সামাজিক মাধ্যম (SOCIAL MEDIA) আৰু অ’টিটি (OTT) নিয়ন্ত্ৰণ
SOCIAL MEDIA AND OTT REGULATION

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সামাজিক মাধ্যম আৰু অ’টিটি প্লেটফৰ্মৰ বাবে কঠোৰ নিয়মাৱলীৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংসদীয় স্থায়ী কমিটীক বিষয়টো সন্দৰ্ভত অগ্ৰাধিকাৰ দিবলৈ আৰু সামাজিক ঐক্যমত গঢ়ি তুলিবলৈ আহ্বান জনায়।

সামাজিক মাধ্যম আৰু অ’টিটি প্লেটফৰ্মত কঠোৰ আইনৰ প্ৰয়োজনী‌তা

  • সাংস্কৃতিক সংবেদনশীলতাঃ সাম্প্ৰতিক আইন (বিধান)সমূহে ভাৰতৰ স্বতন্ত্র সাংস্কৃতিক মূল্যবোধসমূহক সম্বোধন কৰাত ব্যৰ্থ হয়।
  • অনিয়ন্ত্ৰিত সমলঃ অশ্লীলতা আৰু অনিয়ন্ত্ৰিত অভিব্যক্তিৰ বাবে এনে মঞ্চসমূহৰ ঋণাত্মক ব্যৱহাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে।
  • ভুল তথ্য আৰু ঘৃণাৰ ভাষণঃ পুংখানুপুংখ নিৰীক্ষণৰ অভাৱে ভুৱা বাতৰি আৰু ক্ষতিকাৰক সমলৰ প্ৰসাৰ সম্ভৱ কৰি তোলে।
  • দায়বদ্ধতাৰ সমস্যাঃ এনে মঞ্চসমূহত বিষয়বস্তুৰ দায়বদ্ধতা নিশ্চিতকৰণ ব্যৱস্থাৰ অভাৱ থাকে।
  • যুৱপ্ৰজন্মৰ ওপৰত প্ৰভাৱঃ অনুপযুক্ত সমলৰ সংস্পৰ্শই যুৱ-প্ৰজন্মৰ সামাজিক আৰু ব্যক্তিগত মূল্যবোধৰ ক্ষতিসাধন কৰে।
  • পুৰণি আইনী অৱস্থাঃ বিকশিত ডিজিটেল প্ৰত্যাহ্বানসমূহৰ বাবে বিদ্যমান আইনসমূহ পৰ্যাপ্ত নহয়।
  • বিশ্বজনীন অনুশীলনসমূহঃ কঠোৰ আন্তঃৰাষ্ট্ৰীয় নিয়মাৱলীৰ সৈতে ভাৰতে ৰাষ্ট্ৰীয় নীতিৰ সংগতি ৰাখিলে দায়বদ্ধতা বৃদ্ধি পাব।
  • স্বাধীনতা আৰু দায়িত্বৰ ভাৰসাম্য ৰক্ষা : ই মুক্ত অভিব্যক্তি দায়বদ্ধভাৱে ব্যৱহাৰ কৰাটো নিশ্চিত কৰে।

সামাজিক মাধ্যম আৰু অ’টিটি মঞ্চসমূহ নিয়ন্ত্ৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ

  • তথ্য-প্ৰযুক্তি নিয়মাৱলী, ২০২১ (IT Rules, 2021) : ই বাধ্যতামূলক অভিযোগ নিষ্পত্তি, অনুপালন বিষয়া, আৰু বিষয়বস্তু নিয়ন্ত্ৰণ কৰে।
  • ইণ্ডিয়া আইন (Digital India Act) ২০২৪ : এই আইনত কৃত্ৰিম বুদ্ধিমত্তা, গোপনীয়তা আৰু অনলাইন সমলৰ ওপৰত নিয়মাৱলী আধুনিকীকৰণৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।
  • বিষয়বস্তুৰ শ্ৰেণীবিভাজনঃ অ’টিটি সমলৰ বাবে বয়সভিত্তিক ৰেটিং (U, U/A, A)ৰ ব্যৱস্থা কৰা হ’ব।
  • ভুৱা বাতৰিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণঃ ভুল তথ্য নিয়ন্ত্ৰণৰ বাবে সংশ্লিষ্ট মঞ্চসমূহৰ সৈতে সহযোগিতা স্থাপন কৰা হ’ব।
  • সাংস্কৃতিক সংবেদনশীলতাঃ ইয়াৰ দ্বাৰা ভাৰতীয় মূল্যবোধৰ সৈতে সংমিশ্ৰণক উৎসাহিত কৰা হ’ব।
  • সংসদীয় পৰ্য্যবেক্ষণঃ ই‌য়াৰ জৰিয়তে কঠোৰ আইন আৰু সামাজিক ঐক্যমতৰ বাবে আহ্বান জনোৱা হৈছিল।
  • চাইবাৰ ক্ৰাইম হেল্পলাইন (Cybercrime Helplines) : এই সহায়তা কক্ষত অনলাইন অপব্যৱহাৰ কৰা চেনেলসমূহৰ প্ৰতিবেদন দাখিল কৰিব পাৰি।
  • তথ্য সুৰক্ষা বিধেয়ক (Data Protection Bill) : ভাৰত চৰকাৰৰ এই বিধেয়কখনে ব্যৱহাৰকাৰীৰ গোপনীয়তা সুৰক্ষিত কৰাৰ দিশত অগ্ৰগতিক সূচা‌ইছে।
  • স্ব-নিয়ন্ত্ৰণঃ প্লেটফৰ্মসমূহক নৈতিক সমল সংহিতাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে দায়বদ্ধতা, ব্যৱহাৰকাৰীৰ সুৰক্ষা আৰু অভিব্যক্তিৰ স্বাধীনতাৰ মাজত ভাৰসাম্য বজাই ৰখা।

Leave a Reply