১৯৯৩ চনত আৰম্ভ কৰা সাংসদৰ সংসদীয় স্থানীয় ক্ষেত্ৰ উন্নয়ন আঁচনি-এ সাংসদসকলক স্থানীয়ভাৱে অনুভৱ কৰা প্ৰয়োজনীয়তাবোৰ সম্বোধন কৰি তেওঁলোকৰ সংশ্লিষ্ট সমষ্টিসমূহত উন্নয়নমূলক প্ৰকল্পৰ পৰামৰ্শ দিবলৈ অনুমতি আগবঢ়ায়। স্থানীয় উন্নয়নৰ এক সঁজুলি হিচাপে প্ৰশংসা কৰাৰ বিপৰীতে ই সাংবিধানিক নীতি, দায়বদ্ধতাৰ অভাৱ আৰু পুঁজিৰ সম্ভাৱ্য অপব্যৱহাৰ সম্পৰ্কীয় অৱজ্ঞাৰ বাবে সমালোচনাৰ সন্মুখীন হয়।
সাংসদৰ সংসদীয় স্থানীয় ক্ষেত্ৰ উন্নয়ন আঁচনিৰ মূল বৈশিষ্ট্যসমূহ
- উদ্দেশ্যঃ স্থানীয় প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচন ক্ষেত্ৰসমূহত দীৰ্ঘস্থায়ী সামূহিক সম্পত্তি সৃষ্টি কৰা।
- পুঁজি যোগানঃ প্ৰতিজন সাংসদলৈ বছৰি ৫ কোটি টকা পুঁজি আগবঢ়োৱা হয়; অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সাংসদৰ বাবে ক্ৰমে ১৫% আৰু ৭.৫% বৃদ্ধিৰ হাৰ আৱণ্টন কৰা হৈছে।
- পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে (Ministry of Statistics and Program Implementation (MoSPI)) জিলা কৰ্তৃপক্ষক ২.৫ কোটি টকাৰ দুটা কিস্তিত এই পুঁজি বিতৰণ কৰে।
- ৰূপায়ণঃ ৰাজ্যিক নডাল বিভাগসমূহে (nodal departments) আঁচনিখনৰ তত্বাৱধান কৰে; জিলা কৰ্তৃপক্ষই প্ৰকল্পসমূহ অনুমোদন আৰু ৰূপায়ণ কৰে।
- বিশেষ ব্যৱস্থাঃ ৰাষ্ট্ৰীয় একতা প্ৰকল্প (national unity projects) বা দুৰ্যোগ সাহায্যৰ (disaster relief) বাবে নিৰ্বাচনী ক্ষেত্ৰৰ বাহিৰতো পুঁজি আবণ্টন কৰিব পাৰি।
- ৰাষ্ট্ৰীয় একতা বৃদ্ধিকাৰী প্ৰকল্পসমূহৰ বাবে সাংসদসকলে নিজৰ সমষ্টি বা ৰাজ্যৰ বাহিৰত বছৰি ২৫ লাখ টকালৈকে আৱণ্টন কৰিব পাৰে।
- গুৰুতৰ প্ৰাকৃতিক দুৰ্যোগজনিত ক্ষেত্ৰত সাংসদসকলে ভাৰতৰ যিকোনো ঠাইতে সম্বন্ধিত প্ৰকল্পৰ বাবে ১ কোটি টকালৈকে আৱণ্টন কৰিব পাৰে।
- একত্ৰীকৰণঃ দীৰ্ঘস্থায়ী সম্পদ সৃষ্টিৰ বাবে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিযুক্তি গেৰাণ্টি আঁচনি (এম জি এনৰেগা) আৰু ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে খেলো ইণ্ডিয়াৰ (Khelo India) দৰে আঁচনিৰ সৈতে একত্ৰিত কৰিব পাৰিব।
সাংসদৰ সংসদীয় স্থানীয় ক্ষেত্ৰ উন্নয়ন আঁচনিৰ সমালোচনাসমূহ
- সাংবিধানিক উলংঘনঃ
- কাৰ্যপালিকাৰ কাৰ্যত বিধায়িনী ব্যক্তিসকলক জড়িতকৰণে ক্ষমতাৰ পৃথকীকৰণ ভংগ কৰে।
