ভাৰতীয় সংবিধান সংৰচনাত সহায়কাৰী মহিলাসকলে
WOMEN WHO HELPED SHAPE THE INDIAN CONSTITUTION

সংবিধান দিৱসত (২৬ নৱেম্বৰ) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতকৰণ সংবিধান সভাৰ মহিলা সদস্যসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে।

  • সংবিধান সভাত ১৫ গৰাকী মহিলাসহ মুঠ ২৯৯ গৰাকী সদস্য আছিল।
  • সভাৰ বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত সৰোজিনী নাইডু, সুচেতা কৃপলানী আৰু বিজয়লক্ষ্মী পণ্ডিতৰ নাম প্ৰধানিযোগ্য।
  • বিভিন্ন পৃষ্ঠভূমিৰ কেইবাজনো অল্প-পৰিচিত মহিলাই লিংগ, জাতি আৰু সংৰক্ষণৰ ওপৰত বিতৰ্কত অৰিহণা যোগাইছিল।

আম্মু স্বামীনাথন (Ammu Swaminathan) (১৮৯৪-১৯৭৮)

  • পটভূমিঃ কেৰালাৰ পালাক্কাডৰ আম্মু স্বামীনাথনে বহু বয়সীয়া সুব্বৰামা স্বামীনাথনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।
  • ৰাজনৈতিক ভূমিকাঃ
    • আম্মু স্বামীনাথনে কৈশোৰ কালতে ৰাজনীতিৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল।
    • তেওঁ জাতিগত সীমাবদ্ধতা আৰু লিংগ বৈষম্যৰ তীব্ৰ বিৰোধিতা কৰিছিল।
    • ১৯৪৫ চনত মাদ্ৰাজৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।
    • তেওঁ সংবিধান সভাৰ সদস্যৰূপে নিৰ্বাচিত হৈছিল, য’ত তেওঁ লিংগ সমতাৰ ওপৰত ভাষণ আগবঢ়াইছিল।
    • মহিলাসকলক প্ৰভাৱিত কৰা বিষয়সমূহৰ সমাধানৰ বাবে হিন্দু সংহিতা বিধেয়কৰ অপ্রাসংগিকতাৰ ওপৰত আলোকপাত কৰিছিল।
  • স্বাধীনোত্তৰ কালৰ ভূমিকা : তেওঁ তামিলনাডুৰ ডিণ্ডিগুলৰ পৰা লোকসভালৈ সাংসদ ৰূপে নিৰ্বাচিত হৈছিল।

এনি মাস্কেৰেন (Annie Mascarene) (১৯০২-১৯৬৩)

  • পটভূমিঃ ত্ৰিবান্দ্ৰমত (বৰ্তমানৰ তিৰুৱন্তপুৰম) এটা লেটিন খ্ৰীষ্টান পৰিয়ালত এনি মাস্কেৰেনে জন্মগ্ৰহণ কৰিছিল।
  • প্ৰত্যাহ্বানঃ
    • তেওঁ জাতিভিত্তিক বৈষম্য আৰু সামাজিক বহিষ্কৰণৰ সন্মুখীন হৈছিল।
    • সীমিত সম্পদ স্বত্বেও নিজৰ শিক্ষাৰ বাবে পুঁজি যোগান ধৰিবলৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল।
  • ৰাজনৈতিক ভূমিকাঃ
    • এনি মাস্কেৰেনে সংবিধান সভাত যোগদান কৰিছিল।
    • তেওঁ ভাৰতীয় গণৰাজ্যৰ প্ৰাৰম্ভিক সময়ছোৱাৰ ক্ষেত্ৰত শক্তিশালী কেন্দ্ৰীয় শাসনৰ হকে ওকালতি কৰিছিল।
    • তদুপৰি তেওঁ স্থানীয় চৰকাৰৰ স্বায়ত্তশাসনৰ ওপৰত আলোকপাত কৰিছিল।
  • স্বাধীনোত্তৰকালীন ভূমিকা: ১৯৫২ চনৰ সংসদীয় নিৰ্বাচনত তিৰুৱন্তপুৰমৰ পৰা স্বতন্ত্ৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ জয়লাভ কৰিছিল।

বেগম কুদচিয়া আইজাজ ৰছুল (Begum Qudsia Aizaz Rasul) (১৯০৯-২০০১)

