কেন্দ্ৰীয় কেবিনেটে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি (centrally sponsored scheme) হিচাপে ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযান (NMNF)ৰ শুভাৰম্ভণিত অনুমোদন জনাইছে।
প্ৰাকৃতিক কৃষি (Natural Farming)
প্ৰাকৃতিক কৃষি হৈছে এক ৰাসায়নি পদাৰ্থ-মুক্ত, বহনক্ষম কৃষি পদ্ধতি যি পশুধনৰ সম্পদৰ পৰা আহৰণ কৰা জীৱমৃত (Jeevamrit) (তৰল সাৰ) আৰু বীজমৃত (Beejamrit) (বীজ শোধন) ৰ দৰে প্ৰাকৃতিক প্ৰবিষ্টি (natural inputs) ওপৰত নিৰ্ভৰ কৰে।
ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযান (NMNF)ৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল :-
- আৰ্হি প্ৰদৰ্শনীমূলক ফাৰ্মসমূহঃ
- কৃষি বিজ্ঞান কেন্দ্ৰ (Krishi Vigyan Kendras (KVKs)), কৃষি বিশ্ববিদ্যালয় (Agricultural Universities (AUs),) আৰু কৃষকৰ নিজস্ব পথাৰক সাঙুৰি ২,০০০ খন আৰ্হি প্ৰদৰ্শনীমূলক পাম স্থাপন কৰা হ’ব।
- এই কৃষি-পামসমূহে কৃষকসকলক প্ৰাকৃতিক কৃষি পদ্ধতি গ্ৰহণ কৰাৰ বাবে প্ৰশিক্ষণ-ক্ষেত্ৰ আৰু উদাহৰণ-ক্ষেত্ৰ হিচাপে কাম কৰিব।
- প্রশিক্ষণ আৰু সজাগতাঃ
- কৃষক-পাৰদৰ্শী- প্ৰশিক্ষক (Farmer Master Trainers) সকলে ইচ্ছুক কৃষকসকলক প্ৰাকৃতিক কৃষি পদ্ধতিৰ প্ৰশিক্ষণ আগবঢ়াব।
- সজাগতা সৃষ্টি, একত্ৰীকৰণ আৰু কৃষকসকলক সংশ্লিষ্ট থূপত (clusters) সহায় কৰাৰ বাবে ৩০,০০০ কৃষি সখী (Krishi Sakhis) নিয়োগ কৰা হ’ব।
- প্ৰবিষ্টি প্ৰস্তুতকৰণ :
- প্ৰশিক্ষিত কৃষকসকলে পশুধন-আধাৰিত সম্পদ ব্যৱহাৰ কৰি জীৱমৃত (এক প্ৰাকৃতিক তৰল সাৰ) আৰু বীজমৃত (বীজ শোধন সমাধান) ