কিউ এছ (কুৱাকুৱেৰেলি ছিমণ্ডছ) ৱৰ্ল্ড ইউনিভাৰ্ছিটি ৰেংকিঙছ : ছাছটেইনেবিলিটি (QS (Quacquarelli Symonds) World University Rankings: Sustainability ২০২৫)-এ বিশ্বব্যাপী বিশ্ববিদ্যালয়সমূহক তেওঁলোকৰ সামাজিক আৰু পাৰিপাৰ্শ্বিক প্ৰভাৱৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰে । ই বহনক্ষম প্ৰত্যাহ্বানৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।
এই ৰেংকিঙে তিনিটা মূল স্তম্ভৰ ওপৰত ভিত্তি কৰি বিশ্ববিদ্যালয়সমূহৰ বহনক্ষম অৱদানৰ মূল্যায়ন কৰেঃ পাৰিপাৰ্শ্বিক প্ৰভাৱ (Environmental Impact) and সামাজিক প্ৰভাৱ (Social Impact) আৰু প্ৰশাসন (Governance)। ২০২৫ চনৰ ৰেংকিঙত মুঠ ৭৮ খন ভাৰতীয় বিশ্ববিদ্যালয় অন্তৰ্ভুক্ত কৰা হৈছে।
ভাৰতৰ শীৰ্ষ প্ৰদৰ্শনকাৰী শিক্ষানুষ্ঠান
- আই.আই.টি. দিল্লী- দিল্লীস্থ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত সামগ্ৰিকভাৱে প্ৰথম আৰু বিশ্বজুৰি ১৭১ তম্ স্থান অধিকাৰ কৰিছে।
- আই.আই.টি. খৰগপুৰঃ খৰগপুৰস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত সামগ্ৰিকভাৱে দ্বিতীয় আৰু বিশ্বজুৰি ২০২ তম্ স্থান অধিকাৰ কৰিছে।
- আই.আই.টি. বোম্বাইঃ মুম্বাইস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত সামগ্ৰিকভাৱে তৃতীয় আৰু বিশ্বজুৰি ২৩৪ তম্ স্থান অধিকাৰ কৰিছে।
- আই.আই.টি. কানপুৰঃ কানপুৰস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত সামগ্ৰিকভাৱে চতুৰ্থ আৰু বিশ্বজুৰি ২৪৫ তম্ স্থান অধিকাৰ কৰিছে।
- আই.আই.টি মাদ্ৰাজঃ চেন্নাইস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত সামগ্ৰিকভাৱে পঞ্চম স্থান আৰু বিশ্বজুৰি ২৭৭ তম্ স্থান অধিকাৰ কৰিছে।
উল্লেখযোগ্য গুৰুত্বপূৰ্ণ দিশসমূহ
পাৰিপাৰ্শ্বিক প্ৰভাৱঃ
- আই.আই.টি. দিল্লী (৫৫ তম্) আৰু আই.আই.টি. কানপুৰ (৮৭ তম্) বিশ্বৰ শীৰ্ষ ১০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত আছে।
- পাৰিৱেশিক সুস্থিৰতাঃ এই শিতানত আই.আই.টি. বোম্বাই ভাৰতত শীৰ্ষস্থানত আছে, বিশ্বব্যাপী ৪৮ তম্ স্থানত আছে।
- পৰিৱেশ শিক্ষাঃ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IISc) বিশ্বৰ ভিতৰতে ৩২ নম্বৰ স্থানত আছে।
শাসন আৰু সমতা
- মণিপাল একাডেমী অৱ হায়াৰ এডুকেশ্বন (Manipal Academy of Higher Education (MAHE)) হৈছে প্ৰশাসনৰ ক্ষেত্ৰত ভাৰতৰ আগশাৰীৰ বিশ্ববিদ্যালয় আৰু সমতাৰ ক্ষেত্ৰত শীৰ্ষস্থান দখল কৰি বিশ্বৰ ভিতৰত ৩৯০ সংখ্যক স্থানত আছে।
সামাজিক প্ৰভাৱঃ
- নিয়োগযোগ্যতা আৰু ফলাফলৰ ক্ষেত্ৰত উৎকৃষ্টতা অৰ্জন (বিশ্বব্যাপী ১১৬ সংখ্যক স্থান)। কৰি আই. আই. টি. দিল্লী বিশ্বব্যাপী সামাজিক প্ৰভাৱ শিতানত ১২১ সংখ্যক স্থানত আছে
- জ্ঞানৰ আদান-প্ৰদানঃ দিল্লী বিশ্ববিদ্যালয় ভাৰতত শীৰ্ষস্থানত আছে, বিশ্বৰ ভিতৰত ১২১ সংখ্যক স্থানত আছে।
উন্নয়নৰ ক্ষেত্ৰসমূহঃ
- ভাৰতীয় বিশ্ববিদ্যালয়সমূহক স্বাস্থ্য আৰু কল্যাণ আৰু শিক্ষাৰ প্ৰভাৱৰ ক্ষেত্ৰত অগ্ৰগতিৰ প্ৰয়োজন, কিয়নো এই শিতানত কোনো ভাৰতীয় বিশ্ববিদ্যালয়ে বিশ্বৰ শীৰ্ষ ৩৫০ খনৰ ভিতৰত স্থান লাভ কৰা নাই।
কিউএছ হৈছে লণ্ডনস্থিত এক বিশ্বব্যাপী উচ্চ শিক্ষা বিশ্লেষণ সংস্থা, যি ইয়াৰ প্ৰভাৱশালী কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙছৰ বাবে বিখ্যাত।