ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে গোলকীয় মিত্ৰজোঁট
GLOBAL ALLIANCE AGAINST HUNGER AND POVERTY

বিশ্বজোৰা দৰিদ্ৰতা আৰু ক্ষুধা মোকাবিলা কৰিবলৈ ব্ৰাজিলত অনুষ্ঠিত জি-২০ নেতাসকলৰ সন্মিলনত ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে এক নতুন বিশ্বজোৰা মিত্ৰজোঁটৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল।

  • ৰূপায়ণঃ এই প্ৰস্তাৱে নতুন দিল্লীৰ জি-২০ সন্মিলনত গৃহীত দাক্ষিণাত্য খাদ্য সুৰক্ষা আৰু পুষ্টি সম্পৰ্কীয় উচ্চ-পৰ্যায়ৰ নীতি ২০২৩ (Deccan High-Level Principles on Food Security and Nutrition 2023) সমৰ্থন কৰে।
  • ভাৰতৰ ভূমিকাঃ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে সামাজিক অন্তৰ্ভুক্তি আৰু ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ওপৰত অনুষ্ঠিত এখন অধিৱেশনত ভাৰতে লাভ কৰা সফলতাৰ কাহিনী ভাগ-বতৰা কৰে।

বিশ্বজোৰা মিত্ৰজোঁটৰ মূল বৈশিষ্ট্যসমূহ

  • মিত্ৰজোঁট সম্পৰ্কে :
    • ই চৰকাৰ, আন্তঃৰাষ্ট্ৰীয় সংস্থা, বেচৰকাৰী সংস্থা আৰু অংশীদাৰসকলৰ এক স্বেচ্ছাসেৱী মিত্ৰতা (voluntary coalition)।
    • ইয়াৰ দ্বাৰা শূন্য ক্ষুধা (Zero Hunger) (দ্বিতীয় বহনক্ষম উন্নয়ন লক্ষ্য (SDG 2)), দৰিদ্ৰতা মোচন (No Poverty) (প্ৰথম বহনক্ষম উন্নয়ন লক্ষ্য (SDG 1)) আৰু বৈষম্য হ্ৰাস (Reduced Inequalities) (দশম বহনক্ষম উন্নয়ন লক্ষ্য (SDG 10)) ৰ দৰে বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
    • ই তিনিটা স্তম্ভৰ ওপৰত মনোনিৱেশ কৰেঃ ৰাষ্ট্ৰীয় পৰ্যায়ত জ্ঞান, বিত্ত, আৰু কাৰ্য।
  • উদ্দেশ্যসমূহঃ
    • ৰাজনৈতিক প্ৰতিশ্ৰুতিঃ ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে বিশ্বব্যাপী পদক্ষেপৰ বাবে জি-২০ আৰু মিত্ৰজোঁটৰ সদস্যসকলৰ দ্বাৰা নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰখা হ’ব।
    • সম্পদ একত্ৰীকৰণঃ দেশ-নেতৃত্বাধীন পদক্ষেপৰ বাবে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পুঁজি একত্ৰিত কৰা হ’ব।
  • নিৰ্দেশনাগত পৰিকাঠামো:
    • ৰেফাৰেন্স বাস্কেট (reference basket) দৃষ্টিভংগীৰ সৈতে গঠনমূলক প্ৰশাসনৰ জৰিয়তে ই নীতি ৰূপায়ণত ৰাষ্ট্ৰসমূহক নমনীয়তা প্ৰদান কৰে।
  • কাৰ্যসূচী আৰু নীতিঃ
    • ইয়াৰ ভিতৰত আছে খাদ্য সাহায্য, বিদ্যালয়ৰ আহাৰ প্ৰদান কাৰ্যসূচী, মাতৃ পুষ্টি, ক্ষুদ্ৰ কৃষি সহায়, আৰু দুৰ্বল (প্ৰান্তীয়/সংবেদনশীল) গোটৰ বাবে আৰ্থিক সুবিধা।
    • বহনক্ষম কৃষি আৰু থলুৱা খাদ্য প্ৰণালীৰ প্ৰচাৰ কৰে (যেনে., মিলেট (millet), কুইনো (quinoa)) ইত্যাদি।
  • অন্তৰ্ভুক্তিমূলক সহযোগিতাঃ
    • ৰাষ্ট্ৰসংঘৰ সকলো সদস্য ৰাষ্ট্ৰ, উন্নয়ন অংশীদাৰ আৰু জ্ঞানান্বেষী প্ৰতিষ্ঠানৰ বাবে এই মিত্ৰতাৰ দুৱাৰ মুকলি থাকিব।
    • এই মিত্ৰজোঁটৰ অংশীদাৰসকলৰ ভিতৰত খাদ্য আৰু কৃষি সংস্থা (FAO), ইউনিচেফ (UNICEF), ডব্লিউ. এফ. পি (WFP) আৰু বিশ্ববেংক (World Bank) প্ৰধানিযোগ্য।
  • বিপদাশংকাযুক্ত (Vulnerable) জনসংখ্যাৰ ওপৰত গুৰুত্ব প্ৰদান :
    • মহিলা, শিশু, শৰণাৰ্থী আৰু খিলঞ্জীয়া লোকসকলৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।
    • ক্ষুদ্ৰ কৃষকসকলক সহায় কৰিবলৈ কৃষি আৰু ভূমি-ব্যৱহাৰৰ বিত্তীয় ব্যৱস্থাক অগ্ৰাধিকাৰ দিয়া হ’ব।

