উপগ্ৰহীয় মহাকাশ আৱৰ্জনা (Satellite Space Junk) পৰিৱেশ-প্ৰতিকূল কিয় ?
গুৰুত্বপূৰ্ণ উদ্বেগ
- ২০৩০ চনৰ ভিতৰত মহাকাশলৈ প্ৰেৰিত উপগ্ৰহৰ সংখ্যাই ১,০০,০০০ৰ সীমাৰেখা অতিক্ৰম কৰিব পাৰে, বেছিভাগ উপগ্ৰহ বায়ুমণ্ডলত পুনৰ্প্ৰৱেশৰ (reentry) সময়ত জ্বলি প্ৰদূষক মুকলি কৰে।
- নিৰ্গত প্ৰদূষকবোৰে বায়ুমণ্ডলৰ ওপৰভাগৰ ক্ষতিসাধন কৰি পাৰিপাৰ্শ্বিক উদ্বেগ বৃদ্ধি কৰে।
উপগ্ৰহীয় প্ৰদূষকসমূহ
- উপগ্ৰহৰ জ্বলিত পদাৰ্থ (Satellite Burn-Up):
- উপগ্ৰহৰ জ্বলনে এলুমিনিয়াম আৰু ধাতৱ কণা নিৰ্গত কৰি ষ্ট্ৰেট’স্ফিয়াৰত (stratosphere) ১০% এৰ’ছ’লত (aerosols) অৰিহণা যোগায়।
- ৰকেট নিৰ্গমণ (Rocket Emissions) :
- মহাকাশত বিচৰণ কৰা ৰকেটৰ নিৰ্গমণত কৃষ্ণ কাৰ্বন (black carbon), নাইট্ৰ’জেন অক্সাইড আৰু ক্ল’ৰিন গেছ অন্তৰ্ভুক্ত থাকে, যি অ’জন স্তৰ আৰু জলবায়ুক প্ৰভাৱিত কৰে।
- গৱেষণাৰ ফলাফলঃ
- এলুমিনিয়াম আৰু নাইট্ৰ’জেন অক্সাইডৰ নিৰ্গমন ৩.৩ বিলিয়ন গ্ৰাম (billion grams) (২০২০) ৰ পৰা ৫.৬ বিলিয়ন গ্ৰামলৈ (২০২২) বৃদ্ধি পাইছে।
পাৰিপাৰ্শ্বিক প্ৰভাৱ
- অ’জন স্তৰৰ ক্ষতিসাধন :
- এনে প্ৰদূষকবোৰে ৯৯% অতি-বেঙুনীয়া সূৰ্য-ৰশ্মি ৰোধকাৰী অ’জন স্তৰৰ ক্ষতিসাধন কৰে।
- বায়ুত সংপৃক্ত হৈ পৰা এলুমিনিয়াম অক্সাইডে মণ্ট্ৰিয়েল প্ৰট’কলৰ (Montreal Protocol) সফলতালৈ ভাবুকি কঢ়িয়াই আনি অ’জন ৰসায়নৰ (ozone chemistry) সৈতে হস্তক্ষেপ কৰে।
- জলবায়ুজনিত প্ৰভাৱঃ
- ই বায়ুমণ্ডলীয় ৰসায়ন (atmospheric chemistry) সলনি কৰি পৃথিৱীৰ বিকিৰণ ভাৰসাম্য (Earth’s radiative balance) প্ৰভাৱিত কৰে।
- আনকি ক্ষুদ্ৰাতিক্ষুদ্ৰ পৰিৱৰ্তনেও উল্লেখযোগ্য পাৰিপাৰ্শ্বিক পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে।
উপগ্ৰহ আৰু ৰকেটৰ ক্ৰিয়াকলাপ বৃদ্ধিৰ ফলত বায়ুমণ্ডলীয় প্ৰদূষণ বৃদ্ধি পায়। বায়ুমণ্ডল আৰু জলবায়ু সুৰক্ষিত কৰিবলৈ এইক্ষেত্ৰত জৰুৰী ব্যৱস্থা গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন।