ন্যায়িক সক্ৰিয়তা বনাম ন্যায়িক অতি-স্পৰ্শতা
JUDICIAL ACTIVISM VS OVERREACH

উচ্চতম ন্যায়ালয়ে অপৰাধ সংঘটিত কৰাৰ অভিযোগত অভিযুক্ত ব্যক্তিসকলৰ সম্পত্তি ধ্বংস কৰাৰ বাবে বুলড’জাৰৰ ব্যৱহাৰক সমালোচনা কৰি গুৰুত্ব আৰোপ কৰি কয় যে কাৰ্যপালিকাই সঠিক প্ৰক্ৰিয়া অবিহনে এজন ব্যক্তিৰ সম্পত্তি ধ্বংস কৰি দণ্ডাধিকাৰী আৰু বলৱৎকাৰী উভয় ভূমিকাত হিচাপে কাৰ্য সম্পাদন কৰিব নোৱাৰে।

উদাহৰণ গোচৰঃ এই ৰায় জাভেদ মহম্মদৰ গোচৰৰ সৈতে প্ৰাসংগিক । ২০২২ চনৰ প্ৰয়াগৰাজ হিংসাত্মক ঘটনাত জাভেদ মহম্মদ গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁৰ সম্পত্তি ধ্বংস কৰা হৈছিল।

ন্যায়িক সক্ৰিয়তা বনাম ন্যায়িক অতি-স্পৰ্শতা

  • ন্যায়িক সক্ৰিয়তাঃ
    • ইয়াত ন্যায়াধীশসকলে বিস্তৃত সামাজিক সমস্যাবোৰ সমাধান কৰিবলৈ বিধান তথা আইনসমূহ সক্ৰিয়ভাৱে ব্যাখ্যা কৰে।
    • ইয়াৰ জৰিয়তে আইনৰ অস্পষ্ট আৱৰ্তত ৰৈ যোৱা ব্যৱধান (সুৰুঙা) পূৰণৰ অৰ্থে বিধিবদ্ধ অধিকাৰ সম্প্ৰসাৰণ বা সীমিত কৰিব পাৰে।
  • ন্যায়িক অতি-স্পৰ্শতা:
    • ইয়াত ন্যায়পালিকাই ইয়াৰ নিৰ্দিষ্ট কৰ্তৃত্ব অতিক্ৰম কৰি চৰকাৰৰ অন্যান্য শাখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।
    • ই ক্ষমতাৰ ভাৰসাম্য ব্যাহত কৰিব পাৰে আৰু ক্ষমতাৰ পৃথকীকৰণক দুৰ্বল কৰিব পাৰে।

ন্যায়িক সক্ৰিয়তাৰ গোচৰসমূহ

  • কেশৱানন্দ ভাৰতী গোচৰ (১৯৭৩): এই গোচৰৰ ৰায়ান ন্যায়পালিকাই বিধানপালিকাৰ সাংবিধানিক সংশোধনী ক্ষমতা সীমিত কৰি “মৌলিক গাঁথনি মতবাদ” প্ৰতিষ্ঠা কৰিছিল।
  • মানেকা গান্ধী গোচৰ (১৯৭৮): এই গোচৰৰ ৰায়দানত সঠিক প্ৰক্ৰিয়াৰে বিদেশ ভ্ৰমণৰ অধিকাৰ অন্তৰ্ভুক্ত কৰিবলৈ “ব্যক্তিগত স্বাধীনতা” (personal liberty) সম্প্ৰসাৰিত কৰিছিল।
  • বিশাখা নিৰ্দেশনা (১৯৯৭): ইয়াৰ দ্বাৰা ন্যায়ালয়ে কাৰ্যপালিকাক আইনৰ অনুপস্থিতিত কৰ্মক্ষেত্ৰত যৌন হাৰাশাস্তি প্ৰতিৰোধৰ বাবে নীতি নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল।
  • নালছা (NALSA) গোচৰ (২০১৪): ইয়াৰ দ্বাৰা ন্যায়ালয়ে তৃতীয়-লিংগৰ ব্যক্তিসকলৰ লিংগ চিনাক্তকৰণৰ স্ব-অধিকাৰ নিশ্চিত কৰিছিল।

ন্যায়িক অতি-স্পৰ্শতা সংক্ৰান্তীয় গোচৰসমূহ

  • চিনেমাত ৰাষ্ট্ৰীয় সংগীত (২০১৬) : ছবিগৃহত ৰাষ্ট্ৰীয় সংগীতৰ বাধ্যতামূলক পৰিৱেশন সম্বন্ধীয় ন্যায়িক নিৰ্দেশনাই ন্যায়িক অধিকাৰৰ পৰিসৰ অতিক্ৰম কৰা বুলি গণ্য কৰা হয়।
  • সুৰা নিষিদ্ধকৰণ (২০১৭) : ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন এক প্ৰশাসনিক বিষয় ‘সুৰা’ৰ ওপৰত ন্যায়িক অতি-স্পৰ্শতাৰ জৰিয়তে ন্যায়ালয়ে ঘাইপথৰ ওচৰত সুৰাৰ বিক্ৰী সীমিত কৰিছিল।
  • আতচবাজীৰ সীমাবদ্ধতা (২০১৭) : স্পষ্ট আইনী ভিত্তি অবিহনে ন্যায়ালয়ে দীপাৱলীৰ সময়ত আতচবাজী প্ৰজ্বলনৰ ওপৰত প্ৰতিবন্ধকতা নিৰ্ধাৰণ কৰিছিল।
  • বাহন নিৰ্গমন মানদণ্ড (২০১৮) : চৰকাৰী নিয়ন্ত্ৰক কৰ্তৃপক্ষত হস্তক্ষেপ কৰি ন্যায়ালয়ে বিএছ-৬ (BS -VI) বাহনৰ আদেশ বলৱৎ কৰিছিল।

