ভাৰত-ইটালীৰ ৫ বছৰীয়া কৌশলগত পৰিকল্পনা
INDIA-ITALY 5 YEAR STRATEGIC PLAN

ভাৰত আৰু ইটালীয়ে এক উচ্চাকাংক্ষী পাঁচ বছৰীয়া কৌশলগত কাৰ্য পৰিকল্পনা (২০২৫-২০২৯)ৰ সূত্ৰপাত কৰিছে।

ব্ৰাজিলত অনুষ্ঠিত জি-২০ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ মাজত অনুষ্ঠিত বিস্তাৰিত আলোচনাৰ পৰা এই কাৰ্য পৰিকল্পনাৰ উদ্ভৱ হৈছিল।

কাৰ্য পৰিকল্পনাৰ গুৰুত্বপূৰ্ণ দিশসমূহ

  • চিনাক্তকৃত ১০টা স্তম্ভঃ
    • অৰ্থনৈতিক সহযোগিতা আৰু বিনিয়োগ
    • শক্তিৰ পৰিৱৰ্তন
    • মহাকাশ অন্বেষণ
    • প্ৰতিৰক্ষা আৰু নিৰাপত্তা
    • প্ৰব্ৰজন আৰু গতিশীলতা
    • জনসাধাৰণৰ মাজত বিনিময়
  • সহযোগিতাৰ প্ৰতিশ্ৰুতিঃ
    • দুয়োখন দেশে গণতন্ত্ৰৰ অংশীদাৰী মূল্যবোধ, আইনৰ শাসন আৰু বহনক্ষম উন্নয়ন বজাই ৰাখিবলৈ বহুপাক্ষিক মঞ্চসমূহত একেলগে কাৰ্য সম্পাদন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
    • সংস্কৃতি, শিক্ষা, প্ৰতিৰক্ষা, বাণিজ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

ভাৰত আৰু ইটালীৰ মাজত সহযোগিতাৰ মুখ্য ক্ষেত্ৰসমূহ

১. ৰাজনৈতিক সম্পর্ক

  • ভাৰত আৰু ইটালীৰ মাজত ৰাজনৈতিক আৰু চৰকাৰী পৰ্যায়ত নিয়মীয়া বিনিময় কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে।
  • ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ২০২১ চনৰ অক্টোবৰ মাহত জি-২০ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইটালী ভ্ৰমণ কৰিছিল।
  • ইটালীৰ প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ মাৰ্চ মাহত ৰাইচিনা ডায়লগত (Raisina Dialogue) সন্মানীয় অতিথি হিচাপে ভাৰতলৈ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ভ্ৰমণ কৰিছিল।

২. অর্থনৈতিক সম্পৰ্ক

  • ইউৰোপীয় সংঘৰ (EU) অভ্যন্তৰত ভাৰতৰ চতুৰ্থ বৃহত্তম বাণিজ্যিক অংশীদাৰ হৈছৈ ইটালী ।
  • ভাৰতৰ বাবে বাণিজ্য উদ্বৃত্তৰ (trade surplus) সৈতে ২০২২-২৩ চনত ভাৰত-ইটালীৰ দ্বিপাক্ষিক বাণিজ্য ১৪.২৫ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছিল।

৩. প্রতিৰক্ষা সম্পৰ্ক

  • ভাৰত-ইটালী সামৰিক সহযোগিতা গোট (India-Italy Military Cooperation Group (MCG)) য়ে প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰে।
  • ২০২৩ চনত দুয়োখন দেশে নিৰাপত্তা নীতি আৰু ঔদ্যোগিক সহযোগিতাক সামৰি লোৱা এক প্ৰতিৰক্ষা সহযোগিতা চুক্তিত স্বাক্ষৰ কৰিছে।

৪. কৌশলগত সম্পৰ্ক

  • ২০২৪ চনৰ মাৰ্চ মাহত ভাৰত-ইটালীৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল।
  • ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল আৰু ভূমধ্যসাগৰৰ মাজৰ সম্পৰ্কৰ (সংযোগ) ওপৰত দুয়োখন দেশে গুৰুত্ব আৰোপ কৰিছে। ইটালীয়ে অঞ্চলসমূহৰ মাজত এক সেঁতু হিচাপে কাম কৰে।
  • বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ (Belt and Road Initiative) পৰা ইটালীৰ নাম প্ৰত্যাহাৰে গোলকীয় সংযোগৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সংগতি ৰাখে।

