কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কীটনাশকৰ সংস্পৰ্শলৈ অহাৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা কৃষকসকলক সুৰক্ষিত কৰাৰ লক্ষ্যৰে ভাৰতৰ প্ৰথমটো প্ৰকাৰৰ কীটনাশক প্ৰতিৰোধী দেহ-আৱৰণ কিষাণ কৱচ মুকলি কৰে।
- কিষাণ-কৱচ
- কিষাণ-কৱচ হৈছে কৃষকসকলক কীটনাশকৰ বিষাক্ততাৰ পৰা সুৰক্ষিত কৰাৰ বাবে নক্সা কৰা এটা ধুব পৰা আৰু পুনৰ ব্যৱহাৰ কৰিব পৰা কীটনাশক প্ৰতিৰোধী দেহ-আৱৰণ (bodysuit)।
- পোছাকযোৰৰ বিকাশঃ
- বেংগালুৰুৰ জৈৱ প্ৰযুক্তি গৱেষণা আৰু উদ্ভাৱন পৰিষদে (ব্ৰিক-ইনষ্টেম) (Biotechnology Research and Innovation Council (BRIC-inStem)), ছেপিঅ “হেল্থ প্ৰাইভেট লিমিটেডৰ (Sepio Health Pvt. Ltd) সহযোগিতাত এই পোছাক বিকশিত কৰিছে।
- লক্ষ্যঃ
- কৃষকসকলৰ স্বাস্থ্য সুৰক্ষিত কৰা, বহনক্ষম কৃষি পদ্ধতিৰ প্ৰসাৰ কৰা, আৰু কীটনাশকৰ সংস্পৰ্শলৈ অহাৰ ফলত হোৱা জটিলতা প্ৰতিৰোধ কৰা।
- মূল বৈশিষ্ট্যসমূহঃ
- এই পোছাকযোৰ প্ৰক্ষালন-যোগ্য (Washable), পুনৰ ব্যৱহাৰযোগ্য (reusable) আৰু এবছৰলৈকে স্থায়ী (durable)।
- উন্নত বস্ত্ৰ প্ৰযুক্তিয়ে নিউক্লিঅফিলিক হাইড্রোলাইচিছৰ (nucleophilic hydrolysis) জৰিয়তে সংস্পৰ্শলৈ অহাৰ পিছত কীটনাশকক নিষ্ক্ৰিয় কৰে।
- পোছাকযোৰৰ মূল্য ৪,০০০ টকাত মূল্য নিৰ্ধাৰণ কৰা হৈছে, উৎপাদন বৃদ্ধি হোৱাৰ লগে লগে ব্যয় হ্ৰাসৰ সম্ভাৱনা আছে।
- পোছাকযোৰৈ কেনেকৈ কাম কৰেঃ
- পোছাকযোৰত কপাহী কাপোৰত নিউক্লিঅ’ফাইল সংলগ্নিত কৰি ব্যৱহাৰ কৰা হৈছে। ই সংস্পৰ্শলৈ অহাৰ সময়ত ক্ষতিকাৰক কীটনাশক নিষ্ক্ৰিয় কৰে। এই প্ৰণালীয়ে কীটনাশকৰ বিষাক্ততা আৰু ইয়াৰ লগত জড়িত স্বাস্থ্যৰ বিপদাশংকা যেনে শ্বাস-প্ৰশ্বাসৰ বিকাৰ আৰু দৃষ্টিশক্তি হ্ৰাস আদি ৰোধ কৰে।