ন্যায়িক সক্ৰিয়তাৰ গুৰুত্ব

  • ব্যক্তিগত অধিকাৰৰ সুৰক্ষা : সংখ্যালঘু আৰু ব্যক্তিসকলক বৈষম্যমূলক আইনৰ বিৰুদ্ধে ৰক্ষা কৰে (যেনে, বিশাখা গোচৰৰ ৰায়দানে উৎপীড়ন বিৰোধী আইনৰ (anti-harassment law) ভিত্তি সবল কৰিছিল)
  • আইনৰ শাসনৰ প্ৰচাৰ : ন্যায়িক সক্ৰিয়তাই চৰকাৰী কাৰ্যকলাপবোৰ সাংবিধানিক সীমাৰ সৈতে সংগতি ৰখাটো নিশ্চিত কৰে।
  • গণতন্ত্ৰ শক্তিশালীকৰণ : ন্যায়িক সক্ৰিয়তাই চৰকাৰক দায়বদ্ধ কৰি ৰাখে, ক্ষমতাৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰে।
  • সামাজিক পৰিৱৰ্তনক উৎসাহিতকৰণ : ভৱিষ্যতৰ আইন তথা বিধানক প্ৰভাৱিত কৰা মূল সামাজিক সমস্যাবোৰ সম্বোধন কৰে (যেনে, নালছা গোচৰৰ ৰায়দানে তৃতীয়-লৈংগিক ব্যক্তিৰ অধিকাৰ বিধান (transgender rights legislation) পট পৰিৱৰ্তন কৰিছিল)
  • সংবিধানৰ অভিযোজিত ব্যাখ্যা : আধুনিক আৰু বিৱৰ্তমান বিষয়সমূহত ন্যায়িক সক্ৰিয়তাই সাংবিধানিক প্ৰাসংগিকতা নিশ্চিত কৰে।
  • চৰকাৰী ক্ষমতাৰ ভাৰসাম্য ৰক্ষা : ই বিধানপালিকা আৰু কাৰ্যপালিকাৰ অতি-স্পৰ্শতা সীমিত কৰে (যেনে, কেশৱানন্দ ভাৰতী গোচৰে “মৌলিক গাঁথনি” সংজ্ঞায়িত কৰিছে)

ন্যায়িক অতি-স্পৰ্শতাৰ সমালোচনা

  • ক্ষমতাৰ পৃথকীকৰণক অৱজ্ঞা : ন্যায়িক অতি-স্পৰ্শতাই চৰকাৰী শাখাৰ মাজত ভাৰসাম্য ভংগ কৰে।
  • ন্যায় ব্যৱস্থাৰ গতি হ্ৰাসকৰণ : ই গোচৰৰ বকেয়া আৰু বিলম্ব বৃদ্ধি কৰে।
  • ন্যায়পালিকাৰ ওপৰত অত্যাধিক বোজা : ই ন্যায়পালিকাৰ ওপৰত চাপ বৃদ্ধি কৰে। ফলত ন্যায়পালিকাৰ মানদণ্ডৰ অৱক্ষয়ৰ আশংকা কঢ়িয়াই আনে।
  • দায়বদ্ধতাৰ অভাৱঃ ই ন্যায়িক পদক্ষেপ পৰীক্ষণৰ বাবে সীমিত ব্যৱস্থা গ্ৰহণক সূচায়।
  • সীমিত বিশেষজ্ঞতাঃ ন্যায়াধীশ বা দণ্ডাধিকাৰীসকলৰো নীতিগত জ্ঞানৰ অভাৱ হ’ব পাৰে। ফলত সংশ্লিষ্ট ন্যায়িক কৰ্তৃপক্ষই অল্প-জ্ঞাত বা অজ্ঞ সিদ্ধান্ত লোৱাৰ আশংকা থাকে।
  • আইনী অনিশ্চয়তা সৃষ্টি কৰেঃ ই বিধান তথা আইনৰ অনুমানযোগ্যতা হ্ৰাস কৰে, ন্যায়িক পৰিকল্পনাক প্ৰভাৱিত কৰে।
  • দুৰ্বল ৰাজহুৱা বিশ্বাসঃ ন্যায়িক অতি-স্পৰ্শতাই ন্যায়িক নিৰপেক্ষতাৰ ওপৰত অবিশ্বাসৰ সৃষ্টি কৰিব পাৰে।

ন্যায়িক সক্ৰিয়তা আৰু ন্যায়িক অতি-স্পৰ্শতাৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ, প্ৰতিটো গোচৰৰ প্ৰসঙ্গই সিদ্ধান্তবোৰ নিৰ্দেশনা কৰিব লাগে, ন্যায়পালিকাই নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বজাই ৰখাটো নিশ্চিত কৰিব লাগে।

Leave a Reply