ভাৰত নেট
BHARAT NET

ভাৰতনেটে অপ্টিকেল ফাইবাৰ, অনাতাঁৰ আৰু উপগ্ৰহ প্ৰযুক্তি ব্যৱহাৰ কৰি ২.১৪ লাখতকৈও অধিক গ্ৰাম পঞ্চায়তক সংযোগ কৰাত সহায় কৰিছে।

যোগাযোগ মন্ত্ৰালয়ৰ অধীনত ২০১১ চনত আৰম্ভ কৰা ভাৰতনেটৰ লক্ষ্য হৈছে প্ৰতিখন গ্ৰাম পঞ্চায়ত (Gram Panchayat (GP)) ক সুলভ উচ্চ গতিৰ ইণ্টাৰনেট প্ৰদান কৰা আৰু ই হৈছে বিশ্বৰ সৰ্ববৃহৎ গ্ৰাম্য ব্ৰডবেণ্ড উদ্যোগ।

সংশোধিত ভাৰতনেট ২০২৩

২০২৩ চনৰ ১,৩৯,৫৭৮ কোটি টকাৰ বাজেটৰ সৈতে সংশোধিত ভাৰতনেট প্ৰগ্ৰেম (Amended BharatNet Program (ABP)) ত গুৰুত্ব দিয়া হৈছেঃ

  • ইয়াৰ অধীনত চাহিদা অনুসৰি ২.৬৪ লাখ গ্ৰাম্য পঞ্চায়ত আৰু ৩.৮ লাখ অনা-গ্ৰামপঞ্চায়ত গাঁওৰ বাবে অপ্টিকেল ফাইবাৰ সংযোগ স্থাপন কৰা হ’ব।
  • কেন্দ্ৰীয়কৃত নেটৱৰ্ক অপাৰেটিং চেণ্টাৰৰ (Centralized Network Operating Centre (CNOC)) জৰিয়তে ১০ বছৰীয়া ৰক্ষণাবেক্ষণ আৰু আপটাইম (uptime) নিৰীক্ষণ প্ৰদান কৰা।
  • খণ্ড স্তৰত (block levels) পাৱাৰ বেকআপ (Power backup) আৰু ৰিম’ট ফাইবাৰ মণিটৰিং চিষ্টেম (Remote Fibre Monitoring System (RFMS))।

ডিজিটেল ভাৰত নিধি (Digital Bharat Nidhi (DBN))

সমগ্ৰ ভাৰতত টেলিকম সেৱা বৃদ্ধি কৰিবলৈ ডিজিটেল ভাৰত নিধিয়ে সাৰ্বজনীন সেৱা দায়বদ্ধতা পুঁজি (Universal Service Obligation Fund (USOF)) সলনি কৰে।

পৰ্য্যায়ক্ৰমিক ৰূপায়ণ

  • প্ৰথম পৰ্যায়ঃ বিদ্যমান অপ্টিকেল ফাইবাৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰি ১ লাখ গাঁও-পঞ্চায়ত সংযোগ কৰা হৈছে।
  • দ্বিতীয় পৰ্যায়ঃ ফাইবাৰ, ৰেডিঅ ‘আৰু উপগ্ৰহ ব্যৱহাৰ কৰি ১.৫ লাখ গাঁও-পঞ্চায়ত সংযোগ কৰা হৈছে।
  • তৃতীয় পৰ্যায়ঃ অব্যাহত থকা তৃতীয় পৰ্যায়ৰ অধীনত ৫জি নেটৱৰ্ক সেৱা একত্ৰিত কৰা, বেণ্ডৱিথ (bandwidth) বৃদ্ধি কৰা, আৰু অন্তিম মাইল-পৰ্যন্ত সংযোগ উন্নত কৰা আদি পদক্ষেপ ৰূপায়িত হৈ আছে।

প্ৰভাৱ

  • ডিজিটেল অন্তৰ্ভুক্তিঃ গ্ৰাম্য অঞ্চলত ই-প্ৰশাসন, শিক্ষা আৰু স্বাস্থ্যসেৱাৰ উপলব্ধতা বৃদ্ধি কৰে।
  • অৰ্থনৈতিক সুযোগঃ ডিজিটেল বাণিজ্য, বিত্তীয় সেৱা আৰু উদ্যোগশীলতাৰ সুবিধা প্ৰদান কৰে।
  • উন্নত প্ৰশাসনঃ গ্ৰাম পঞ্চায়তত স্বচ্ছতা আৰু নাগৰিকৰ অংশগ্ৰহণ শক্তিশালী কৰে।

ভাৰতনেটে ডিজিটেল সবলীকৰণ আৰু পৌৰ-গ্ৰাম্য বিভাজন দূৰ কৰি, সকলোৰে বাবে সামগ্ৰিক বিকাশ আৰু সংযোগ নিশ্চিত কৰি গ্ৰাম্য ভাৰতত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে।

Leave a Reply