  • পটভূমিঃ
    • বেগম কুদচিয়া আইজাজ ৰছুল পঞ্জাৱৰ মালেৰকোটলাৰ সৈতে সম্পৰ্কযুক্ত এক ৰাজনৈতিক পৰিয়ালৰ সদস্য আছিল।
    • এক সুবিধাজনক লালন-পালনৰ মাজত তেওঁ ডাঙৰ-দীঘল হৈছিল যদিও শিক্ষাৰ ওপৰত আৰোপিত ধৰ্মীয় সীমাবদ্ধতাৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল।
    • তেওঁৰ কনভেণ্ট শিক্ষা (convent education) গ্ৰহণৰ বিৰুদ্ধে ফতোৱা লাভ কৰিছিল।
  • ৰাজনৈতিক ভূমিকাঃ
    • ১৯৩৬ চনত তেওঁ স্বামীৰ সৈতে ৰাজনীতিত যোগদান কৰিছিল।
    • তুমূল বিৰোধিতা স্বত্বেও তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই এখন আসনত জয়লাভ কৰিছিল কৰিছিল । ফলত তেওঁ মুছলমান লীগৰ এগৰাকী বিশিষ্ট সদস্যৰূপে পৰিগণিত হৈ পৰিছিল।
    • ভাৰতীয় মুছলমানসকলৰ সম্ভাৱ্য ক্ষতিৰ কথা উল্লেখ কৰি পাকিস্তান ৰাষ্ট্ৰ ধাৰণাৰ বিৰোধিতা কৰিছিল।
  • স্বাধীনোত্তৰকালীন ভূমিকা : তেওঁ মুছলমান প্ৰতিনিধিত্ব আৰু মহিলাৰ সমস্যাৰ বাবে ওকালতি অব্যাহত ৰাখিছিল।

দাক্ষায়ণী ভেলায়ুধন (Dakshayani Velayudhan) (১৯১২-১৯৭৮)

  • পটভূমিঃ
    • দাক্ষায়ণী ভেলায়ুধন কোচিন (বৰ্তমানৰ কোচি) ৰ পৰা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী দলিত মহিলা আছিল।
    • তেওঁ কোচিন বিধান পৰিষদৰ সদস্য আছিল।
    • পুলায়া সম্প্ৰদায়ৰ লোক হিচাপে তেওঁ জাতিভিত্তিক বৈষম্যৰ সন্মুখীন হ’বলগীয়া হৈছিল।
  • ৰাজনৈতিক ভূমিকাঃ
    • তেওঁ এগৰাকী শিক্ষক হিচাপে আৰু পিছত ৱাৰধাৰ মহাত্মা গান্ধীৰ সেৱাগ্ৰাম আশ্ৰমত সমাজ কৰ্মী হিচাপে সেৱা আগবঢ়াইছিল।
    • তেওঁ সংবিধান সভাত জাতিগত বৈষম্য আৰু সমতা সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোকপাত পাতিছিল।
  • স্বাধীনোত্তৰকালীন ভূমিকা : ১৯৫২ চনত তেওঁ ৰাজ্যসভাৰ সদস্যৰূপে নিৰ্বাচিত হৈছিল।

ৰেণুকা ৰায় (Renuka Ray) (১৯০৪-১৯৯৭)

  • পটভূমিঃ
    • পাবনাত (বৰ্তমান বাংলাদেশ) জন্মগ্ৰহণ কৰা ৰেণুকা ৰায়ৰ পিতৃ এগৰাকী আমোলা আছিল।
    • তেওঁৰ মাতৃ কলিকতাৰ প্ৰেচিডেন্সি মহাবিদ্যালয়ৰ প্ৰথম গৰাকী মহিলা ছাত্ৰী আছিল।
    • তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰিছিল।
  • স্বাধীনতা আন্দোলনত ৰেণুকা ৰায়ৰ ভূমিকাঃ
    • ১৯২০ চনত গান্ধীজীৰ স্বাধীনতা সংগ্ৰামত যোগদান কৰিবলৈ তেওঁ মহাবিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ নকৰাকৈ ত্যাগ কৰিছিল।
    • তেওঁ মহিলাৰ অধিকাৰৰ ওপৰত গুৰুত্ব দিয়া, বিবাহ বিচ্ছেদ আৰু উত্তৰাধিকাৰৰ বিষয়সমূহৰ ওপৰত সজাগতা বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছিল
    • ১৯৪৩ চনৰ পৰা কেন্দ্ৰীয় বিধান সভাৰ ভিতৰত সমতাৰ বাবে ওকালতি কৰিছিল।
  • স্বাধীনোত্তৰকালীন ভূমিকা :
    • তেওঁ বিধানমণ্ডলত মহিলাৰ সংৰক্ষণৰ বিৰোধিতা কৰি ইয়াক লিংগ সমতাৰ প্ৰতি এক ৰোধক বুলি অভিহিত কৰিছিল।
    • ১৯৫৭ চনত তেওঁ লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

Leave a Reply