৩৫৬ নং অনুচ্ছেদ : ৰাষ্ট্ৰপতিৰ শাসন
PRESIDENT RULE

মণিপুৰত শেহতীয়াকৈ বিদ্যমান অচলাৱস্থাই সাংবিধানিক ব্যৱস্থাৰ বিফলতাৰ এক উৎকৃষ্ট উদাহৰণ প্ৰতিফলিত কৰে। ফলত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৩৫৬ নং অনুচ্ছেদৰ আহ্বান কৰাটো প্ৰয়োজনীয় হৈ পৰে।

ৰাষ্ট্ৰপতি শাসন (৩৬৫ নং অনুচ্ছেদ) সংক্ষিপ্ত বিৱৰণ আৰু মূল ব্যৱস্থাসমূহ

অৰ্থ আৰু প্ৰসংগ

  • সংজ্ঞাঃ ৰাষ্ট্ৰপতি শাসনে সেই সময়ছোৱাক সূচায় যেতিয়া কোনো এক ৰাজ্য চৰকাৰে সাংবিধানিক ব্যৱস্থা অনুসৰি কাম কৰিব নোৱাৰে, আৰু কেন্দ্ৰীয় চৰকাৰে সংশ্লিষ্ট ৰাজ্যখনৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ সাব্যস্ত কৰে।
  • পৰিচিতি : ইয়াক সাংবিধানিক জৰুৰীকালীন অৱস্থা বা ৰাজ্যিক জৰুৰীকালীন অৱস্থা বুলিও জনা যায়। অৱশ্যে সংবিধানত স্পষ্টভাৱে “জৰুৰীকালীন অৱস্থা” (Emergency) বুলি উল্লেখ কৰা হোৱা নাই।
  • উদ্দেশ্যঃ ৰাষ্ট্ৰপতি শাসনৰ অৰ্থ ৰাজ্য এখনত সাংবিধানিক ব্যৱস্থা পুনৰুদ্ধাৰ কৰা, শাসনৰ ধাৰাবাহিকতা নিশ্চিত কৰা আৰু নাগৰিকৰ স্বাৰ্থ সুৰক্ষিত কৰা।
  • ব্যৱস্থাঃ ইয়াক ৰাষ্ট্ৰপতিৰ দ্বাৰা আৰোপ কৰা হয়। ই প্ৰায় ৰাজ্যপালৰ প্ৰতিবেদনৰ ওপৰত আধাৰিত হয়।

সাংবিধানিক ব্যৱস্থাসমূহ

  • প্ৰাসঙ্গিক অনুবন্ধসমূহঃ
    • ৩৫৫ নং অনুচ্ছেদঃ ৰাজ্যসমূহক সুৰক্ষা আৰু সাংবিধানিক শাসন বজাই ৰখাটো কেন্দ্ৰৰ কৰ্তব্য।
    • ৩৫৬ নং অনুচ্ছেদ : ৰাজ্যসমূহত সাংবিধানিক ব্যৱস্থাৰ বিফলতা মোকবিলাৰ উপায় এই অনুচ্ছেদত উল্লেখ আছে।
    • ৩৫৭ নং অনুচ্ছেদ : ৰাষ্ট্ৰপতি শাসনৰ সময়ত আইন প্রণয়নৰ ক্ষমতা সম্বন্ধে উল্লেখ আছে।
    • ৩৬৫ নং অনুচ্ছেদ : কেন্দ্ৰৰ নিৰ্দেশনা পালন কৰাত ৰাজ্যৰ বিফলতাই দেখা দিলে তাক সম্বোধন কৰাৰ উপায় এই অনুচ্ছেদত উল্লেখ কৰা হৈছে।

ৰাষ্ট্ৰপতিৰ শাসন আৰোপৰ ভিত্তি

  • ৩৫৬ নং অনুচ্ছেদ :
    • সংবিধান অনুসৰি ৰাজ্যৰ শাসন ব্যৰ্থতাত ৰাষ্ট্ৰপতিৰ সন্তুষ্টিৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিব পাৰে।
    • অন্যথা ৰাজ্যপালৰ প্ৰতিবেদনৰ ওপৰত ৰাষ্ট্ৰপতিৰ শাসন আধাৰিত হয়।
  • ৩৬৫ নং অনুচ্ছেদ :
    • ৰাজ্য চৰকাৰে কেন্দ্ৰৰ নিৰ্দেশনা পালন কৰাত ব্যৰ্থ হোৱাৰ ফলত সাংবিধানিক শাসন ব্যৰ্থ হয়। তেনে ক্ষেত্ৰত, সংশ্লিষ্ট ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন আৰৌপ কৰিব পাৰি।

