পৰীক্ষাৰ অনৈতিক পন্থা
EXAM MALPRACTICE

ইছৰোৰ প্ৰাক্তন অধ্যক্ষ কে ৰাধাকৃষ্ণণৰ নেতৃত্বত গঠিত সাতজনীয়া সমিতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষা “স্বচ্ছ, মসৃণ আৰু নিৰপেক্ষ” (“transparent, smooth and fair”) পদ্ধতিৰে অনুষ্ঠিত কৰাৰ বাবে শিক্ষা মন্ত্ৰালয়ক ১০১টা পৰামৰ্শ আগবঢ়াইছে।

পৰীক্ষাত অৱলম্বিত অনৈতিক পন্থা/আচৰণৰ কাৰণসমূহ

  • উচ্চ স্তৰঃ শীৰ্ষ প্ৰতিষ্ঠানসমূহত নামভৰ্তি নিৰ্ধাৰণ কৰা নীট (NEET) আৰু জেইই (JEE)ৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাই প্ৰায়ে ব্যক্তিসকলক অনৈতিক অনুশীলনৰ ফালে চালিত কৰে।
  • দুৰ্বল ব্যৱস্থাঃ আউটছ’ৰ্চ সংস্থা আৰু দুৰ্বল ডিজিটেল আন্তঃগাঁথনিৰ ওপৰত নিৰ্ভৰশীলতাই এনে কাৰ্যৰ বাভে সুৰুঙাৰ সৃষ্টি কৰে।
  • দুৰ্বল নিৰীক্ষণঃ পৰীক্ষা কেন্দ্ৰসমূহত পৰ্যাপ্ত নিৰীক্ষণৰ অভাৱে এনে অনৈতিক কাৰ্যকলাপ সম্ভৱ কৰি তোলে।
  • দুৰ্নীতি আৰু মিত্ৰতাঃ আভ্যন্তৰীণ সম্পৰ্ক আৰু ব্যক্তিগত সেৱা প্ৰদানকাৰীসকলে ছিদ্ৰ আৰু অনিয়মত অৰিহণা যোগায়।
  • প্ৰযুক্তিগত অপব্যৱহাৰঃ উন্নত প্ৰতাৰণা সঁজুলিৰ ব্যৱহাৰ আৰু অনলাইন প্ৰণালীৰ হেকিঙৰ ফলত অপব্যৱহাৰ সহজ হয়।

২০২৪ চনত শেহতীয়া পৰীক্ষাৰ কেলেংকাৰীসমূহ

  • নীট-ইউজি পৰীক্ষা (NEET-UG)ৰ প্ৰশ্নকাকত বাতিল : প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ ফলত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (NTA) ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল।
  • ইউজিচি-নেট (UGC-NET) পৰীক্ষাৰ অৰাজক ব্যৱস্থাপনাঃ অৰাজক ব্যৱস্থাপনাৰ দাবী আৰু পৰীক্ষা কেন্দ্ৰসমূহৰ সন্দেহজনক বিতৰণে পৰীক্ষাৰ বিশুদ্ধতা সন্দৰ্ভত উদ্বেগৰ সৃষ্টি কৰিছিল।
  • বংগ লোকসেৱা আয়োগৰ পৰীক্ষাৰ কেলেংকাৰী : প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াত প্ৰশ্নকাকত ফাদিল আৰু হেৰফেৰৰ অভিযোগসমূহে নিযুক্তিৰ অনিয়মক আলোকপাত কৰিছিল।

ৰাধাকৃষ্ণন সমিতিৰ মূল পৰামৰ্শসমূহ

  • ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ ভূমিকা সীমিতকৰণ : প্ৰৱেশ পৰীক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ দায়িত্ব সীমিত কৰাৰ লগতে বাহ্যিক সংস্থাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ ওপৰত এই সমিতিয়ে
  • স্থানীয় অংশগ্ৰহণ বৃদ্ধি কৰা : নিৰ্বাচন ব্যৱস্থাপনা পদ্ধতিৰ দৰে পৰীক্ষা প্ৰক্ৰিয়াত ৰাজ্য আৰু জিলা পৰ্যায়ৰ বিষয়াসকলক জড়িত কৰা উচিত।
  • বহু-পৰ্যায়ৰ পৰীক্ষা গ্ৰহণ কৰা : ৰাধাকৃষ্ণণ সমিতিয়ে নিৰপেক্ষতা নিশ্চিত কৰিবলৈ আৰু নিৰাপত্তা শক্তিশালী কৰিবলৈ অভিযোজিত আৰু বহু-পৰ্যায়যুক্ত পৰীক্ষাৰ আৰ্হি প্ৰৱৰ্তন কৰাৰ পৰামৰ্শ আগবঢ়াইছে।
  • ডিজিটেল আন্তঃগাঁথনিঃ এবছৰৰ ভিতৰত দেশজুৰি ৪০০-৫০০ কম্পিউটাৰ ভিত্তিক পৰীক্ষা কেন্দ্ৰ বিকশিত কৰা।
  • সুৰক্ষা ব্যৱস্থাৰ উৎকৰ্ষ সাধন : ছীল কৰা পৰীক্ষা কেন্দ্ৰ, চি.চি.টি.ভি. নিৰীক্ষণ, আৰু প্ৰশ্নপত্ৰৰ বাবে সুৰক্ষিত পৰিবহণৰ দৰে ব্যৱস্থা ৰূপায়ণ কৰা।
  • বায়োমেট্রিক (Biometric) প্ৰমাণীকৰণঃ বায়োমেট্রিক্সৰ জৰিয়তে শক্তিশালী প্ৰাৰ্থীৰ প্ৰমাণীকৰণৰ বাবে ডিজিটেল-পৰীক্ষা প্ৰণালী ব্যৱহাৰ কৰা।
  • সুষম মানদণ্ডঃ সমগ্ৰ প্ৰতিষ্ঠানসমূহত যোগ্যতাৰ মাপকাঠি, নামভৰ্তি প্ৰক্ৰিয়া আৰু পৰীক্ষা পদ্ধতিৰ মান নিৰ্ধাৰণ কৰা।

ৰাজহুৱা পৰীক্ষা (অন্যায় উপায় প্ৰতিৰোধ) আইন, ২০২৪ (Public Examinations (Prevention of Unfair Means) Act, 2024) (ৰাষ্ট্ৰীয় পৰ্যায়)

  • উদ্দেশ্যঃ পৰীক্ষাত অপব্যৱহাৰ প্ৰতিৰোধ কৰা, স্বচ্ছতা বৃদ্ধি কৰা আৰু ভাৰতত ৰাজহুৱা পৰীক্ষাৰ অখণ্ডতা সুৰক্ষিত কৰা।
  • পৰিসৰঃ ইয়াত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষা যেনে নীট, জেইই, ইউজিচি-নেটৰ লগতে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আৰু প্ৰতিযোগিতামূলক পৰীক্ষা অন্তৰ্ভুক্ত কৰা হৈছে।
  • শাস্তিঃ প্ৰতাৰণা, ছদ্মৱেশী পৰিক্ষাৰ্থী, বা প্ৰশ্নকাকত ফাদিলৰ দৰে অপৰাধৰ বাবে ১০ বছৰলৈকে কাৰাদণ্ড আৰু ১০ লাখ টকালৈকে জৰিমনাকে ধৰি কঠোৰ পৰিণাম আৰোপ কৰা হয়।
  • দায়বদ্ধতাঃ এই আইনে পৰীক্ষাৰ আয়োজক আৰু সেৱা প্ৰদানকাৰীসকলক যিকোনো ত্ৰুটিৰ বাবে দায়বদ্ধ কৰে, বায়োমেট্রিক প্ৰমাণীকৰণ আৰু চি. চি. টি. ভি. নিৰীক্ষণৰ দৰে ব্যৱস্থাসমূহ বাধ্যতামূলক কৰে।

অসম ৰাজহুৱা পৰীক্ষা (অন্যায় উপায় প্ৰতিৰোধ) আইন, ২০২৪ (The Assam Public Examinations (Prevention of Unfair Means) Act, 2024)

  • অনুপযুক্ত উপায়ঃ প্ৰতাৰণা, ছদ্মৱেশ, কাগজ লিক, আৰু মেৰিট তালিকাৰ সৈতে টেম্পাৰিং অন্তৰ্ভুক্ত।
  • জৰিমনাঃ গুৰুতৰ অপৰাধৰ বাবে ৩-১০ বছৰৰ কাৰাদণ্ড আৰু ১ কোটি টকালৈকে জৰিমনা বিহাৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে।
  • সেৱা প্ৰদানকাৰীঃ প্ৰতাৰণাৰ সুবিধা প্ৰদান কৰাসকলৰ বাবে ১ কোটি টকালৈকে জৰিমনা আৰু ৪ বছৰৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
  • সংগঠিত অপৰাধঃ সংগঠিত প্ৰৱঞ্চনাৰ বাবে কঠোৰ শাস্তি বিহাৰ বিধান সন্নিৱিষ্ট আছে। ইয়াৰ ভিতৰত সম্পত্তি বাজেয়াপ্ত কৰাও অন্তৰ্ভুক্ত আছে।
  • কৰ্তৃত্বধাৰী ক্ষমতাঃ পৰীক্ষা অনুষ্ঠিত কৰা কৰ্তৃপক্ষৰ হাতত আকস্মিক তালাচী, যন্ত্ৰ (বা আহিলা) জব্দ কৰা, আৰু ক্ৰছ-এজেন্সি (cross-agency) সমন্বয় সাধন আদি ক্ষমতা অন্তৰ্ভুক্ত আছে।
  • বিশেষ আদালতঃ দ্ৰুত বিচাৰ প্ৰক্ৰিয়া আৰু জনসাধাৰণৰ সজাগতা অভিযানৰ বাবে বিশেষ আদালত স্থাপন কৰা হ’ব।

Leave a Reply