্ৰণ কৰিবলৈ ইয়াৰ আৰ্হি নিৰ্মাণ কৰা হৈছে।
  • ৰক্ষণাবেক্ষণ আৰু ৰাজহঃ
    • অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান (ASLRM) -ৰ অধীনত আত্ম-সহায়ক গোটসমূহৰ (SHG) দ্বাৰা পৰিচালিত, মাছ পালন আৰু ফলৰ খেতিৰ পৰা উপাৰ্জন কৰা, ষষ্ঠ অনুসূচী অঞ্চলত লাভাংশ অংশীদাৰীত্বৰ (profit-sharing) সৈতে এই কাৰ্যসূচী ৰূপায়িত হৈছে।
  • ব্যয়ঃ
    • এমজি-এনৰেগা (MGNREGA) আৰু পঞ্চদশ বিত্ত আয়োগে পুঁজি যোগান ধৰা প্ৰতিটো গোটৰ বাবে ১৩ লাখ টকা ধাৰ্য কৰা হৈছে।
  • বহনক্ষম উন্নয়ন লক্ষ্যৰ (SDG) সৈতে সম-স্থিতি গ্ৰহণ :
    • ‘অমৃত সৰোবৰ’ প্ৰকল্পই পৰিষ্কাৰ জল (Clean Water), মৃত্তিকাত জীৱন (Life on Land), আৰু শূন্য ক্ষুধাৰ (Zero Hunger) দৰে লক্ষ্যসমূহক সমৰ্থন কৰে।

‘মিছন অমৃত সৰোবৰ’ৰ সাফল্যসমূহ

  • লক্ষ্য অতিক্ৰম কৰাঃ
    • ২,৭৪৭.২৫ হেক্টৰ আৱৰি ২.৯৬২ টা সৰোবৰ (লক্ষ্যঃ ২,৬২৫ টা সৰোবৰ) নিৰ্মাণ কৰা হৈছিল আৰু ৩৮.২৭ নিযুত ঘন মিটাৰ জলৰাশি সংৰক্ষিত কৰা হৈছিল।
  • মৎস্য উৎপাদনঃ
    • মৎস্য-উৎপাদন ৪৪৩,৫৬৮.৬৯ টনলৈ বৃদ্ধি কৰা হৈছে, যাৰ ফলত মাছৰ আমদানি ২৬,৮৬৩.৩১ টনলৈ হ্ৰাস পাইছে।
  • জীৱিকা :
    • সৰোবৰসমূহ ৰক্ষণাবেক্ষণৰ বাবে মহিলা আত্মসহায়ক গোটসমূহক ক্ষমতা প্ৰদান কৰা হৈছে; এই আত্মসহায়ক গোটসমূহে মৎস্য-পালন আৰু ফলৰ খেতিৰ পৰা ৰাজহ আহৰণ কৰিছে।
  • পাৰিপাৰ্শ্বিক প্ৰভাৱঃ
    • ভূগৰ্ভস্থ জলস্তৰ পুনৰ পুৰণ হৈছে, জৈৱ বৈচিত্ৰ্য আৰু জলবায়ু স্থিতিস্থাপকতা উন্নীত হৈছে।
  • পৰ্যটনৰ সম্ভাৱনাঃ
    • পাৰিৱেশিক-পৰ্যটনৰ প্ৰসাৰ আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈ উঠাত এই অভিযানে অৱদান আগবঢ়াইছে।

Leave a Reply