সংসদীয় অনুমোদন

  • ৰাষ্ট্ৰপতিৰ শাসন ঘোষণাৰ ২ মাহৰ ভিতৰত উভয় সদনে ইয়াক অনুমোদন জনোৱাৰ প্ৰয়োজন।
  • লোকসভা ভংগ হোৱাৰ সময়ত ৰাষ্ট্ৰপতিৰ শাসন ঘোষিত হ’লে পৰৱৰ্তী লোকসভা পুনৰ্গঠন নোহোৱালৈকে ইয়াৰ সময়সীমাৰ ম্যাদ ৩০ দিনলৈ বৃদ্ধি পায়।

সময়কাল

  • প্ৰথমাৱস্থাত ৰাষ্ট্ৰপতিৰ শাসন ৬ মাহৰ বাবে বৈধ থাকে। পৰৱৰ্তী কালত ছয় মাহৰ ব্যৱধানৰ সৈতে ৩ বছৰলৈকে ই সম্প্ৰসাৰণযোগ্য।
  • ১ বছৰৰ অধিক সম্প্ৰসাৰণৰ বাবে চৰ্তসমূহ (৪৪ তম্ সংবিধান সংশোধনী অনুসৰি)
    • যদিহে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বাহাল আছে।
    • যদিহে সংশ্লিষ্ট ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰি বুলি ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰমাণপত্ৰ প্ৰদান কৰে।

ৰাষ্ট্ৰপতি শাসনৰ প্ৰত্যাহাৰ

  • সংসদীয় অনুমোদন অবিহনে ৰাষ্ট্ৰপতিয়ে যিকোনো সময়তে ইয়াক প্রত্যাহাৰ কৰিব পাৰে।

ৰাষ্ট্ৰপতি শাসনৰ পৰিণামসমূহ

  • ৰাজ্যিক কাৰ্যপালিকা :
    • ৰাজ্যিক মন্ত্ৰী পৰিষদৰ বৰ্খাস্ত ঘটে।
    • ৰাজ্যপালে নিয়োজিত পৰামৰ্শদাতা বা মুখ্য সচিবৰ সৈতে ৰাজ্যখন পৰিচালনা কৰে।
  • ৰাজ্যিক বিধানমণ্ডলঃ
    • ৰাষ্ট্ৰপতিৰ শাসন ঘোষণাৰ লগে লগে বিধানসভা স্থগিত বা ভংগ কৰা হয়।
    • এনে পৰিপ্ৰেক্ষিতত সংসদে বিধায়িনী কাৰ্যসমূহ অধিগ্ৰহণ কৰে; ৰাষ্ট্ৰপতিয়ে অধ্যাদেশসমূহ ঘোষণা কৰিব পাৰে।
    • ৰাষ্ট্ৰপতিৰ শাসনকালত প্ৰৱৰ্তিত আইনসমূহ ৰাষ্ট্ৰপতি শাসনৰ পিছতো বাতিল বা পুনৰ প্ৰণয়ন নকৰালৈকে কাৰ্যকৰী হৈ থাকে।
  • ৰাজ্যিক ন্যায়পালিকাঃ
    • ৰাষ্ট্ৰপতিৰ শাসনকালত উচ্চ ন্যায়ালয়ৰ ক্ষমতা আৰু মৰ্যাদা প্ৰভাৱিত নহয়।

ৰাষ্ট্ৰপতি শাসনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত

  • ন্যায়িক পৰীক্ষাঃ উচ্চতম ন্যায়ালয়ে নিশ্চিত কৰে যে ৰাষ্ট্ৰপতি শাসন আৰোপণৰ ব্যৱস্থাৱলীয়ে সাংবিধানিক নীতি অনুসৰণ কৰে আৰু ৰাজনৈতিক উদ্দেশ্যজনিত অপব্যৱহাৰ ৰোধ কৰে।
  • মূল সিদ্ধান্তসমূহঃ
    • এছ আৰ. বোম্মাই বনাম ভাৰত সংঘ (১৯৯৪)
      • এই গোচৰৰ শুনানিত প্ৰমাণিত হৈছিল যে ৰাষ্ট্ৰপতি শাসন ন্যায়িক পৰ্যালোচনাৰ বিষয়।
      • ই নিশ্চিত কৰিছিল যে ৰাষ্ট্ৰপতিৰ শাসন স্বেচ্ছাচাৰী বুলি গণ্য কৰিলে ইয়াক প্ৰত্যাহ্বান জনাব পাৰি ।
    • ৰামেশ্বৰ প্ৰসাদ গোচৰ (২০০৬)
      • এই গোচৰৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে গুৰুত্ব আৰোপ কৰি কয় যে ৰাষ্ট্ৰপতি শাসনৰ বাবে দিয়া পৰামৰ্শসমূহ বস্তুনিষ্ঠ মানদণ্ডৰ (objective criteria) ওপৰত আধাৰিত হ’ব লাগিব।
      • ই কেৱল কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগত মতামতৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতি শাসনৰ সিদ্ধান্তক নিষিদ্ধ কৰিছিল।

Leave a Reply