প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এনডিএ চৰকাৰৰ অধীনত ২০২১ চনৰ পৰা অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডত ১,১০৮ কোটি টকাতকৈও অধিক বিনিয়োগ কৰা হৈছে।
আভ্যন্তৰীণ জল পৰিবহণ
আভ্যন্তৰীণ জল পৰিবহণৰ অৰ্থ হৈছে দেশ এখনৰ সীমাৰ ভিতৰত অৱস্থিত নদী, খাল, হ্ৰদ আৰু অন্যান্য নাব্য জলাশয়-জাত জলপথৰ জৰিয়তে মানুহ, পণ্য আৰু সামগ্ৰীৰ পৰিবহণ কৰোৱা।
আভ্যন্তৰীণ জল পৰিবহণৰ উপকাৰসমূহ
- ব্যয়সুলভ :
- আভ্যন্তৰীণ জল পৰিবহনে বৃহৎ পৰিমাণৰ সামগ্ৰীৰ বাবে স্থলপথ আৰু ৰে’লপথৰ তুলনাত সস্তীয়া পৰিবহণ ব্যৱস্থা আগবঢ়ায়।
- পৰিৱেশ অনুকূলঃ
- আভ্যন্তৰীণ জল পৰিবহণত কম ইন্ধনৰ ব্যৱহাৰ হোৱাৰ ফলত কাৰ্বন নিৰ্গমন হ্ৰাস পায়।
- অন্যান্য পৰিবহণ পদ্ধতিসমূহৰ চাপ হ্ৰাসকৰণ:
- আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাই স্থলপথ আৰু ৰে’লপথ নেটৱৰ্কৰ ওপৰত চাপ হ্ৰাস কৰে।
- বাণিজ্য আৰু সংযোগ বৃদ্ধিকৰণ :
- আভ্যন্তৰীণ জল পৰিবহণে বিশেষকৈ দূৰৱৰ্তী আৰু গ্ৰাম্য অঞ্চলত বাণিজ্যৰ সুবিধা প্ৰদান কৰে।
- বৃহৎ কাৰ্গো (Cargo) ক্ষমতাঃ
- কয়লা, চিমেণ্ট আৰু খাদ্যশস্যৰ দৰে গধুৰ আৰু বৃহৎ পৰিমাণৰ সামগ্ৰী পৰিবহণৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ উপযুক্ত।
- পৰ্যটনৰ সম্ভাৱনাঃ
- ই নদীভিত্তিক পৰ্যটন আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ কৰে।
- শক্তি দক্ষতাঃ
- পৰিবহণৰ অন্যান্য পদ্ধতিৰ তুলনাত ই তাকৰ পৰিমাণে শক্তি ব্যৱহাৰ কৰে।
- আঞ্চলিক উন্নয়নঃ
- আভ্যন্তৰীণ জল পৰিবহণে অনুন্নত আৰু বিচ্ছিন্ন অঞ্চলসমূহত অৰ্থনৈতিক বিকাশক উৎসাহিত কৰে।
আভ্যন্তৰীণ জল পৰিবহণৰ প্ৰত্যাহ্বানসমূহ
- ঋতুভিত্তিক চলাচলযোগ্যতাঃ
- নদী আৰু খালবোৰ প্ৰায়ে ঋতুভিত্তিক পানীৰ উৰ্বৰতাৰ দ্বাৰা প্ৰভাৱিত হয়। ফলত বছৰজোৰা পৰিবহণ কাম-কাজত বিৰূপ প্ৰভাৱ পৰে।
- আন্তঃগাঁথনিৰ অভাৱঃ
- আধুনিক বন্দৰ, টাৰ্মিনেল (terminals) আৰু জাহাজৰ বাবে ৰক্ষণাবেক্ষণৰ সুবিধাৰ অভাৱ সততে দেখা যায়।
- পলস অৱক্ষেপণ আৰু ড্ৰেজিঙৰ প্ৰয়োজনীয়তাঃ
- জাহাজ/ফেৰী/নাও চলাচলৰ সামৰ্থ্য বজাই ৰাখিবলৈ, নিয়মীয়া খনন বা ড্ৰেজিঙ (Dredging)ৰ প্ৰয়োজনীয়তাই ব্যয়ৰ মাত্ৰা বৃদ্ধি কৰে।
- মন্থৰ গতিঃ
- স্থলপথ আৰু ৰে’ল পৰিবহণৰ তুলনাত আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা মন্থৰগতিৰ। ফলত ই পচনশীল (perishable) বা সময় সংবেদনশীল (time-sensitive goods) সামগ্ৰীৰ বাবে অনুপযুক্ত।
- প্ৰদূষণ আৰু পৰিৱেশজনিত সমস্যাঃ
- জলৰাশি ইন্ধন নিষ্কাশিত হৈ মিহলি হোৱা আৰু আৱৰ্জনা নিষ্কাশনৰ ফলত জল প্ৰদূষণৰ আশংকা বৃদ্ধি পায়।
- অন্যান্য পদ্ধতিৰ পৰা প্ৰতিযোগিতাঃ
- স্থলপথ আৰু ৰে’ল পৰিবহণ প্ৰায়ে অল্প দূৰত্বৰ বাবে অধিক নমনীয় আৰু দ্ৰুত হয়।
- সজাগতা আৰু বিনিয়োগৰ অভাৱঃ
- আভ্যন্তৰীণ জল পৰিবহণৰ সম্ভাৱনা আৰু উন্নয়নৰ বাবে অপৰ্যাপ্ত পুঁজিৰ বিষয়ে সীমিত সজাগতা দেখা যায়।
- আন্তঃসীমান্ত আৰু আইনী সমস্যাঃ
- আন্তঃৰাষ্ট্ৰীয় জলপথৰ বাবে চুবুৰীয়া দেশসমূহৰ সৈতে সমন্বয় স্থাপনৰ প্ৰসংগও এইক্ষেত্ৰত জড়িত হৈ থাকে।