নাগৰিকত্ব আইনৰ ৬ (ক) ধাৰা
SECTION 6A OF THE CITIZENSHIP ACT

পটভূমিঃ অসম চুক্তি আৰু ৬ (ক) ধাৰাৰ প্ৰৱৰ্তন

  • ভাৰত চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ মাজত স্বাক্ষৰিত অসম চুক্তিৰ পিছত ১৯৮৫ চনত নাগৰিকত্ব আইনত ৬ (ক) ধাৰা যোগ কৰা হৈছিল।
  • অসম চুক্তি আছিল বাংলাদেশৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে ছবছৰজুৰি অব্যাহত থকা অসমৰ আন্দোলনৰ প্ৰতিফল।
  • অসম চুক্তিৰ ৫ নং দফাত ১৯৬৬ চনৰ ১ জানুৱাৰীক “বিদেশী” (foreigners) চিনাক্তকৰণৰ বাবে কাট-অফ (cut -off) হিচাপে নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু ১৯৭১ চনৰ ২৪ মাৰ্চৰ আগতে অসমলৈ অহা বিদেশী প্ৰব্ৰজনকাৰীসকলৰ বাবে ভাৰতীয় নাগৰিকত্ব নিয়মিতকৰণৰ অনুমতি প্ৰদান কয়া হৈছিল।

নাগৰিকত্ব আইনৰ ৬(ক) ধাৰাই কি বিধি আগবঢ়ায় ?

  • ১৯৬৬ চনৰ ১ জানুৱাৰীৰ আগতে অসমত প্ৰৱেশ কৰা আৰু তেতিয়াৰ পৰা থকা ভাৰতীয় মূলৰ লোকসকলক ভাৰতীয় নাগৰিক বুলি গণ্য কৰা হয়।
  • ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অসমলৈ অহা বিদেশী প্ৰব্ৰজনকাৰীসকলে কেন্দ্ৰীয় নিয়মৰ অধীনত পঞ্জীয়ন কৰিব লাগিব। তেওঁলোকে নাগৰিকত্বৰ অধিকাৰ লাভ কৰে কিন্তু প্ৰাৰম্ভিক দহ বছৰলৈ ভোটদান কৰিব নোৱাৰে। 
  • ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা প্ৰব্ৰজনকাৰীসকলক অবৈধ বুলি গণ্য কৰা হ’ব।

Leave a Reply