২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ফ্ৰেমৱৰ্ক চুক্তি (framework agreement in 2015) স্বাক্ষৰ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে নাগালেণ্ড ছ’চিয়েলিষ্ট কাউন্সিল অৱ্ নাগালেণ্ড (National Socialist Council of Nagaland (NSCN-IM) (এনএছচিএন-আইএম)ৰ ইছাক-মুইভা নেতৃত্বাধীন গোটটোৱে “ভাৰতৰ বিৰুদ্ধে হিংসাত্মক সশস্ত্ৰ প্ৰতিৰোধ পুনৰ আৰম্ভ কৰাৰ” (resume violent armed resistance against India) ভাবুকি প্ৰদান কৰিছে।
ভাবুকিৰ কাৰণঃ
- এনএছচিএন-আইএম-এ অৱগত কৰে যে ভাৰত আৰু ইয়াৰ নেতৃত্বৰ “বিশ্বাসঘাতকতা আৰু প্ৰতিশ্ৰুতি ভংগ” (betrayal and breach of commitment) বোধ অনুভূত হোৱাৰ ফলত তেওঁলোকে এই ভাবুকি প্ৰদান কৰিছে।
- তেওঁলোকে দাবী কৰে যে ভাৰতে ২০১৫ চনৰ ৩ আগষ্টৰ ফ্ৰেমৱৰ্ক চুক্তিৰ আখৰ আৰু ভাৱধাৰাক সন্মান জনোৱা নাই।
নগাসকলৰ পটভূমি
- নৃগোষ্ঠীয় পৰিচয়ঃ নগাসকল হৈছে উত্তৰ-পূব ভাৰত আৰু ম্যানমাৰৰ চুবুৰীয়া অঞ্চলত বসবাস কৰা এক খিলঞ্জীয়া সম্প্ৰদায়, যাক খ্ৰীষ্টপূৰ্ব দশম শতিকাৰ আশে-পাশে প্ৰব্ৰজিত ইণ্ডো-মঙ্গোলয়ড (Indo-Mongoloids) বুলি বিশ্বাস কৰা হয়।
নগা বিদ্ৰোহৰ ঐতিহাসিক প্ৰসংগ
- ব্ৰিটিছ শাসনাধীন পৰ্যায় : ১৯ শতিকাত নগাসকলে প্ৰথমবাৰৰ বাবে ব্ৰিটিছ দখলৰ সৈতে বিদেশী শাসনৰ অভিজ্ঞতা লাভ কৰিছিল।
- দ্বিতীয় বিশ্বযুদ্ধকালীন পৰ্যায় : দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নগাসকলে ব্ৰিটিছ সৈন্যবাহিনীক সমৰ্থন আগবঢ়াইছিল।
- নগা নেশ্যনেল কাউন্সিল : ১৯৪৬ চনত স্থাপিত নগা নেশ্যনেল কাউন্সিলে (Naga National Council (NNC)) অসমৰ ৰাজ্যপালৰ সৈতে এক ন-দফীয়া চুক্তি স্বাক্ষৰ কৰি নগাসকলক তেওঁলোকৰ ভূখণ্ডৰ ওপৰত নিয়ন্ত্ৰণ প্ৰদান কৰিছিল।
- স্বাধীনতাৰ ঘোষণাঃ ১৯৪৭ চনৰ ১৪ আগষ্টত নগাসকলে স্বাধীনতা ঘোষণা কৰে।
- ১৯৫০-ৰ দশকত সশস্ত্ৰ আন্দোলনঃ ১৯৫২ চনত নগা ফেডাৰেল গভৰ্মেণ্ট (Naga Federal Government (NFG)) আৰু নগা ফেডাৰেল আৰ্মি (Naga Federal Army (NFA)) গঠন কৰি নগা নেশ্যনেল কাউন্সিলে নগা সাৰ্বভৌমত্ব আদায়ৰ বাবে হিংসাৰ আশ্রয় লৈছিল।
- এনএছচিএনৰ গঠনঃ শ্বিলং চুক্তি (Shillong Accord) (১৯৭৫)ৰ পিছত এনএনচি (NNC) এনএছচিএনলৈ (NSCN) বিভাজিত হৈছিল, যি পিছলৈ ১৯৮৮ চনত এনএছচিএন (আইএম) (NSCN (IM)) আৰু এনএছচিএন (খাপলাং) (NSCN (Khaplang)) হিচাপে দুটা গোটত বিভক্ত হৈছিল।
নগা বিদ্ৰোহৰ মূল বিষয়সমূহ
- বৃহত্তৰ নাগালিমৰ (Greater Nagalim) দাবীঃ নগা সশস্ত্ৰ গোটসমূহে সাৰ্বভৌম ৰাষ্ট্ৰৰ লক্ষ্যৰে অৰুণাচল প্ৰদেশ, মণিপুৰ, অসম আৰু ম্যানমাৰৰ কিছু অংশ সামৰি এক একত্ৰিত নগা ভূখণ্ডৰ দাবী উত্থাপন কৰি আহিছে।
- স্বতন্ত্ৰ পৰিচয় (Distinct Identity) : এই দাবীৰ ভিতৰত আছে পৃথক নগা য়েজাবো (Naga Yezabo) (সংবিধান) আৰু ৰাষ্ট্ৰীয় পতাকা।
শান্তিৰ পদক্ষেপসমূহ
- শ্বিলং চুক্তি (১৯৭৫) : এই চুক্তিৰ লক্ষ্য আছিল এনএনচিক নিৰস্ত্ৰ কৰা । পিছে ভিন্নমতৰ ফলত এই সংগঠনটোত বিভাজন হৈছিল।
- যুদ্ধবিৰতি চুক্তি (Ceasefire Agreement) (১৯৯৭) : এনএছচিএন-আইএম-এ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ চৰকাৰৰ বিদ্ৰোহ-দমনৰ অভিযান প্ৰত্যাহাৰৰ প্ৰতিশ্ৰুতিৰে যুদ্ধবিৰতিৰ বাবে সন্মত হৈছিল।
- ফ্ৰেমৱৰ্ক চুক্তি (Framework Agreement) (২০১৫) : ভাৰত চৰকাৰে এনএছচিএন-আইএমৰ সৈতে স্বাক্ষৰিত এক চুক্তিত নগাসকলৰ অনন্য ইতিহাস, সংস্কৃতি আৰু আকাংক্ষাক স্বীকৃতি প্ৰদান কৰিছিল।
নগা বিদ্ৰোহ হৈছে ভাৰতৰ দীৰ্ঘদিনীয়া জাতিগত সংঘৰ্ষৰ ভিতৰত এক অন্যতম। উল্লেখযোগ্য যে ১৯৪০ চনৰ পৰা বিভিন্ন নগাগোটে এক সাৰ্বভৌম নগা মাতৃভূমিৰ দাবী উত্থাপন কৰি অহাৰ ধাৰাবাহিকতাই নগা বিদ্ৰোহৰ বাট মুকলি কৰিছিল। ২০১৫ চনৰ নগা চুক্তিৰ দৰে শান্তি চুক্তি স্থাপিত হোৱা স্বত্বেও, বিদ্ৰোহী গোটসমূহৰ মাজৰ স্ব-বিভাজন আৰু আঞ্চলিক একত্ৰীকৰণ আৰু ৰাজনৈতিক স্বতন্ত্ৰতাক লৈ বিদ্যমান মতানৈক্যৰ বাবে এইক্ষেত্ৰত শান্তি স্থাপনৰ প্ৰত্যাহ্বান এতিয়াও বিৰাজমান।