বিত্তীয় ব্যৱস্থা

  • উদ্ভাৱনীমূলক বিত্ত (Innovative Financing) যোগানঃ
    • মিশ্ৰিত বিত্ত (blended finance) (ৰেহাইমূলক আৰু অ-ৰেহাইমূলক পুঁজিৰ মিশ্ৰণ) আৰু ৰেহাইমূলক সহ-বিত্তীয় (concessional co-financing) যোগানৰ ই ওপৰত গুৰুত্ব আৰোপ কৰে।
  • চৰকাৰী উন্নয়ন সাহায্য (Official Development Assistance (ODA)) :
    • অতিমাত্ৰা ক্ষুধা আৰু দৰিদ্ৰতাৰ সন্মুখীন হোৱা দেশসমূহক সহায় কৰিবলৈ উন্নত ৰাষ্ট্ৰসমূহে ‘চৰকাৰী উন্নয়ন সাহায্য’ৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব লাগিব।
  • বহুপাক্ষিক উন্নয়ন বেংক (Multilateral Development Banks (MDB))
    • ই সম্পদ একত্ৰীকৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা (International Development Association (IDA)) ৰ দৰে প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰে।
  • বিশেষ আহৰণ অধিকাৰ (Special Drawing Rights (SDRs))
    • প্ৰয়োজনীয় দেশসমূহৰ বাবে ‘বিশেষ আহৰণ অধিকাৰ’-ৰ স্বেচ্ছামূলক পুনৰ সংযোজনৰ পোষকতা কৰে।

মিত্ৰজোঁটৰ প্ৰয়োজনীয়তা

  • দৰিদ্ৰতা আৰু ক্ষুধা বৃদ্ধিঃ
    • ৭১২ নিযুত লোকে অতি দৰিদ্ৰতাৰ মাজত বসবাস কৰিছিল (২০২২); ৭৩৩ নিযুত লোক ক্ষুধাৰ সন্মুখীন হৈছিল (২০২৩)
  • লিংগ বৈষম্যঃ
    • পুৰুষৰ (২৫.৪%) তুলনাত মহিলাৰ মাজত উচ্চ খাদ্য নিৰাপত্তাহীনতা (২৬.৭%) বিৰাজমান।
  • বিত্তীয় ব্যৱধানসমূহঃ
    • দৰিদ্ৰতা মোচন (প্ৰথম বহনক্ষম উন্নয়ন লক্ষ্য) আৰু শূন্য ক্ষুধা (দ্বিতীয় বহনক্ষম উন্নয়ন লক্ষ্য)ৰ দৰে বহনক্ষম উন্নয়ন লক্ষ্য প্ৰাপ্তিৰ বাবে সম্পদৰ অভাৱ বৃদ্ধি কৰা।
  • অৰ্থনৈতিক ব্যয়ঃ
    • ক্ষুধা আৰু অপুষ্টিয়ে উৎপাদনশীলতাত বাধা দিয়ে, অসমতা গভীৰ কৰে, আৰু বিশেষকৈ উন্নয়নশীল দেশসমূহত অৰ্থনীতিৰ ক্ষতিসাধন কৰে।
  • সংকট প্ৰতিৰোধঃ
    • তীব্ৰ খাদ্য নিৰাপত্তাহীনতা হ্ৰাস কৰা আৰু মানৱীয় সংকটৰ বিৰুদ্ধে স্থিতিস্থাপকতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