৫. বহুপাক্ষিক সম্পৰ্ক

  • ইটালীয়ে ৱাচেনাৰ এৰেঞ্জমেণ্ট (Wassenaar Arrangement) আৰু অষ্ট্ৰেলিয়া গ্ৰুপত (Australia Group) ভাৰতৰ প্ৰৱেশক সমৰ্থন কৰিছিল।
  • ব্লু-ৰামন প্ৰকল্পই (Blue-Raman project) ভূমধ্যসাগৰীয় আৰু ভাৰত মহাসাগৰৰ মাজত ডিজিটেল সংযোগ বৃদ্ধি কৰিব।
  • ইটালীয়ে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা (International Solar Alliance (ISA)), ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (India-Middle East-Europe Economic Corridor (IMEC)) আৰু গোলকীয় জৈৱ ইন্ধন মিত্ৰতা (Global Biofuels Alliance (GBA)) ৰ দৰে ভাৰতৰ পদক্ষেপসমূহক সমৰ্থন কৰে।

ভাৰত-ইটালীৰ সম্পৰ্কৰ প্ৰত্যাহ্বানসমূহ

  • তাকৰ বাণিজ্যঃ ৰোমান যুগৰ ঐতিহাসিক বাণিজ্যিক সম্পৰ্ক থকা স্বত্বেও ভাৰত আৰু ইটালীৰ বৰ্তমানৰ বাণিজ্য আৰু বিনিয়োগৰ পৰিমাণ তুলনামূলকভাৱে তাকৰ।
  • পূৰ্বসূৰী সমস্যাৰ বাবে বিশ্বাসৰ অভাৱঃ
    • ইটালিয়ান মেৰিনাৰ্ছৰ গোচৰ (Italian Mariners’ case) : এই গোচৰটোৱে আইনী অধিকাৰ আৰু কাৰ্য্যকৰী প্ৰতিৰক্ষাক লৈ সংঘাতৰ সৃষ্টি কৰিছিল, যিটো কেৱল ২০২০ চনত স্থায়ী মধ্যস্থতা কাৰী আদালতৰ (Permanent Court of Arbitration) ৰায়ৰ সৈতে অন্ত পৰিছিল।
    • আগুস্তা ৱেষ্টলেণ্ড হেলিকপ্টাৰ কেলেংকাৰী (Agusta Westland helicopter scandal) : ইটালীৰ কোম্পানী লিওনৰ্ডোৰ মালিকানাধীন প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছিল, যাৰ ফলত ভাৰতে ২০১৫ চনত ক্ৰয় চুক্তি বাতিল কৰিছিল আৰু লিওনৰ্ডোক ভাৰতীয় প্ৰতিৰক্ষা বজাৰৰ পৰা নিষিদ্ধ কৰিছিল।
  • অবাস্তৱীয় মিত্ৰতা (Unrealized Alliance) : ২০২১ চনত ভাৰত-ইটালী-জাপান ত্ৰিপাক্ষিক অংশীদাৰিত্ব আৰম্ভ কৰা হৈছিল যদিও ই এতিয়াও কাৰ্যকৰী হোৱা নাই।

ভৱিষ্যত কাৰ্যপন্থা

  • অৰ্থনৈতিক সহযোগিতা
    • বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰা, বাণিজ্যৰ পৰিমাণ বৃদ্ধি কৰা, নতুন বিনিয়োগৰ সুযোগ অন্বেষণ কৰা আৰু গভীৰ অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰাত দুয়োখন ৰাষ্ট্ৰই গুৰুত্ব আৰোপ কৰিব লাগে।
  • ইউৰোপীয় ইউনিয়ন-ভাৰতৰ অংশীদাৰিত্ব শক্তিশালী কৰা দৰকাৰ।
    • এক সম্ভাৱ্য ভাৰত-ইউৰোপীয় ইউনিয়ন বাণিজ্য চুক্তিয়ে ইটালী আৰু ভাৰতৰ মাজত দ্বিমুখী বাণিজ্য বৃদ্ধিৰ সম্ভাৱনীয়তাৰ লগতে বিস্তৃত ইউৰোপীয় ইউনিয়ন-ভাৰতৰ সম্পৰ্ক বৃদ্ধি কৰিব পাৰে।
  • ভাগ-বতৰা কৰা বিশ্বজনীন কাৰ্যসূচী
    • বহুপাক্ষিক বিষয়সমূহত সহযোগিতা স্থাপন কৰি এক নতুন বিশ্বজনীন কার্যসূচী গঠন আৰু সমৰ্থন কৰিবলৈ ভাৰত আৰু ইটালীয়ে একেলগে কাৰ্য সম্পাদন কৰা উচিত।
  • ৰন্ধনসম্পৰ্কীয় বিনিময়সমূহ
    • খাদ্য উৎসৱ আৰু অনুষ্ঠানৰ জৰিয়তে ৰন্ধন ঐতিহ্যৰ প্ৰসাৰ কৰা, ইটালীয় আৰু ভাৰতীয় ৰন্ধনপ্ৰণালীৰ মিশ্ৰণক উৎসাহিত কৰা, পাষ্টা, পিজ্জা, আৰু ভাৰতীয় মচলাৰ সৈতে সাংস্কৃতিক ৰুচি সংযোগেৰে জনসাধাৰণৰ মাজত সংযোগ বৃদ্ধি কৰিব পাৰি।

Leave a Reply