প্ৰধানমন্ত্ৰী-বিদ্যালক্ষ্মী
PM-VIDYALAXMI

২০২৪ চনৰ ৬ নৱেম্বৰত কেন্দ্ৰীয় কেবিনেটে উচ্চ শিক্ষা গ্ৰহণ কৰা যোগ্য ছাত্ৰ-ছাত্ৰীসকলক বিত্তীয় সাহায্য প্ৰদানৰ বাবে প্ৰস্তুত কৰা এক কেন্দ্ৰীয় খণ্ডৰ পদক্ষেপ (Central Sector initiative) প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিত অনুমোদন জনাইছিল।

প্ৰধানমন্ত্ৰী বিদ্যালয়লক্ষ্মী আঁচনি

  • উদ্দেশ্যঃ প্ৰতিভাশালী শিক্ষাৰ্থীসকলৰ বাবে বিত্তীয় বাধা দূৰ কৰা, মানসম্পন্ন উচ্চ শিক্ষাৰ বাবে ন্যায়সংগত প্ৰৱেশাধিকাৰ নিশ্চিত কৰা।
  • যোগ্যতাঃ এন.আই.আৰ.এফ. (NIRF)ৰ ৰেংকিং অনুসৰি ভাৰতৰ শীৰ্ষ ৮৬০ খন উচ্চ শিক্ষা প্ৰতিষ্ঠানত ((HEIs)) নামভৰ্তি কৰা শিক্ষাৰ্থীসকল এই আঁচনিৰ বাবে যোগ্য বিবেচিত হ’ব। ই বছৰি ২২ লাখৰো অধিক শিক্ষাৰ্থীক উপকৃত কৰিব।
  • ঋণৰ বৈশিষ্ট্যঃ ব্যৱহাৰকাৰী-অনুকূল ডিজিটেল আবেন প্ৰক্ৰিয়াৰ জৰিয়তে বন্ধক-মুক্ত (collateral-free), গেৰাণ্টাৰ-মুক্ত (guarantor-free) শিক্ষা ঋণ প্ৰদান কৰে।
  • ঋণ নিশ্চিতি (Credit Guarantee) : কেন্দ্ৰীয় চৰকাৰে ₹ ৭.৫ লাখ পৰ্যন্ত ঋণৰ ওপৰত ৭৫% ঋণ নিশ্চিতি প্ৰদান কৰে, বেংকসমূহক ঋণ বৃদ্ধি কৰিবলৈ উৎসাহিত কৰে।
  • সুতৰ ৰেহাইঃ
    • বছৰি ৮ লাখ টকালৈকে উপাৰ্জন কৰা পৰিয়ালে ১০ লাখ টকালৈকে ঋণত ৩% সুতৰ ৰাজসাহায্য লাভ কৰে।
    • পিএম-ইউএছপি (PM-USP) আঁচনিৰ অধীনত ৪.৫ লাখ টকালৈকে উপাৰ্জন কৰা পৰিয়ালৰ শিক্ষাৰ্থীসকলৰ বাবে সম্পূৰ্ণ সুতৰ ৰাজসাহায্য উপলব্ধ।
  • পৰিপূৰক আঁচনিসমূহঃ এই আঁচনিয়ে পিএম-ইউএছপিৰ অধীনত চিএছআইএছ (CSIS) আৰু চিজিএফএছইএলৰ (CGFSEL) দৰে সাম্প্ৰতিক পদক্ষেপসমূহৰ সৈতে সংগতি ৰাখি অনুমোদিত উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহত কাৰিকৰী আৰু পেছাদাৰী পাঠ্যক্ৰমসমূহৰ বাবে ব্যাপক সমৰ্থন আগবঢায়।
  • অন্তৰ্ভুক্তিমূলক আয় পৰিসীমাঃ কেৱল নিম্ন আয়ৰ গোটসমূহক লক্ষ্য কৰি লোৱা পূৰ্বৰ আঁচনিসমূহৰ বিপৰীতে মধ্যম আয়ৰ পৰিয়ালসমূহলৈ (৮ লাখ টকা পৰ্যন্ত বাৰ্ষিক আয়) লাভালাভ সম্প্ৰসাৰিত কৰা হয়।
  • বৰ্ধিত সুতৰ ৰেহাইঃ দেনাস্থগিতকালৰ (moratorium) সময়ছোৱাত ১০ লাখ টকালৈকে ঋণৰ বাবে ৩% ৰাজসাহায্য প্ৰদান কৰা হয়, যাৰ ফলত প্ৰতি বছৰে প্ৰায় ১ লাখ ছাত্ৰ-ছাত্ৰী প্ৰত্যক্ষভাৱে উপকৃত হয়।
  • নিৰ্বাচিত প্ৰতিষ্ঠানৰ যোগ্যতাঃ নেক (NAAC) বা এনবিএ (NBA) স্বীকৃতিৰ দৰে বহুল স্বীকৃত মানদণ্ডৰ পৰা আঁতৰি, আঁচনিৰ অধীনস্থ যোগ্য প্ৰতিষ্ঠানসমূহৰ তালিকা এনআইআৰএফ (NIRF) মান্যতাযুক্ত শীৰ্ষ ৮৬০ খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ মাজত সীমাবদ্ধ কৰে।
  • গুণগত মানৰ ওপৰত গুৰুত্ব আৰোপ : উচ্চ পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহক অগ্ৰাধিকাৰ দিয়া, উন্নত মানদণ্ডৰ শিক্ষাৰ সৈতে যোগ্য প্ৰতিষ্ঠানসমূহৰ এক ক্ষুদ্ৰ থুপ নিশ্চিত কৰা।
  • সুবিন্যস্ত প্ৰক্ৰিয়াঃ সৰলীকৃত ঋণ আবেদন, অনুসৰণ বা ট্ৰেকিং, আৰু আগশাৰীৰ ৰাজহুৱা আৰু ব্যক্তিগত বেংকৰ সৈতে একত্ৰীকৰণৰ বাবে বিদ্যালক্ষ্মী প’ৰ্টেল ব্যৱহাৰ কৰা হ’ব।
  • পুঁজি যোগান আৰু প্ৰভাৱঃ ২২ লাখ ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ লক্ষ্যৰে ২০২৪-২০৩১ চনৰ ভিতৰত ৩,৬০০ কোটি টকা আৱণ্টন কৰা হৈছে।

এই আঁচনিখনে মানদণ্ড-কেন্দ্ৰিক বিত্তীয় সাহায্যৰ দিশত এক পৰিৱৰ্তনৰ প্ৰতিনিধিত্ব কৰে, সৰলতা, অন্তৰ্ভুক্তি, আৰু শীৰ্ষ প্ৰতিষ্ঠানসমূহত অধ‌্যয়নৰত শিক্ষাৰ্থীসকলৰ বাবে লক্ষ্যযুক্ত সমৰ্থনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Leave a Reply