পৰিচয়ঃ সংবিধানৰ পিতৃতান্ত্রিক গঠন
- ভাৰতীয় সংবিধানৰ “প্ৰতিষ্ঠাপক পিতৃসকল” (founding fathers) শব্দটোৱে “প্ৰতিষ্ঠাপক মাতৃসকল” (founding mothers)ৰ অৱদানক উপেক্ষা কৰি পিতৃত্ববাদী (patriarchal) আৰু পিতৃতান্ত্ৰিক (paternalistic) গাঁথনিৰ ওপৰত আলোকপাত কৰে।
- সংবিধান সভাত মহিলাসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি বিধানমণ্ডলৰ অভ্যন্তৰত আৰু বৰ্হিঃক্ষেত্ৰত নাৰীবাদী আন্দোলনক আগুৱাই লৈ গৈছিল।
ঐতিহাসিক প্ৰসংগ
- অচ্যুত চেতনৰ যুক্তিঃ তেওঁৰ মত অনুসৰি, ভাৰতীয় সংবিধানে মহিলাসকলৰ ইচ্ছা, সন্মতি আৰু মতবিৰোধ প্ৰতিফলিত কৰে, ইয়াক ভাৰতীয় নাৰীবাদৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰে।
- ক্ৰিষ্টিন কিটিঙৰ বিশ্লেষণঃ তেওঁৰ বিশ্লেষণ অনুসৰি ৰাজহুৱা ক্ষেত্ৰত সমতা প্ৰদান কৰাৰ সময়ত বৈষম্যমূলক ব্যক্তিগত আইন (বিধান) বজাই ৰাখি মহিলাসকলক সাংবিধানিকভাৱে বশীভূত (constitutionally subjugated) কৰা হৈছিল, যাৰ ফলত “উত্তৰ ঔপনিৱেশিক যৌন চুক্তি” (postcolonial sexual contract) গঠন হৈছিল।
প্ৰতিষ্ঠাপক মাতৃসকলৰ ভূমিকা
- বি আৰ আম্বেদকাৰৰ এই মহিয়সী নাৰীসকলে সৈতে মিত্ৰতা স্থাপন কৰি সামাজিক আৰু সাংস্কৃতিক পিতৃত্ববাদক প্ৰত্যাহ্বান জনাইছিল।
- অমৃত কৌৰৰ অভিমত (১৯৩২) : তেওঁ যুক্তি আগবঢ়াইছিল যে ভাৰতীয় মহিলাসকলে পুৰুষ-অধ্যুষিত সামাজিক মানদণ্ড প্ৰত্যাখ্যান কৰিছে। সমান্তৰালকৈ পিতৃতান্ত্রিক নিয়ম ভংগ কৰাৰ পোষকতা কৰিছিল।
মৌলিক অধিকাৰ আৰু সংহত নাগৰিক সংহিতা (Uniform Civil Code (UCC)) ৰ হকে যুঁজ
- ভাৰতীয় সংবিধানৰ প্ৰতিষ্ঠাপক মাতৃসকলে পৰিয়াল আৰু ধৰ্মৰ ক্ষেত্ৰত পিতৃতান্ত্রিক শক্তি নিয়ন্ত্ৰণ কৰি অন্তৰ্নিহিত স্বাধীনতা সুৰক্ষিতকৰণৰ আহিলা হিচাপে মৌলিক অধিকাৰৰ ধাৰণাটো পোষণ কৰিছিল।
- হংসা মেহতা আৰু অমৃত কৌৰঃ পিতৃতান্ত্রিক প্ৰভাৱসমূহক সীমাবদ্ধ কৰিবলৈ মৌলিক অধিকাৰত সংহত নাগৰিক সংহিতা অন্তৰ্ভুক্ত কৰাৰ হকে তেওঁ ওকালতি কৰিছিল।
- যদিও পৰৱৰ্তীকালত সংহত নাগৰিক সংহিতাৰ বিষয়টো ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহলৈ অৱনমিত হৈছিল, এই মহিলাসকলে ১৯৮০-ৰ দশকত সাংবিধানিক বিধানশাস্ত্ৰত নিৰ্দেশাত্মক নীতিসমূহৰ ভূমিকা বৃদ্ধি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ধৰ্মনিৰপেক্ষতা আৰু ধৰ্মীয় স্বাধীনতা
- বেগম আইজাজ ৰছুল (Begum Aizaz Rasul) : তেওঁ ধৰ্মনিৰপেক্ষতাক সংবিধানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বুলি উল্লেখ কৰিছিল।
- হংস মেহতা (Hansa Mehta) : তেওঁ অনিয়ন্ত্ৰিত ধৰ্মীয় স্বাধীনতাৰ বিৰোধিতা কৰিছিল, মহিলাৰ সমতা হ্ৰাসকাৰী ধৰ্মীয় প্ৰথা সীমিতকৰণৰ পোষকতা কৰিছিল।
- অমৃত কৌৰৰ মতবিৰোধঃ অনিয়ন্ত্ৰিত ধৰ্মীয় স্বাধীনতাই কেনেদৰে বিধৱা পুনৰ্বিবাহ আইন (Widow Remarriage Act) বা সতীত্বৰ বিলুপ্তিৰ দৰে প্ৰগতিশীল আইনক অবৈধ কৰিব পাৰে তথা পৰ্দা-প্ৰথা আৰু বহুবিবাহৰ দৰে বৈষম্যমূলক প্ৰথা বজাই ৰাখিব পাৰে সেই বিষয়ে অমৃত কৌৰে সংবিধান সভাৰ বিতৰ্ককালত আলোকপাত কৰিছিল।
প্ৰত্যাহ্বান আৰু হেৰুওৱা সুযোগ
- কমলাদেৱী চট্টোপাধ্যায়ৰ দৃষ্টিভংগীঃ কমলাদেৱী চট্টোপাধ্যায়ৰ মতে যদিও প্ৰথম অৱস্থাত সংবিধানক মহিলাসকলৰ বাবে সমতা আৰু ন্যায়ৰ প্ৰতিশ্ৰুতি হিচাপে উদ্যাপন কৰা হৈছিল, কিন্তু এই পৰৱৰ্তী আশাবাদ ম্লান হৈ পৰিছিল।
- ১৯৭৪ চনৰ প্ৰতিবেদনঃ “সমতাৰ দিশে” (Towards Equality) প্ৰতিবেদনত স্বাধীনতাৰ দুটা দশকৰ পিছতো ভাৰতৰ মহিলাসকলে সমতা প্ৰাপ্তিত লাভ কৰা ব্যৰ্থতাৰ কথা প্ৰকাশ পাইছিল।
সমসাময়িক প্ৰতিফলন
- নাৰীবাদী ৰাষ্ট্ৰনেতা আৰু আইনজ্ঞসকলৰ অনুপস্থিতিয়ে আধুনিক ভাৰতত নাৰীবাদী সংবিধানবাদক দুৰ্বল কৰি তুলিছে।
- লিংগ বৈষম্য মোকাবিলাৰ উদ্দেশ্যে সংবিধান নিৰ্মাতাসকলৰ প্ৰতিশ্ৰুতি হিচাপে সংহত নাগৰিক সংহিতা অন্তৰ্ভুক্ত হোৱাৰ স্বত্ত্বেও ইয়াৰ প্ৰণয়ন এতিয়াও অসম্পূৰ্ণ হৈ আছে।