আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ড ‘নাল্ড ট্ৰাম্পে ব্ৰিক্ছ দেশসমূহক (ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা) ১০০% আমদানি শুল্ক আৰোপ কৰাৰ ভাবুকি দিছে যদি তেওঁলোকে ব্ৰিক্ছ মুদ্ৰা তৈয়াৰ কৰে বা বিশ্বৰ সংৰক্ষিত মুদ্ৰা হিচাপে বিদ্যমান আমেৰিকান ডলাৰ সলনি কৰিবলৈ নতুন মুদ্ৰা অভিযোজিত কৰে।
ট্ৰাম্পৰ প্ৰতিক্ৰিয়া কি আছিল?
- ট্ৰাম্পে গুৰুত্ব আৰোপ কৰি কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰই ব্ৰিক্ছ দেশসমূহৰ পৰা আমেৰিকান ডলাৰৰ আধিপত্যক প্ৰত্যাহ্বান নজনোৱাৰ প্ৰতিশ্ৰুতি বিচাৰে।
- আমেৰিকা যুক্তৰাষ্ট্ৰই এনে পদক্ষেপক ইয়াৰ বিশ্বব্যাপী অৰ্থনৈতিক প্ৰভাৱৰ বাবে ভাবুকি হিচাপে গণ্য কৰে।
ব্ৰিকছ নেতাসকলৰ বিবৃতি
- ৰাছিয়াঃ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কাজানত অনুষ্ঠিত ব্ৰিক্ছ সন্মিলনৰ সময়ত কৈছিল যে ডলাৰক “অস্ত্ৰ” (weapon) হিচাপে ব্যৱহাৰ কৰা হৈছে। ফলত ইয়াৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ প্ৰয়াস কৰা হৈছে।
- ব্ৰাজিলঃ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ ‘লুলা ডা চিভাৱে বিকল্প প্ৰদান কৰিবলৈ আৰু দুৰ্বলতা হ্ৰাস কৰিবলৈ এক নতুন ব্ৰিক্ছ মুদ্ৰা সৃষ্টি কৰাটো সমৰ্থন কৰিছিল।
ব্ৰিক্ছ মুদ্ৰাৰ প্ৰভাৱ
উপকাৰসমূহ
- ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাসঃ ই অৰ্থনৈতিক দুৰ্বলতা আৰু ডলাৰৰ ওঠানামাৰ সংস্পৰ্শ হ্ৰাস কৰে।
- বৰ্ধিত সাৰ্বভৌমত্বঃ ই মুদ্ৰা নীতি আৰু বাণিজ্যৰ ওপৰত অধিক নিয়ন্ত্ৰণ প্ৰদান কৰে।
- বৈচিত্ৰ্যময় বিত্তীয় ব্যৱস্থাঃ ই এক বহুমুখী অৰ্থনৈতিক ব্যৱস্থাক উৎসাহিত কৰে।
- ব্যয় দক্ষতাঃ ই আন্তঃ-ব্ৰিক্ছ বাণিজ্যত মুদ্ৰা ৰূপান্তৰ ব্যয় আঁতৰ কৰে।
- শক্তিশালী মিত্ৰতাঃ ব্ৰিক্ছ মুদ্ৰাই ব্ৰিক্ছৰ সদস্যৰাষ্ট্ৰসমূহৰ মাজত আঞ্চলিক সহযোগিতা আৰু একত্ৰীকৰণ শক্তিশালী কৰে।
অসুবিধাসমূহ
- অৰ্থনৈতিক ভাৰসাম্যহীনতা : চীনৰ দৰে বৃহৎ অৰ্থনীতিৰ আধিপত্যই ক্ষুদ্ৰ সদস্য ৰাষ্ট্ৰসমূহ প্রান্তীয় কৰি তুলিব পাৰে।
- ৰূপায়ণৰ প্ৰত্যাহ্বানঃ ইয়াৰ বাবে ব্যাপক সমন্বয়ৰ প্ৰয়োজন হয় আৰু ইয়াক কাৰ্যকৰী কৰিবলৈ এক দীঘলীয়া কাৰ্যকাল লাগিব পাৰে।
- বিশ্বজনীন প্ৰতিৰোধঃ বিশ্বজনীন বিশ্বাস লাভ কৰিবলৈ আৰু ডলাৰৰ আধিপত্যক প্ৰত্যাহ্বান জনোৱাত ব্ৰিক্ছ মুদ্ৰাই সংগ্ৰামৰ সন্মুখীন হ’ব।
- আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিশোধঃ ব্ৰিক্ছ মুদ্ৰাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা নিষেধাজ্ঞা আৰু বাণিজ্যিক ব্যাঘাত লাভৰ আশংকা পূৰ্ণ বিদ্যমান।
- আভ্যন্তৰীণ সংঘাতঃ শাসন আৰু মুদ্ৰাৰ মূল্যায়ণৰ ওপৰত সম্ভাৱ্য মতানৈক্য গঢ় লৈ উঠিব পাৰে।
টকাৰ আন্তঃৰাষ্ট্ৰীয়কৰণ
- ভাৰতৰ দৃষ্টিভংগীঃ
- ভাৰতে টকাৰ আন্তঃৰাষ্ট্ৰীয়কৰণ আৰু আমেৰিকান ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।
- ভাৰতীয় ৰিজাৰ্ভ বেংকে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে চালান আৰু পৰিশোধত ভাৰতীয় ‘টকা’ ব্যৱহাৰত অনুমতি প্ৰদান কৰিছিল। ফলত বিশ্বব্যাপী মুদ্ৰাৰ ভূমিকা শক্তিশালী হৈ উঠিছে।
- ৰাছিয়াৰ সহযোগিতাঃ
- ভাৰতৰ-ৰাছিয়া বাণিজ্যিক চুক্তি অনুযায়ী, দ্বিপাক্ষিক বাণিজ্যিক লেনদেনত ডলাৰৰ পৰিৱৰ্তে ক্ৰমান্বয়ে টকা আৰু ৰুবল (ruble)ৰ ব্যৱহাৰ বৃদ্ধি পাইছে।
- ৰাছিয়া আৰু চীনৰ মাজত ৯০% তকৈ অধিক দ্বিপাক্ষিক বাণিজ্যিক লেনদেন ৰাষ্ট্ৰ দুখনৰ নিজ নিজ মুদ্ৰা-মাধ্যমত নিষ্পত্তি হয়।