একে সময়-কালীন নিৰ্বাচন
SIMULTANEOUS ELECTIONS

কেন্দ্ৰীয় কেবিনেটে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গৃহীত বিধেয়কসমূহত অনুমোদন জনাইছে ।

ভাৰতত একেসময়তে নিৰ্বাচনঃ

  • সংজ্ঞাঃ ই নিৰ্বাচনৰ হাৰ আৰু আনুষংগিক ব্যয় হ্ৰাস কৰিবলৈ লোকসভা (সংসদীয়) আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাটো বুজায়।
  • নিৰ্বাচন আয়োগৰ পৰামৰ্শ (১৯৮৩) : ১৯৮৩ চনতে নিৰ্বাচন আয়োগে একেলগে সংসদ আৰু বিধানসভা নিৰ্বাচনৰ অনুষ্ঠিত কৰাৰ বাবে এটা ব্যৱস্থা বিকশিত কৰাৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল।
  • আইন আয়োগ (১৭০ তম্ প্ৰতিবেদন- ১৯৯৯) : আইন আয়োগৰ প্ৰতিবেদনত লোকসভা আৰু বিধান সভাৰ বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰথালৈ ঘূৰি অহাৰ পোষকতা কৰা হৈছিল।
  • সংসদীয় স্থায়ী সমিতিয়ে (৭৯ তম্ প্ৰতিবেদন- ২০১৫) : ২০১৭ চনত নিটি আয়োগে একেসময়তে নিৰ্বাচন অনুষ্ঠিত কৰা ব্যৱস্থাটো পুনৰাবৃত্তি কৰা ধাৰণাক সমৰ্থন জনাইছিল।
  • উচ্চ পৰ্যায়ৰ সমিতি (২০২৪)
    • প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এই সন্দৰ্ভত উচ্চ পৰ্যায়ৰ সমিতি গঠিত হৈছিল।
    • প্ৰস্তাৱিত দুটা পৰ্যায়ঃ ৰামনাথ কোবিন্দ নেতৃত্বাধীন সমিতিৰ প্ৰস্তাৱত প্ৰথমে লোকসভা আৰু ৰাজ্যিক বিধানসভা নিৰ্বাচন, তাৰ পিছত ১০০ দিনৰ ভিতৰত পৌৰ আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিহা দিয়া হৈছে।
    • সমিতিৰ পৰামৰ্শসমূহ ২০২৪ চনৰ ১৮ ছেপ্টেম্বৰত কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিছিল।

একেসময়তে নিৰ্বাচন সম্পৰ্কীয় সমিতিৰ মূল পৰামৰ্শসমূহ (ৰামনাথ কোবিন্দ সমিতি)

  • সংবিধান সংশোধনঃ
    • একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দুখন বিধেয়কৰ প্ৰস্তাৱ দিয়া হৈছে-
    • প্ৰথম বিধেয়ক : লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ব (কোনো ৰাজ্যিক অনুমোদনৰ প্ৰয়োজন নাই)
    • দ্বিতীয়খন বিধেয়ক : লোকসভা আৰু বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ ১০০ দিনৰ ভিতৰত পৌৰ নিগম আৰু পঞ্চায়ত নিৰ্বাচনৰ সমন্বয় সাধন (কমেও আধা ৰাজ্যৰ অনুমোদনৰ প্ৰয়োজন) হ’ব।
  • নতুন অনুবন্ধঃ
    • ৮২ ক নং অনুচ্ছেদ : ই লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ বাবে একেলগে পতা নিৰ্বাচনৰ প্ৰক্ৰিয়া প্ৰতিষ্ঠা কৰে।
    • ৩২৪ ক নং অনুচ্ছেদ : ই সংসদক লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ সৈতে স্থানীয় নিকায় নিৰ্বাচনৰ সমন্বয়ৰ বাবে আইন প্ৰণয়নৰ ক্ষমতা প্ৰদান কৰে।
    • ৮৩ (৪) নং অনুচ্ছেদ আৰু ১৭২ (৪) নং অনুচ্ছেদৰ সংশোধনী : ইয়াৰ দ্বাৰা অসময়ত (পৰিপক্ক নহওঁতেই) ভংগ হোৱাৰ ক্ষেত্ৰত লোকসভা বা বিধানসভা সলনি কৰাৰ বাবে পূৰ্বৰ লোকসভা/বিধানসভাখনৰ ম্যাদ উকলি যোৱা ব্যৱস্থা সন্নিৱিষ্ট কৰা হ’ব।
  • সম্প্ৰসাৰিত ক্ষমতাঃ
    • ৩২৭ নং অনুচ্ছেদৰ অধীনত সংসদৰ কৰ্তৃত্ব সম্প্ৰসাৰণ কৰি একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাটো অন্তৰ্ভুক্ত কৰা হ’ব।
  • ভোটাৰ তালিকা আৰু পৰিচয় পত্ৰ :
    • ৰাজ্যিক নিৰ্বাচন আয়োগৰ (State Election Commissions (SECs)) সৈতে আলোচনা কৰি ভাৰতীয় নিৰ্বাচন আয়োগে (Election Commission of India (ECI)) তিনিটা স্তৰৰ নিৰ্বাচনৰ (লোকসভা, বিধানসভা আৰু স্থানীয় নিকায়) বাবে একক ভোটাৰ তালিকা আৰু পৰিচয়-পত্ৰ প্ৰস্তুত কৰিব।
    • ৰাজ্যিক নিৰ্বাচন আয়োগৰ পৰা ভাৰতীয় নিৰ্বাচন আয়োগলৈ ভোটাৰ তালিকাৰ ওপৰত ক্ষমতা স্থানান্তৰ কৰিবলৈ সাংবিধানিক সংশোধনীৰ প্ৰয়োজন।
  • ওলোমা বিধানসভা (Hung Assembly) বা অকাল বিলুপ্তিঃ
    • ভংগ হোৱা লোকসভা বা বিধানসভাৰ অমীমাংসিত কাৰ্যকালৰ সৃষ্টি হ’লে নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব।
  • সম্ভাৰতন্ত্ৰ প্ৰস্তুতিঃ
    • ৰাজ্যিক নিৰ্বাচন আয়োগৰ সৈতে আলোচনা কৰি ভাৰতীয় নিৰ্বাচন আয়োগে জনবল, নিৰাপত্তা বাহিনী, আৰু নিৰ্বাচনী আন্তঃগাঁথনি (ই.ভি.এম (EVM)/ভি.ভি.পি.এ.টি. (VVPAT)) স্থাপনৰ বাবে আগতীয়া পৰিকল্পনা হাতত ল’ব।
  • সমন্বয় প্ৰক্ৰিয়াঃ
    • নিযুক্তিৰ তাৰিখঃ ৰাষ্ট্ৰপতিয়ে এক সুসংগত নিৰ্বাচনী চক্ৰৰ (synchronized electoral cycle) আৰম্ভণি চিহ্নিত কৰি জাননী জাৰি কৰিব।
    • এই তাৰিখৰ পিছত নিৰ্বাচিত ৰাজ্যিক বিধানসভাসমূহে লোকসভাৰ সৈতে তেওঁলোকৰ কাৰ্যকালক সংহতি স্থাপন কৰিবলৈ ব্যৱস্থা অৱলম্বন কৰিব, যদিও ই তেওঁলোকৰ পাঁচ বছৰৰ কাৰ্যকাল হ্ৰাস বা সম্প্ৰসাৰিত কৰে।
    • উদাহৰণঃ পশ্চিম বংগ (২০২৬) আৰু কৰ্ণাটক (২০২৮) ৰ দৰে বিধানসভাৰ কাৰ্যকাল ২০২৯ চনত সমাপ্ত হোৱা লোকসভাৰ কাৰ্যকালৰ সৈতে সংলগ্নিত হৈ ২০২৯ তে অন্ত পৰিব।

এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ সপক্ষে যুক্তিসমূহ

  • ব্যয় হ্ৰাসঃ ই সঘনাই নিৰ্বাচন অনুষ্ঠিত কৰাত হোৱা বৃহৎ পৰিমাণৰ ৰাষ্ট্ৰীয় ব্যয় হ্ৰাস কৰি তুলিব।
  • প্ৰশাসনৰ ধাৰাবাহিকতাঃ এক ৰাষ্ট্ৰ, এক নিৰ্বাচনে আদৰ্শ আচৰণ বিধি (Model Code of Conduct (MCC)) সঘনাই বলৱৎ হোৱাত বাধা দিয়ে।
  • ৰাজহুৱা সুবিধাঃ ই সঘনাই নিৰ্বাচনৰ ফলত ৰাজহুৱা জীৱনত হোৱা ব্যাঘাত হ্ৰাস কৰিব।
  • দক্ষ সম্পদ ব্যৱস্থাপনাঃ সম্প্ৰসাৰিত নিৰ্বাচনী কৰ্তব্যৰ বাবে নিয়োজিত হৈ থকা কৰ্মশক্তিক মুক্ত কৰি আনিব।
  • নিৰ্দিষ্ট কাৰ্যকালঃ ই লোকসভা আৰু বিধান সভাৰ কাৰ্যকাল নিৰ্দিষ্ট তাৰিখত আৰম্ভ হোৱা আৰু শেষ হোৱাটো নিশ্চিত কৰিব।
  • শাসনৰ ওপৰত গুৰুত্ব আৰোপ : ই নিৰন্তৰ “নিৰ্বাচনী পদ্ধতি” আঁতৰ কৰিব। ফলত উন্নয়নৰ ওপৰত অধিক গুৰুত্ব বাহাল থাকিব।
  • অধিক ভোটদানঃ আইন আয়োগৰ মতে, একেলগে নিৰ্বাচন অনুষ্ঠিত কৰিলে নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধি পাব পাৰে।
  • নীতি-পক্ষাঘাত হ্ৰাস : ই অত্যাৱশ্যকীয় সেৱা আৰু শাসনত বাধা সীমিত কৰে।
  • প্ৰশাসনিক দক্ষতাঃ উন্নয়নমূলক প্ৰচেষ্টাৰ ওপৰত ধাৰাবাহিকভাৱে গুৰুত্ব প্ৰদান কৰে।

এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ বিৰুদ্ধে যুক্তিসমূহ

  • যুক্তৰাষ্ট্ৰীয়তাবাদৰ প্ৰতি ভাবুকিঃ এক ৰাষ্ট্ৰ এক নিৰ্বাচনে ভাৰতীয় সংবিধানৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য যুক্তৰাষ্ট্ৰীয়তাবদৰ নীতিক অৱজ্ঞা কৰে।
  • সম্ভালতন্ত্ৰ প্ৰত্যাহ্বানঃ একেসময়তে লৌকসভা, ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ফলত সমগ্ৰ ৰাজ্য আৰু কেন্দ্ৰত সময়সূচী আৰু সম্পদৰ সমন্বয় কৰাটো জটিল হৈ উঠিব।
  • আঞ্চলিক পাৰ্থক্যঃ একেসময়তে নিৰ্বাচন অনুষ্ঠিত হ’লে বিভিন্ন আঞ্চলিক বিষয় আৰু নিৰ্বাচনৰ সময়সীমা উপেক্ষিত হৈ ৰ’ব।
  • উচ্চ ব্যয়ঃ একেলগে লোকসভা তথা ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ বিত্তীয় আৰু জনবল বিনিয়োগৰ প্ৰয়োজন হয়।
  • বিলুপ্তিৰ বিষয়ঃ অনাস্থা ভোটৰ বাবে বিধানসভাৰ অকাল বিলুপ্তিৰ ফলত নিৰ্দিষ্ট সময়সীমাৰ প্ৰসংগটো জটিল হৈ পৰে।
  • ব্যৱহাৰিক অসুবিধাসমূহঃ দেশজোৰা একে সময়তে নিৰ্বাচন পৰিচালনা কৰাটো নিৰ্বাচন আয়োগৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান।
  • ৰাজনৈতিক আধিপত্যঃ এক ৰাষ্ট্ৰ এক নিৰ্বাচনে প্ৰভাৱশালী ৰাষ্ট্ৰীয় দলসমূহৰ পক্ষ লৈ সম্ভৱতঃ আঞ্চলিক দলসমূহক বঞ্চিত কৰি তোলে।
  • অনিশ্চিত পুনৰ নিৰ্বাচনঃ পৃথক পৃথক ৰাজ্যত সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ ক্ষেত্ৰত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত উদ্বেগ উত্থাপিত হয়।

Leave a Reply