হিমালয়ান হিমবাহীয় হ্ৰদৰ সম্প্ৰসাৰণ
HIMALAYAN GLACIAL LAKES EXPANSION

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (National Green Tribunal (NGT)) হিমালয়ৰ হিমবাহীয় হ্ৰদৰ সম্প্ৰসাৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক জাননী জাৰি কৰিছে।গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে এনে হ্ৰদবোৰৰ আকাৰ বিগত ১৩ বছৰত বাবে প্ৰায় ১০.৮১% বৃদ্ধি পাইছে। ফলত পাৰিপাৰ্শ্বিক আৰু সুৰক্ষাজনিত উদ্বেগ বৃদ্ধি পাইছে।

হিমবাহীয় হ্রদসমূহ

  • হিমবাহ গলি যোৱাৰ ফলত সৃষ্টি হোৱা জলাশয়সমূহ সাধাৰণতে হিমবাহৰ তলত বা ইয়াৰ শৰীৰৰ ভিতৰত অৱস্থিত।
  • গঠনঃ হিমবাহৰ অৱক্ষয় আৰু গলিত পানীৰ অৱনমনৰ দ্বাৰা হিমবাহীয় হ্ৰদৰ সৃষ্টি হয়। ফলত সৃষ্টি হোৱা চাপৰ ফলত অস্থিৰ প্ৰাকৃতিক বৰফ (unstable natural ice) বা মোৰেইন বান্ধ (moraine dams) ফাটি যোৱাৰ সম্ভাৱনা থাকিব পাৰে।
  • সম্প্ৰসাৰণঃ
    • ২০১১ চনৰ পৰা ২০২৪ চনলৈকে ভাৰতৰ ভূপৃষ্ঠ অঞ্চল ৩৩.৭ শতাংশ বৃদ্ধি পাইছে।
    • লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ দৰে বিপদজনক অঞ্চলসমূহত হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বান (GLOFs)ৰ বাবে ৬৭টা উচ্চ বিপদাশংকাযুক্ত হ্ৰদ চিনাক্ত কৰা হৈছে।
  • কাৰণসমূহঃ
  • গোলকীয় উষ্ণতা বৃদ্ধিঃ হিমবাহৰ দ্ৰুতগতিজাত গলন আৰু পশ্চাদপসৰণ।
  • পাৰ্মাফ্ৰ’ষ্ট (Permafrost) গলন : ই নতুন অৱনমন সৃষ্টি কৰে তথা হিমবাহীয় হ্ৰদৰ পৰিসৰ সম্প্ৰসাৰণত সহায় কৰে।

হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানী

  • সংজ্ঞাঃ প্ৰায়ে দ্ৰুত গলন বা প্ৰচণ্ড বৃষ্টিপাতৰ ফলত হ্ৰদৰ পাৰ ভাঙি গ’লে হিমবাহীয় হ্ৰদৰ বিস্ফোৰণসৃষ্ট বানপানীৰ সৃষ্টি হয়।
  • কাৰকসমূহঃ হিমবাহৰ আয়তনৰ পৰিৱৰ্তন, জলস্তৰৰ উঠা-নমা আৰু ভূমিকম্প।
  • ভাৰতত হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানীৰ ঘটনাসমূহ
    • ২০১৩ : চোৰাবাৰী হিমবাহ গলি যোৱাৰ ফলত উত্তৰাখণ্ডত হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানী সংঘটিত হৈছিল।
    • ২০১৪ : লাডাখৰ গিয়াত হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানীৰ সৃষ্টি হৈছিল।
    • ২০২৩ : মুষলধাৰ বৃষ্টিপাতৰ ফলত ছিকিমত দক্ষিণ লোনাক হ্ৰদৰ পাৰ ছিঙি বিধ্বংসী বানৰ সৃষ্টি হৈছিল।

দ্ৰুত হিমবাহ হ্ৰদ সম্প্ৰসাৰণৰ সৈতে জড়িত উদ্বেগসমূহ

  • নামনি জলস্ৰোতৰ ওপৰত প্ৰভাৱঃ বানপানীৰ ফলত স্থানচ্যুতি, জীৱনহানি, সম্পত্তিৰ ক্ষতি আৰু কৃষিকাৰ্য বিৰূপভাৱে প্ৰভাৱিত হ’ব পাৰে।
  • আগতীয়া সতৰ্কবাণীৰ অভাৱঃ ৬৭টা উচ্চ-বিপদাশংকাযুক্ত হ্ৰদ কাৰ্যকৰীভাৱে নিৰীক্ষণ কৰাত দুৰ্বলতা বিৰাজমান।
  • ফিডবেক লুপ (Feedback Loop) : গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে হিমবাহৰ পশ্চাদপসৰণ ত্বৰান্বিত হয়, যাৰ ফলত বিপদশংকা বৃদ্ধি পায়।
  • আন্তঃগাঁথনিজনিত দুৰ্বলতাঃ পথ, দলং আৰু জলবিদ্যুৎ প্ৰকল্পসমূহ অধিক হিমবাহীয় হ্ৰদ বিস্ফোৰণসৃষ্ট বানপানীৰ প্ৰতি অধিক বিপদাপন্ন।
  • পৰিৱেশ তন্ত্ৰৰ ব্যাঘাতঃ বাসস্থানৰ ক্ষতি, পৰিৱৰ্তিত অৱক্ষেপ, আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰভাৱ।
  • গৌণ দুৰ্যোগসমূহঃ
    • অস্থিৰ ঢালৰ ফলত ভূমিস্খলন।
    • উন্মুক্ত সামগ্ৰীৰ ধ্বংসাৱশেষগত প্ৰবাহ।
    • হিমবাহীয় হ্ৰদৰ পাৰসমূহৰ ক্ৰমবৰ্ধিত ক্ষতিৰ মাত্ৰা।
  • জলবায়ু পৰিৱৰ্তন সংযোগঃ হিমালয়ৰ হিমবাহৰ গলনে এক বিলিয়নতকৈও অধিক লোকৰ বাবে গুৰুত্বপূৰ্ণ গুৰুত্বপূৰ্ণ নদী আৰু জলসম্পদৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।

বিপদ হ্ৰাসৰ কৌশলসমূহ

  • উন্নত নিৰীক্ষণঃ হিমবাহীয় হ্ৰদৰ পৰিৱৰ্তন অনুসৰণৰ বাবে উপগ্ৰহীয় চিত্ৰ, ভূমি-ভিত্তিক মূল্যায়ন, আৰু সংশ্লেষিত-এপাৰ্চাৰ ৰাডাৰ (Synthetic-Aperture Radar)ৰ ব্যৱস্থা সংযোজিত কৰা।
  • আগতীয়া সতৰ্কবাণী প্ৰণালীঃ বিপদাশংকাৰ পূৰ্বানুমান আৰু হ্ৰাস কৰিবলৈ বতৰ বিজ্ঞান আৰু জলবিজ্ঞান সম্পৰ্কীয় তথ্য একত্ৰিত কৰা।
  • আন্তঃসীমান্ত সহযোগিতাঃ দেশসমূহৰ মাজত সম্পদ আৰু অনুশীলনসমূহৰ আদান-প্ৰদানৰ বাবে সহযোগিতামূলক পৰিকাঠামো গঢ় দিয়া।
  • স্থিতিস্থাপক আন্তঃগাঁথনি আৰু বহনক্ষম অনুশীলনৰ বাবে সম্পদ একত্ৰিত কৰা (যেনে, দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰতা স্থাপন)
  • স্থানীয় মানৱশক্তি প্ৰশিক্ষণঃ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ দৰে বিশেষ বাহিনীৰ সৈতে দুৰ্যোগ ব্যৱস্থাপনা দক্ষতাধাৰী সম্প্ৰদায়সমূহক শক্তিশালী কৰা।

হিমালয়ৰ হিমবাহীয় হ্ৰদৰ সম্প্ৰসাৰণে জলবায়ু পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ বাস্তৱ আৰু পৰিৱেশ তন্ত্ৰ আৰু মানৱ সুৰক্ষা উভয়ৰে ওপৰত ইয়াৰ প্ৰভাৱ প্ৰতিফলিত কৰে। এই বৰ্ধিত প্ৰত্যাহ্বানৰ ফলত উদ্ভৱ হোৱা বিপদাশংকা হ্ৰাস কৰিবলৈ ফলপ্ৰসূ নিৰীক্ষণ, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু স্থিতিস্থাপকতাৰ ক্ষেত্ৰত বিনিয়োগ অতি গুৰুত্বপূৰ্ণ।

Leave a Reply