চিকিউৰিটি এণ্ড গ্ৰ’থ ফ’ৰ অল ইন দ্য ৰিজিয়ন (সাগৰ)
SECURITY AND GROWTH FOR ALL IN THE REGION (SAGAR)

২০১৫ চনত আৰম্ভ কৰা ‘সাগৰ’এ ভাৰত মহাসাগৰীয় অঞ্চলত ভাৰতৰ আঞ্চলিক নিৰাপত্তা, বহনক্ষম উন্নয়ন আৰু সহযোগিতামূলক বিকাশ নিশ্চিতকৰণ দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰে।

মূল নীতিসমূহঃ

  • বিশ্বাস আৰু নিয়মাৱলীঃ আন্তৰ্জাতিক সামুদ্ৰিক আইন আৰু নিয়মাৱলীৰ প্ৰতি সন্মান।
  • সহযোগিতাঃ শান্তিপূৰ্ণ বিবাদ সমাধান আৰু ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা।
  • নীতি সংৰক্ষণঃ এক্ট ইষ্ট নীতি আৰু চুবুৰীয়া সৰ্ব-প্ৰথম নীতিৰ সৈতে সংযোগ স্থাপন কৰা।

ভাৰতৰ বাবে ভাৰত মহাসাগৰীয় অঞ্চলৰ (Indian Ocean Region (IOR)) গুৰুত্বঃ

  • অৰ্থনৈতিক প্ৰাণশক্তিঃ
    • আয়তনৰ দিশেৰে ভাৰত মহাসাগৰীয় অঞ্চলে ভাৰতৰ বাণিজ্যৰ ৯৫% আৰু মুঠ মূল্যমানৰ দিশেৰে ৬৮% অধিকাৰ কৰি আছে।
  • কৌশলগত গুৰুত্বঃ
    • বাণিজ্য আৰু শক্তি সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ মূল সামুদ্ৰিক চ’কপইণ্ট (chokepoints) (যেনে, মালাক্কা জলপ্ৰণালী) নিয়ন্ত্ৰণ কৰে।
  • প্ৰতিৰক্ষাজনিত ভূমিকাঃ
    • জলদস্যুতা আৰু আঞ্চলিক ভাবুকি প্ৰতিহত কৰাৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য বৃদ্ধি কৰে।
  • আঞ্চলিক প্ৰভাৱঃ
    • দক্ষিণ এছিয়া আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ নেতৃত্ব শক্তিশালী কৰে।

সাগৰ দৃষ্টিভংগীৰ সৈতে সংমিশ্ৰিত মুখ্য পদক্ষেপসমূহঃ

  • সমন্বিত উপকূলীয় নিৰীক্ষণ ব্যৱস্থা (Integrated Coastal Surveillance System (ICSS)) :
    • সামুদ্ৰিক ক্ষেত্ৰৰ সজাগতা বৃদ্ধিৰ বাবে মালদ্বীপৰ দৰে ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহত উপকূলীয় ৰাডাৰ স্থাপন কৰা হৈছে।
  • সামুদ্ৰিক অনুশীলনসমূহঃ
    • কাৰ্য্যকৰী সমন্বয় গঢ়ি তুলিবলৈ শ্ৰীলংকা, ছিচিলিছ আৰু ছিংগাপুৰৰ দৰে দেশসমূহৰ সৈতে যুটীয়া অনুশীলন অনুষ্ঠিত কৰা হ’ব ।
  • নৌবাহিনীৰ যৌথ-অংশীদাৰিত্বঃ
    • শ্ৰীলংকা, মালদ্বীপ, মৰিচাছ আৰু ছিচিলিছৰ সৈতে সহযোগিতা স্থাপন কৰা ।
    • ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সহযোগিতাৰ বাবে ভাৰত-ইণ্ডোনেছিয়া অংশীদাৰিত্ব অন্তৰ্ভুক্ত কৰা হৈছে।
  • সহযোগিতামূলক ব্যৱস্থাঃ
    • ভাৰত মহাসাগৰ ৰিম এছ’চিয়েশ্যন (Indian Ocean Rim Association (IORA)) আৰু ভাৰত মহাসাগৰ নৌসেনা সিম্পোজিয়াম (Indian Ocean Naval Symposium (IONS) ৰ দৰে মঞ্চৰ সৈতে জড়িত হোৱা।
  • দুৰ্যোগ প্ৰতিক্ৰিয়া আৰু সহায়ঃ
    • উদাহৰণঃ
      • মিছন সাগৰ (Mission Sagar) (২০২০) : ভাৰত মহাসাগৰীয় অঞ্চলস্থিত দেশসমূহলৈ ক’ভিড-১৯ সাহায্য আগবঢ়োৱা হৈছিল।
      • এম. ভি ৱাকাছিঅ’ অইল স্পিল (MV Wakashio Oil Spill) আৰু অপাৰেচন নীড় (Operation Neer) ৰ দৰে কাৰ্যক্ৰমৰ সময়ত খোৱা পানী যোগানৰ বাবে ভাৰতে সমৰ্থন আগবঢ়াই আহিছে।
  • বন্দৰ আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহঃ
    • সংযোগ আৰু বাণিজ্য বৃদ্ধিৰ বাবে মালদ্বীপৰ দৰে দেশসমূহত উন্নতি সাধন কৰা হ’ব ।
  • প্ৰকল্প মৌছম (Project Mausam) :
    • এই প্ৰকল্পই ভাৰত মহাসাগৰৰ সভ্যতা আৰু সামুদ্ৰিক পৰম্পৰাৰ ওপৰত মৌচুমী বতাহৰ প্ৰভাৱ অন্বেষণ কৰে।
  • তথ্য সংযোজন কেন্দ্ৰ-ভাৰত মহাসাগৰীয় অঞ্চল (Information Fusion Centre-IOR) :
    • এই কেন্দ্ৰটোৱে সামুদ্ৰিক পৰিবহন আৰু ভাবুকি অনুসৰণ কৰে, যাৰ ফলত বাস্তৱ-সময়ৰ তথ্যৰ আদান-প্ৰদান সম্ভৱ হয়।

ভাৰতৰ অভিলাষী ‘সাগৰ’ পদক্ষেপে উদীয়মান ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানসমূহক প্ৰতিহতকৰণৰ সমানকৈ ভাৰত মহাসাগৰীয় অঞ্চলত এক শান্তিপূৰ্ণ, অন্তৰ্ভুক্তিমূলক আৰু বহনক্ষম সামুদ্ৰিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত এক নিগুট সুৰক্ষা প্ৰদানকাৰীৰূপে ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।

Leave a Reply