ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁৰ মস্কো ভ্ৰমণৰ সময়ত ৰাছিয়াৰ সৈতে প্ৰতিৰক্ষা সম্পৰ্ক গভীৰ কৰাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিছিল।
প্ৰতিৰক্ষা মন্ত্ৰীৰ সদ্য-সমাপ্ত বিদেশ ভ্ৰমণৰ বিশেষত্বসমূহ তলত উল্লেখ কৰা হ’ল –
- সামৰিক সহযোগিতা- ২১ তম্ আই.আৰ.আই.জি.চি.-এম এণ্ড এমটিচি (IRIGC-M&MTC)ৰ অধীনত সহযোগিতা শক্তিশালী কৰা আৰু “মেক ইন ইণ্ডিয়া” পদক্ষেপক সমৰ্থন কৰাৰ ওপৰত গুৰুত্ব দিয়া।
- বৈঠকঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে আলোচনা আৰু ব্ৰিক্ছ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ আগন্তুক ভ্ৰমণৰ পৰিকল্পনা।
- কৌশলগত অংশীদাৰিত্বঃ “বিশেষ আৰু বিশেষাধিকাৰ প্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব” (“Special and Privileged Strategic Partnership”) আৰু চলিত প্ৰতিৰক্ষা প্ৰকল্পসমূহৰ পুনৰ নিশ্চিতকৰণ।
- নবীন সুযোগঃ ঘৰুৱা প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰ অন্বেষণৰ ওপৰত গুৰুত্ব দিয়া।
ঐতিহাসিক পৰ্যায়সমূহঃ
- প্ৰাৰম্ভিক বছৰ (১৯৪৭-১৯৫৫) : প্ৰাৰম্ভিক অৱস্থাত ভাৰত আৰু ৰাছিয়াৰ মাজত সীমিত দ্বিপাক্ষিক সম্পৰ্ক আছিল। ১৯৫৫ চনত নেহৰুৰ মস্কো ভ্ৰমণ আৰু ক্ৰুশ্চেভৰ ভাৰত ভ্ৰমণৰ পিছত ই সম্পৰ্ক উন্নত হৈছিল। মূল প্ৰকল্পসমূহঃ ভিলাই আৰু বোকাৰো তীখা কাৰখানা।
- শীতল যুদ্ধৰ যুগ (১৯৫৫-১৯৯১) : শীতল যুদ্ধৰ সময়ছোৱাত ভাৰত আৰু ৰাছিয়াৰ মাজত শক্তিশালী সামৰিক, কৌশলগত আৰু অৰ্থনৈতিক অংশীদাৰিত্ব গঢ় লৈ উঠিছিল। এইক্ষেত্ৰত মাইলৰ খুঁটিসদৃশ একাংশ পদক্ষেপ তলত উল্লেখ কৰা হ’ল –
- ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধ আৰু ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ছোভিয়েট ৰাছিয়াৰ অস্ত্ৰ-সমৰ্থন।
- ১৯৭১ শান্তি, বন্ধুত্ব আৰু সহযোগিতাৰ চুক্তি।
- শীতলযুদ্ধোত্তৰ পৰিস্থিতি (১৯৯১-২০০০) : ছোভিয়েট ইউনিয়নৰ বিলুপ্তিৰ পিছত দ্বিপাক্ষিক সম্পৰ্কৰ মাত্ৰা হ্ৰাস পাইছিল। ১৯৯৩ চনৰ বন্ধুত্ব চুক্তিৰ (Treaty of Friendship) পিছতো ভাৰতৰ আৰু ৰাছিয়াৰ দ্বিপাক্ষিক সম্পৰ্কই সীমিত অগ্ৰগতি লাভ কৰিছিল।
- কৌশলগত অংশীদাৰিত্ব (২০০০-বৰ্তমান) : উভয় ৰাষ্ট্ৰৰ মাজত প্ৰতিৰক্ষা, বাণিজ্য, বিজ্ঞান আৰু সংস্কৃতিত সহযোগিতা বৃদ্ধি কৰি ২০০০ চনত এক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল।
সহযোগিতাৰ মূল ক্ষেত্ৰসমূহঃ
- ভূ-ৰাজনৈতিকঃ
- ব্ৰিক্ছ, ছাংহাই সহযোগিতা সংস্থা আৰু জি-২০ গোষ্ঠীত স্থিত পাৰস্পাৰিক সহযোগিতা।
- এক বহুমুখী বিশ্ব আৰু সন্ত্ৰাসবাদ বিৰোধী পদক্ষেপৰ বাবে উভয় ৰাষ্ট্ৰই ওকালতি কৰি আহিছে।
- প্ৰতিৰক্ষাঃ
- ৰাছিয়া ভাৰতৰত অস্ত্ৰ-শস্ত্ৰৰ মুখ্য যোগান ধৰোঁতা; ব্ৰহ্ম’ছ মিছাইল আৰু একে-২০৩ ৰাইফলৰ দৰে প্ৰকল্প দুয়োখন দেশৰ যৌথ প্ৰচেষ্টাৰ ফচল।
- ভাৰত আৰু ৰাছিয়াই নিয়মিত সামৰিক অনুশীলন (যেনে, ইন্দ্ৰ (INDRA)) অনুষ্ঠিত কৰি আহিছে।
- অৰ্থনৈতিক সহযোগিতা :