- দ্বিতীয় প্ৰশাসনিক সংস্কাৰ প্ৰতিবেদন (2nd ARC) (২০০৫)-এ স্থানীয় শাসনৰ অধিকাৰৰ সৈতে সংঘাতৰ কথা উল্লেখ কৰি ইয়াক বিলুপ্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছিল।
- দায়বদ্ধতাৰ অভাৱঃ
- এই আইনৰ কোনো বিধিবদ্ধ সমৰ্থন নাই। ই নিয়ম বলবৎকৰণত প্ৰত্যাহ্বান হৈ থিয় দিয়ে।
- ব্যক্তিগত বা ৰাজনৈতিক লাভৰ বাবে অপব্যৱহাৰৰ অভিযোগ সততে উত্থাপিত হয় ।
- কাৰ্যকৰীকৰণৰ সমস্যাঃ
- কেগ(CAG)ৰ প্ৰতিবেদনত অল্প ব্যৱহাৰ (৪৯%-৯০%) বিলম্ব, আৰু নিম্নমানৰ কাৰ্যৰূপায়ণৰ ওপৰত আলোকপাত কৰা হৈছে।
- ৰাজনৈতিক অপব্যৱহাৰঃ
- নিৰ্বাচনৰ সময়ত এই আঁচনিৰ অধীনত পুঁজিৰ ব্যৱহাৰ সম্পৰ্কীয় তদন্ত ৰাজনৈতিকভাৱে অনুপ্ৰাণিত হোৱাৰ অভিযোগ সততে উত্থাপিত হয়।
সাংসদৰ স্থানীয় সংসদীয় ক্ষেত্ৰ উন্নয়ন আঁচনিৰ সমৰ্থনত উত্থাপিত যুক্তিসমূহ
- স্থানীয় উন্নয়নঃ এই আঁচনিয়ে সাংসদসকলক সমষ্টি-নিৰ্দিষ্ট বিষয়সমূহ তাৎক্ষণিকভাৱে সমাধান কৰিবলৈ সক্ষম কৰে।
- নমনীয়তাঃ এই আঁচনিয়ে সাংসদসকলক স্থানীয় দাবী প্ৰতিফলিত কৰা প্ৰকল্পসমূহক অগ্ৰাধিকাৰ দিয়াৰ অনুমতি প্ৰদান কৰে।
- বৰ্ধিত দাবীঃ সাংসদসকলে ৰাজ্যৰ বিধানমণ্ডলৰ সদস্য (বিধায়ক)সকললৈ আবণ্টিত সম্পদৰ সৈতে সদৃশকৰণ সম্পৰ্কে যুক্তি আগবঢ়াই এই আঁচনিআনত সমৰ্থন জনাই আহিছে।
সংস্কাৰ বনাম বিলুপ্তি বিতৰ্ক
- সংস্কাৰসমূহঃ
- সাংসদৰ স্থানীয় সংসদীয় ক্ষেত্ৰ উন্নয়ন আঁচনিলৈ বিধিবদ্ধ সমৰ্থন প্ৰদান কৰা আৰু স্বতন্ত্ৰ নিৰীক্ষণ স্থাপন কৰা।
- এম জি-এনৰেগাৰ দৰে আঁচনিৰ সৈতে মুকলি নিবিদা আৰু একত্ৰীকৰণ প্ৰৱৰ্তন কৰা।
- ন্যায়সংগত উন্নয়নৰ বাবে প্রান্তীয় সম্প্ৰদায়সমূহৰ ওপৰত গুৰুত্ব দিয়া।
- বিলুপ্তিসমূহ :
- অধিক দক্ষ আৰু প্ৰয়োজন-আধাৰিত ব্যৱহাৰৰ বাবে স্থানীয় চৰকাৰলৈ পুঁজি পুনৰ নিৰ্দেশিত কৰা।
- বিদ্যমান চৰকাৰী আঁচনিসমূহৰ সৈতে সদৃশ প্ৰচেষ্টাৰ পুনৰাবৃত্তি পৰিহাৰ কৰা।
সাংসদৰ স্থানীয় সংসদীয় ক্ষেত্ৰ উন্নয়ন আঁচনি-ৰ ভৱিষ্যত স্থানীয় উন্নয়ন বৃদ্ধি আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ মাজত ভাৰসাম্য বজাই ৰখাৰ ওপৰত নিৰ্ভৰ কৰে। যদিও সংস্কাৰসমূহে সাম্প্ৰতিক ত্ৰুটিবোৰ দূৰ কৰিব পাৰে, এনে বিলুপ্তিয়ে প্ৰশাসনক সুবিন্যস্ত কৰিব পাৰে আৰু বিস্তৃত উন্নয়নমূলক লক্ষ্যৰ বাবে সম্পদৰ ব্যৱহাৰ বৃদ্ধি কৰিব পাৰে। এই বিতৰ্ক ভাৰতৰ গণতান্ত্ৰিক আৰু উন্নয়নমূলক অগ্ৰাধিকাৰৰ এক সম্পৰীক্ষা হৈয়ে আছে।