পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে (Ministry of Panchayati Raj) প্ৰকাশ কৰিছে যে অৰুণাচল প্ৰদেশৰ বাহিৰে সকলো ৰাজ্যই ৰাজ্যিক বিত্ত আয়োগ গঠন কৰিছে। পঞ্চদশ বিত্ত আয়োগে (15th Finance Commission) ৰাজ্যিক বিত্ত আয়োগ গঠনত হোৱা বিলম্বৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছিল।
ৰাজ্যিক বিত্ত আয়োগ সম্পৰ্কে মূল বিষয়সমূহ
- সাংবিধানিক আদেশঃ
- সংবিধানৰ ২৪৩ – ১ নং অনুচ্ছেদৰ অধীনত ৰাজ্যিক বিত্ত আয়োগ স্থাপিত হয়।
- ৰাজ্যপালসকলে ৭৩তম্ সংবিধান সংশোধনী (১৯৯২) ৰ এবছৰৰ ভিতৰত আৰু তাৰ পিছত প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে ৰাজ্যিক বিত্ত আয়োগ গঠন কৰিব লাগিব।
- ৰাজ্যিক বিত্ত আয়োগে ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়, অৰ্থাৎ পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান (PRIs) আৰু নগৰ স্থানীয় নিকায় (ULBs) ৰ মাজত বিত্তীয় সম্পদ বিতৰণৰ পৰামৰ্শ দিয়ে।
- পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শৱলী –
- ৰাজ্যসমূহৰ কৰণীয় :
- ৰাজ্যিক বিত্ত আয়োগ গঠন কৰা।
- পৰামৰ্শসমূহ কাৰ্যকৰী কৰা।
- বিধানমণ্ডলসমূহলৈ পদক্ষেপ গ্ৰহণ প্ৰতিবেদন (Action Taken Reports (ATRs)) দাখিল কৰা।
- তদুপৰি পঞ্চদশ বিত্ত আয়োগে আগবঢ়োৱা দিহা অনুপালন নকৰাৰ বাবে অনুদান স্থগিতকৰণৰ পৰামৰ্শ আগবঢ়োৱা হৈছিল।
- পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ ভূমিকাঃ ২০২৪-২৫ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে অনুদান মুকলি কৰাৰ আগতে সাংবিধানিক ব্যৱস্থাৰ সৈতে ৰাজ্যৰ অনুপালনৰ প্ৰমাণপত্ৰ প্ৰদান কৰা।
- ৰাজ্যসমূহৰ কৰণীয় :
ৰাজ্যিক বিত্ত আয়োগৰ গুৰুত্ব
- সাংবিধানিক প্ৰয়োজনীয়তাঃ
- ৰাজ্যিক বিত্ত আয়োগে স্থানীয় নিকায়সমূহক তেওঁলোকৰ বিত্তীয় স্বাস্থ্য আৰু স্বতন্ত্ৰতাৰ বাবে নিয়মীয়া বিত্তীয় হস্তান্তৰ নিশ্চিত কৰে।
- বিত্তীয় বিতৰণঃ
- প্ৰশাসন শক্তিশালী কৰিবলৈ স্থানীয় শাসন স্তৰসমূহত ৰাজ্যিক বিত্ত আয়োগে ৰাজ্যভিত্তিক ৰাজহ আবণ্টনৰ ভাৰসাম্য ৰক্ষা কৰে।
- দায়বদ্ধতা বৃদ্ধিঃ
- ৰাজ্যিক বিত্ত আয়োগে বিত্তীয় প্ৰয়োজনীয়তাৰ মূল্যায়ন কৰে, সম্পদৰ সুনিপুণ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়ায় আৰু উন্নত সেৱা প্ৰদানৰ প্ৰসাৰ কৰে।
- প্ৰত্যক্ষভাৱে স্থানীয় প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাঃ
- অনাময় ব্যৱস্থা, স্বাস্থ্য, শিক্ষা আৰু আন্তঃগাঁথনিৰ দৰে অত্যাৱশ্যকীয় সেৱা উন্নত কৰিবলৈ ৰাজ্যিক বিত্ত আয়োগে স্থানীয় নিকায়সমূহক ক্ষমতা প্ৰদান কৰে।
- বিত্তীয় ব্যৱধানসমূহ পূৰণ কৰা :
- দায়িত্বৰ ওপৰত ভিত্তি কৰি বিত্তীয় স্থানান্তৰৰ পৰামৰ্শ দি পুঁজি নোহোৱা আদেশসমূহ সম্বোধন কৰে।
- ৰাজনৈতিক তথা প্ৰশাসনিক বিকেন্দ্ৰীকৰণঃ
- বিত্তীয় স্বায়ত্ততাৰ জৰিয়তে স্থানীয় প্ৰতিনিধিসকলক (যেনে, পঞ্চায়ত প্ৰধান) ক্ষমতা প্ৰদান কৰে।
ৰাজ্যিক বিত্ত আয়োগে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ
- অনুপালনৰ সমস্যাঃ
- মাত্ৰ নখন ৰাজ্যই তেওঁলোকৰ ষষ্ঠ ৰাজ্যিক বিত্ত আয়োগ গঠন কৰিছে; অন্যান্য বহু ৰাজ্য এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আবদ্ধ হৈ আছে।
- ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱঃ
- ৭৩তম্ আৰু ৭৪তম্ সংবিধান সংশোধনীৰ বিৰোধিতা কৰি ক্ষমতা আৰু সম্পদসমূহ সম্পূৰ্ণৰূপে বিতৰণত দেখা দিয়া প্ৰতিৰোধে ৰাজ্যিক বিত্ত আয়োগৰ বিকাশত প্ৰতিবন্ধকতা আনিছে।
- সম্পদৰ অভাৱঃ
- তথ্যৰ অভাৱে ৰাজ্যিক বিত্ত আয়োগৰ কাম-কাজত বাধা দিয়ে, যাৰ বাবে সেইবোৰক আদিৰ পৰা পুনৰাম্ভণি কৰিবলগীয়া হয়।
- বিশেষজ্ঞৰ অভাৱঃ
- ৰাজ্যিক বিত্ত আয়োগৰ মজিয়াত যোগ্য প্ৰযুক্তিবিদ আৰু ৰাজহুৱা বিত্তীয় পেছাদাৰীৰ অভাৱে পৰামৰ্শৱলীৰ মানদণ্ড হ্ৰাস কৰে।
- অস্পষ্টতা আৰু অনুপালনাঃ
- ৰাজ্যসমূহে প্ৰায়ে পদক্ষেপ গ্ৰহণ প্ৰতিবেদন দাখিল কৰাত বা ৰাজ্যিক বিত্ত আয়োগৰ পৰামৰ্শসমূহ ৰূপায়ণ কৰাত ব্যৰ্থ হয়, যাৰ ফলত স্বচ্ছতা হ্ৰাস পায়।
- জনসাধাৰণৰ প্ৰতিৰোধঃ
- সীমিত ৰাজনৈতিক সজাগতা আৰু সম্পৰ্কই ফলপ্ৰসূ বিত্তীয় বিকেন্দ্ৰীকৰণত বাধা দিয়ে।
ভৱিষ্যত কাৰ্যপন্থা
- সময়মতে ৰাজ্যিক বিত্ত আয়োগৰ গঠন আৰু সময়সীমা পালনৰ বাবে নিয়মীয়া নিৰীক্ষণ নিশ্চিত কৰা।
- উন্নত নাগৰিক সন্তুষ্টিৰ বাবে ক্ষমতাপ্ৰাপ্ত স্থানীয় শাসনৰ সুবিধাসমূহৰ বিষয়ে ৰাজ্যসমূহক শিক্ষিত কৰা।
- দক্ষতা আৰু বিশ্বাসযোগ্যতা উন্নত কৰিবলৈ অৰ্থনীতিবিদ আৰু ৰাজহুৱা বিত্তীয় পেছাদাৰীসকলক অন্তৰ্ভুক্ত কৰা।
- সঠিক বিত্তীয় প্ৰতিবেদন আৰু তথ্যপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ বাবে স্থানীয় তথ্য প্ৰণালীৰ আধুনিকীকৰণ।
ৰাজ্যিক বিত্ত আয়োগসমূহে তৃণমূল পৰ্যায়ত বিত্তীয় স্বায়ত্তশাসন আৰু শাসন শক্তিশালী কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সন্তুলিত বিত্তীয় যুক্তৰাষ্ট্ৰীয়তাবাদ আৰু ফলপ্ৰসূ স্থানীয় শাসন প্ৰাপ্ত কৰাৰ বাবে সময়মতে ৰাজ্যিক বিত্ত আয়োগৰ গঠন, বিশেষজ্ঞ নেতৃত্বাধীন পৰামৰ্শ, আৰু সংশ্লিষ্ট ৰাজ্যিক বিত্ত আয়োগৰ ফলাফলসমূহৰ স্বচ্ছ ৰূপায়ণ অত্যাৱশ্যকীয়।