- বছৰি দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ বৃদ্ধি পাই আহিছে। এইক্ষেত্ৰত ৰুবল-ৰুপি (ruble-rupee) বাণিজ্য ব্যৱস্থাও গঢ় লৈ উঠিছে।
- ৰাছিয়াৰ দূৰৱৰ্তী পূবৰ উন্নয়নত (Russian Far East development) ভাৰতে অংশগ্ৰহণ কৰিছে।
- বিজ্ঞান আৰু গৱেষণাঃ
- পাৰমাণৱিক শক্তি (কুডানকুলম) আৰু মহাকাশ (গগনযান) অভিযান ভাৰত আৰু ৰাছিয়াই সহযোগিতা স্থাপন কৰিছে।
- ভাৰত আৰু ৰাছিয়াৰ মাজত স্বাস্থ্য আৰু চিকিংসা সম্পৰ্কীয় সহযোগিতা (যেনে, ষ্পুটনিক ভি ভেকচিন (Sputnik V vaccine))ও বিৰাজমান।
- সাংস্কৃতিক সম্পৰ্ক :
- দুয়োখন দেশৰ মাজত নিয়মীয়া সাংস্কৃতিক বিনিময় কাৰ্যসূচী অনুষ্ঠিত হৈ আহিছে। পৰস্পৰে পৰস্পৰৰ ভূমিত সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰিছে আৰু ৰাছিয়াত প্ৰায় ৩০,০০০-৪০,০০০ প্ৰবাসী ভাৰতীয়ই বাস কৰে।
ভাৰত-ৰাছিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বঃ
- ভূ-ৰাজনৈতিকঃ
- ৰাছিয়াই ভাৰতৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ আৰু কাশ্মীৰৰ স্থিতিক সমৰ্থন কৰে।
- উভয় ৰাষ্ট্ৰই চীনৰ আগ্ৰাসনৰ ভাৰসাম্য বজাই ৰাখে।
- প্ৰতিৰক্ষাঃ
- ৰাছিয়া ভাৰতৰ প্ৰতিৰক্ষা সামগ্ৰীৰ গুৰুত্বপূৰ্ণ যোগানদাতা; ভাৰতৰ সামৰিক হাৰ্ডৱেৰৰ ৬০-৭০% ৰাছিয়ান মূলৰ।
- অৰ্থনৈতিকঃ
- ৰাছিয়াৰ পৰা ৰেহাই মূল্যত আমদানিকৃত খাৰুৱা তেলে ভাৰতৰ অৰ্থনীতিত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত সহায় কৰে।
- ইউৰেছিয়ান অৰ্থনৈতিক ইউনিয়ন (Eurasian Economic Union)ৰ সৈতে মুক্ত বাণিজ্য চুক্তি (Free Trade Agreement) স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।
- কৌশলগতঃ
- ই পশ্চিমীয়া শক্তিৰ সৈতে ভাৰতৰ সুবিধা বৃদ্ধি কৰে আৰু চীনৰ প্ৰভাৱ হ্ৰাস কৰে।
প্ৰত্যাহ্বানঃ
- ভাৰত-আমেৰিকাৰ বৰ্ধিত সম্পৰ্কই ৰাছিয়াৰ সৈতে সম্পৰ্কত তিক্ততাৰ সৃষ্টি কৰিছে।
- ৰাছিয়া-চীনৰ দ্বিপাক্ষিক সম্পৰ্কই চীন-ভাৰতৰ বিষয়সমূহত নিৰপেক্ষতা-সংক্ৰান্তীয় উদ্বেগৰ সৃষ্টি কৰিছে।
- ভাৰতৰ সৈতে বাণিজ্যৰ ভাৰসাম্যহীনতা : ভাৰত-ৰাছিয়ৰ মুঠ ৬৫ বিলিয়ন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্যৰ ভিতৰত ভাৰতে মাথো ৫ বিলিয়ন ডলাৰতকৈ তাকৰ পৰিমাণৰ ৰপ্তানি কৰে।
- ইউক্ৰেইন যুদ্ধৰ বাবে ভাৰতলৈ এছ-৪০০ (S-400) প্ৰণালীৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা যোগানত বিলম্ব ঘটিছে।
- ইউক্ৰেইন সংকট সন্দৰ্ভত ভাৰতৰ নিৰপেক্ষ স্থিতিয়ে সমালোচনাৰ আহ্বান জনাইছে।
ভাৰতৰ হকে ভৱিষ্যত কাৰ্যপন্থা :
- ইউক্ৰেইনৰ সংকটত নিৰপেক্ষতা বজাই ৰখা আৰু নিয়ম-আধাৰিত সমাধানৰ পোষকতা কৰা।
- যোগান শৃংখল সুৰক্ষিত কৰিবলৈ প্ৰতিৰক্ষা যৌথ উদ্যোগ শক্তিশালী কৰা।
- কৌশলগত আন্তঃগাঁথনিৰ বিকাশ (যেনে, উত্তৰ-দক্ষিণ পৰিবহণ প্ৰৱেশিকা পথ (North-South Transport Corridor), ইউৰেছিয়ান মুক্ত বাণিজ্য চুক্তি (Eurasian FTA))
- ৰাছিয়াৰ “ব্যাপক ইউৰেছিয়ান অংশীদাৰিত্ব” (extensive Eurasian partnership) ৰ অধীনত ইউৰেছিয়ান সুযোগসমূহ অন্বেষণ কৰা।
- ৰাছিয়াৰ কৌশলগত গুৰুত্বৰ বিষয়ে পাশ্চাত্যৰ সৈতে স্পষ্টভাৱে যোগাযোগ কৰা।