ক্ষুধা আৰু দৰিদ্ৰতা নিৰ্মূলকৰণত ভাৰতৰ সাফল্য

  • দৰিদ্ৰতা হ্ৰাসঃ
    • ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে (২০১৪-২০২৪)
  • খাদ্য সুৰক্ষাঃ
    • ৮০ কোটি লোকে চৰকাৰী আঁচনিৰ অধীনত বিনামূলীয়া খাদ্যশস্য লাভ কৰে।
  • স্বাস্থ্য আৰু বীমাঃ
    • আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী-জন আৰোগ্য যোজনা স্বাস্থ্য বীমা আঁচনিৰ (Ayushman Bharat-PM-JAY health insurance) অধীনত ৫ কোটি ৫০ লাখ লোক লাভৱান হৈছে।
    • ৬০ নিযুত জ্যেষ্ঠ নাগৰিকৰ বাবে বিনামূলীয়া স্বাস্থ্য বীমা প্ৰদান কৰা হৈছে।
  • কৃষকলৈ সহায়ঃ
    • প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY) : দেশৰ ৪ কোটি কৃষকলৈ ২০ বিলিয়ন ডলাৰৰ কৃষি সীমাৰ সুবিধা প্ৰদান কৰা হৈছে।
    • পিএম-কিষাণ (PM-KISAN) : ইয়াৰ জৰিয়তে ১১০ নিযুত কৃষকলৈ ৪০ বিলিয়ন ডলাৰ বিতৰণ কৰা হৈছে।
    • ২০০০ + জলবায়ু-স্থিতিস্থাপক শস্যৰ প্ৰকাৰ (climate-resilient crop varieties) বিকশিত কৰা হৈছে।
  • পুষ্টি কাৰ্যসূচীসমূহঃ
    • মাতৃ আৰু শিশুৰ পুষ্টিৰ বাবে সক্ষম অঙ্গনৱাড়ী (Saksham Anganwadi) আৰু পোষণ ২.০ (Poshan 2.0)ৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
    • স্কুলীয়া ল’ৰা-ছোৱালীৰ পুষ্টিকৰ প্ৰয়োজনীয়তাক লক্ষ্য কৰি মধ্যাহ্ন ভোজন আঁচনিখন (Mid-Day Meal Scheme) প্ৰৱৰ্তন কৰা হৈছিল।
  • বিশ্বব্যাপী অৱদানঃ
    • ভাৰতে মালাৱী, জাম্বিয়া আৰু জিম্বাবৱেক মানৱীয় সাহায্য (humanitarian aid) আগবঢ়াইছিল।

ক্ষুধা আৰু দৰিদ্ৰতাৰ বিৰুদ্ধে গোলকীয় মিত্ৰজোঁটৰ লক্ষ্য হৈছে অসমতা আৰু সম্পদৰ ব্যৱধানৰ দৰে অন্তৰ্নিহিত বিষয়বোৰ সমাধানৰ সমান্তৰালকৈ দৰিদ্ৰতা আৰু ক্ষুধা নিৰ্মূলকৰণৰ ক্ষেত্ৰত বিশ্বব্যাপী প্ৰচেষ্টাক একত্ৰিত কৰা। খাদ্য সুৰক্ষা আৰু দৰিদ্ৰতা নিৰ্মূলকৰণৰ ক্ষেত্ৰত ভাৰতে লাভ কৰা যথেষ্ট অগ্ৰগতিয়ে সমূহীয়া আন্তঃৰাষ্ট্ৰীয় পদক্ষেপৰ ক্ষেত্ৰত এক আদৰ্শ হিচাপে কাৰ্যনিৰ্বাহ কৰে।

Leave a Reply