২০১৫ চনত আৰম্ভ কৰা ‘সাগৰ’এ ভাৰত মহাসাগৰীয় অঞ্চলত ভাৰতৰ আঞ্চলিক নিৰাপত্তা, বহনক্ষম উন্নয়ন আৰু সহযোগিতামূলক বিকাশ নিশ্চিতকৰণ দৃষ্টিভংগীক প্ৰতিনিধিত্ব কৰে।
মূল নীতিসমূহঃ
- বিশ্বাস আৰু নিয়মাৱলীঃ আন্তৰ্জাতিক সামুদ্ৰিক আইন আৰু নিয়মাৱলীৰ প্ৰতি সন্মান।
- সহযোগিতাঃ শান্তিপূৰ্ণ বিবাদ সমাধান আৰু ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা।
- নীতি সংৰক্ষণঃ এক্ট ইষ্ট নীতি আৰু চুবুৰীয়া সৰ্ব-প্ৰথম নীতিৰ সৈতে সংযোগ স্থাপন কৰা।
ভাৰতৰ বাবে ভাৰত মহাসাগৰীয় অঞ্চলৰ (Indian Ocean Region (IOR)) গুৰুত্বঃ
- অৰ্থনৈতিক প্ৰাণশক্তিঃ
- আয়তনৰ দিশেৰে ভাৰত মহাসাগৰীয় অঞ্চলে ভাৰতৰ বাণিজ্যৰ ৯৫% আৰু মুঠ মূল্যমানৰ দিশেৰে ৬৮% অধিকাৰ কৰি আছে।
- কৌশলগত গুৰুত্বঃ
- বাণিজ্য আৰু শক্তি সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ মূল সামুদ্ৰিক চ’কপইণ্ট (chokepoints) (যেনে, মালাক্কা জলপ্ৰণালী) নিয়ন্ত্ৰণ কৰে।
- প্ৰতিৰক্ষাজনিত ভূমিকাঃ
- জলদস্যুতা আৰু আঞ্চলিক ভাবুকি প্ৰতিহত কৰাৰ ক্ষেত্ৰত ভাৰতৰ সামৰ্থ্য বৃদ্ধি কৰে।
- আঞ্চলিক প্ৰভাৱঃ
- দক্ষিণ এছিয়া আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ নেতৃত্ব শক্তিশালী কৰে।
সাগৰ দৃষ্টিভংগীৰ সৈতে সংমিশ্ৰিত মুখ্য পদক্ষেপসমূহঃ
- সমন্বিত উপকূলীয় নিৰীক্ষণ ব্যৱস্থা (Integrated Coastal Surveillance System (ICSS)) :
- সামুদ্ৰিক ক্ষেত্ৰৰ সজাগতা বৃদ্ধিৰ বাবে মালদ্বীপৰ দৰে ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহত উপকূলীয় ৰাডাৰ স্থাপন কৰা হৈছে।
- সামুদ্ৰিক অনুশীলনসমূহঃ
- কাৰ্য্যকৰী সমন্বয় গঢ়ি তুলিবলৈ শ্ৰীলংকা, ছিচিলিছ আৰু ছিংগাপুৰৰ দৰে দেশসমূহৰ সৈতে যুটীয়া অনুশীলন অনুষ্ঠিত কৰা হ’ব ।
- নৌবাহিনীৰ যৌথ-অংশীদাৰিত্বঃ
- শ্ৰীলংকা, মালদ্বীপ, মৰিচাছ আৰু ছিচিলিছৰ সৈতে সহযোগিতা স্থাপন কৰা ।
- ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সহযোগিতাৰ বাবে ভাৰত-ইণ্ডোনেছিয়া অংশীদাৰিত্ব অন্তৰ্ভুক্ত কৰা হৈছে।
- সহযোগিতামূলক ব্যৱস্থাঃ
- ভাৰত মহাসাগৰ ৰিম এছ’চিয়েশ্যন (Indian Ocean Rim Association (IORA)) আৰু ভাৰত মহাসাগৰ নৌসেনা সিম্পোজিয়াম (Indian Ocean Naval Symposium (IONS) ৰ দৰে মঞ্চৰ সৈতে জড়িত হোৱা।
- দুৰ্যোগ প্ৰতিক্ৰিয়া আৰু সহায়ঃ
- উদাহৰণঃ
- মিছন সাগৰ (Mission Sagar) (২০২০) : ভাৰত মহাসাগৰীয় অঞ্চলস্থিত দেশসমূহলৈ ক’ভিড-১৯ সাহায্য আগবঢ়োৱা হৈছিল।
- এম. ভি ৱাকাছিঅ’ অইল স্পিল (MV Wakashio Oil Spill) আৰু অপাৰেচন নীড় (Operation Neer) ৰ দৰে কাৰ্যক্ৰমৰ সময়ত খোৱা পানী যোগানৰ বাবে ভাৰতে সমৰ্থন আগবঢ়াই আহিছে।
- উদাহৰণঃ
- বন্দৰ আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহঃ
- সংযোগ আৰু বাণিজ্য বৃদ্ধিৰ বাবে মালদ্বীপৰ দৰে দেশসমূহত উন্নতি সাধন কৰা হ’ব ।
- প্ৰকল্প মৌছম (Project Mausam) :
- এই প্ৰকল্পই ভাৰত মহাসাগৰৰ সভ্যতা আৰু সামুদ্ৰিক পৰম্পৰাৰ ওপৰত মৌচুমী বতাহৰ প্ৰভাৱ অন্বেষণ কৰে।
- তথ্য সংযোজন কেন্দ্ৰ-ভাৰত মহাসাগৰীয় অঞ্চল (Information Fusion Centre-IOR) :
- এই কেন্দ্ৰটোৱে সামুদ্ৰিক পৰিবহন আৰু ভাবুকি অনুসৰণ কৰে, যাৰ ফলত বাস্তৱ-সময়ৰ তথ্যৰ আদান-প্ৰদান সম্ভৱ হয়।
ভাৰতৰ অভিলাষী ‘সাগৰ’ পদক্ষেপে উদীয়মান ভূ-ৰাজনৈতিক প্ৰত্যাহ্বানসমূহক প্ৰতিহতকৰণৰ সমানকৈ ভাৰত মহাসাগৰীয় অঞ্চলত এক শান্তিপূৰ্ণ, অন্তৰ্ভুক্তিমূলক আৰু বহনক্ষম সামুদ্ৰিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত এক নিগুট সুৰক্ষা প্ৰদানকাৰীৰূপে ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে।