বন্দীসকলৰ বৈদ্যুতিক নিৰীক্ষণ
ELECTRONIC MONITORING OF PRISONERS

উচ্চতম ন্যায়ালয়ৰ গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰই “ভাৰতত কাৰাগাৰঃ কাৰাগাৰ হাতপুথিৰ মানচিত্ৰণ আৰু সংস্কাৰ আৰু ভিৰ হ্ৰাসৰ বাবে ব্যৱস্থা” (“Prisons in India: Mapping Prison Manuals and Measures for Reformation and Decongestion.) শীৰ্ষক এক প্ৰতিবেদন প্ৰকাশ কৰিছিল।

  • ইয়াত কাৰাগাৰত বন্দীসকলৰ অত্যধিক ভিৰ দূৰ কৰিবলৈ আৰু সংস্কাৰ উন্নত কৰিবলৈ বন্দীসকলৰ ইলেক্ট্ৰনিক মাধ্যমগত অনুসৰণৰ বিষয়ে আলোচনা হৈছে।

বন্দীসকলৰ ইলেক্ট্ৰনিক নিৰীক্ষণৰ সুবিধা

  • ই কাৰাগাৰসমূহত বন্দীৰ অত্যধিক ভিৰ হ্ৰাস কৰে :
    • অত্যধিক ভিৰ থকা কাৰাগাৰৰ ওপৰত বোজা হ্ৰাস কৰে, কিয়নো বেছিভাগ বন্দী বিচাৰাধীন অৱস্থাতে কাৰাগাৰত থাকে।
  • ব্যয়বহুলতা :
    • শাৰীৰিক কাৰাবাসৰ তুলনাত প্ৰতি মাহে প্ৰতিজন বন্দীৰ বাবে প্ৰায় ১০,০০০ পৰা ১৫,০০০ টকা ৰাহি হয়।
  • দক্ষতা বৃদ্ধি :
    • ই বিচাৰাধীনসকলক পৰিচালনা কৰাৰ বাবে প্ৰয়োজনীয় প্ৰশাসনিক আৰু মানৱ সম্পদক কৰ্মবোজাৰ পৰা মুকলি কৰে।
  • নিৰীক্ষণ উন্নীতকৰণ :
    • নিৰন্তৰ অনুসৰণ প্ৰদান কৰে, দায়বদ্ধতা নিশ্চিত কৰে আৰু পলায়নৰ আশংকা হ্ৰাস কৰে।
  • চৰ্তসাপেক্ষ স্বাধীনতা সক্ষম কৰা :
    • জামিন বা পেৰলত থকা বন্দীসকলক নিৰীক্ষণৰ সমান্তৰালকৈ সমাজৰ সৈতে সম্পৰ্ক বজাই ৰাখিবলৈ অনুমতি দিয়ে।
  • পুনৰ্বাসনৰ ওপৰত গুৰুত্ব
    • ই বন্দী সকলক সমাজত পুনৰ একত্ৰীকৰণৰ সুবিধা প্ৰদান কৰে, কিয়নো বন্দীসকলে ইলেকট্ৰনিক মাধ্যমেৰে অনুসৰণ কৰাৰ সময়তে পৰিচিত পৰিৱেশত বাস কৰিব পাৰে।
  • বিশ্বজনীন অগ্ৰাধিকাৰ
    • আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশত ইয়াক ব্যাপকভাৱে ৰূপায়ণ কৰা হৈছিল, যিয়ে শাৰীৰিক কাৰাবাসৰ বিকল্প হিচাপে ইয়াৰ কাৰ্যকাৰিতা প্ৰদৰ্শন কৰিছিল।

বন্দীসকলৰ ইলেক্ট্ৰনিক নিৰীক্ষণৰ অসুবিধাসমূহ

  • গোপনীয়তাৰ উলংঘন
    • অনুপ্ৰৱেশমূলক নিৰীক্ষণৰ ফলত বন্দীসকলৰ মৌলিক অধিকাৰ, বিশেষকৈ ২১ নং অনুচ্ছেদৰ অধীনত গোপনীয়তাৰ অধিকাৰ উলংঘন হ’ব পাৰে।
  • সামাজিক কলঙ্ক
    • দৃশ্যমান ট্ৰেকিং ডিভাইচে (tracking devices) বৈষম্য আৰু সামাজিক বিচ্ছিন্নতাৰ সৃষ্টি কৰিব পাৰে, যি পুনৰ একত্ৰীকৰণত ঋণাত্মক প্ৰভাৱ পেলাব পাৰে।
  • ব্যক্তিৰ ওপৰত অৰ্থনৈতিক বোজা
    • যদি আমেৰিকা যুক্তৰাষ্ট্ৰত বাহাল থকা ব্যৱস্থাৰ দৰে বন্দীসকলে নিজেই ইলেকট্ৰনিক মাধ্যমজাত অনুসৰণ ব্যৱস্থা সম‌বন্ধীয় ব্যয় বহন কৰিবলগীয়া হয়; তেন্তে ই প্রান্তীয় সম্প্ৰদায়সমূহৰ বাবে আৰ্থিক অসুবিধাৰ সৃষ্টি কৰিব পাৰে।
  • সীমিত অভিগম্যতা
    • এইক্ষেত্ৰত শক্তিশালী প্ৰযুক্তিগত আন্তঃগাঁথনিৰ প্ৰয়োজন আছে আৰু এইসমূহ দূৰৱৰ্তী বা সম্পদ-দৰিদ্ৰ অঞ্চলত প্ৰত্যাহ্বানজনক হ’ব পাৰে।
  • ই-কাৰাবাস (E-Carceration)জনিত উদ্বেগ
    • সমালোচকসকলে যুক্তি আগবঢ়ায় যে ই কেৱল শাৰীৰিক কাৰাগাৰক ডিজিটেল কাৰাগাৰৰ সৈতে সলনি কৰে, যাৰ ফলত শাস্তিমূলক আৰ্হিটো (punitive model) স্থায়ী হয়।
  • পৰিমিত গোটসমূহৰ ওপৰত অসমতাপূৰ্ণ প্ৰভাৱ
    • ইতিমধ্যে কাৰাগাৰত অত্যাধিক প্ৰতিনিধিত্ব থকা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ দৰে সম্প্ৰদায়ে অধিক নিৰীক্ষণৰ সন্মুখীন হ’ব পাৰে।
  • অপব্যৱহাৰৰ আশংকা
    • সঠিক সুৰক্ষা ব্যৱস্থা অবিহনে ইলেক্ট্ৰনিক নিৰীক্ষণৰ ফলত অপব্যৱহাৰ, অত্যাধিক নিৰীক্ষণ বা হাৰাশাস্তি হ’ব পাৰে।
  • ত্ৰুটিৰ সম্ভাৱনা
    • প্ৰযুক্তিগত ত্ৰুটি বা ভুল তথ্যই নিৰীক্ষণৰ অধীনত থকা ব্যক্তিসকলক অন্যায়ভাৱে শাস্তি দিব পাৰে।
  • নৈতিক উদ্বেগসমূহ
    • ই ব্যক্তিসকলক তেওঁলোকৰ পুনৰ্বাসনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰখাৰ পৰিৱৰ্তে কেৱল তথ্য বিন্দু হিচাপে গণ্য কৰে নেকি সেই বিষয়ে উদ্বেগ উত্থাপন কৰে।

পৰামৰ্শ আৰু সুৰক্ষা

  • স্বেচ্ছামূলক ৰূপায়ণঃ
    • মৰ্যাদা নিশ্চিত কৰিবলৈ কেৱল বন্দীসকলৰ সন্মতি সাপেক্ষে ট্ৰেকিং ডিভাইচ ব্যৱহাৰ কৰা উচিত।
  • কঠোৰ নিয়মাৱলীঃ
    • ভাৰতীয় আইন আয়োগ (Law Commission of India)ৰ ২৬৮ সংখ্যক প্ৰতিবেদনত গোপনীয়তা সুৰক্ষিত কৰা আৰু কলংক হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে।
  • পুনৰ্বাসন কেন্দ্ৰঃ
    • বৈদ্যুতিন তত্বাৱধানে নিৰীক্ষণৰ সৈতে সংস্কাৰ আৰু পুনৰ একত্ৰীকৰণৰ সুযোগৰ ভাৰসাম্য বজাই ৰাখিব লাগিব।

Leave a Reply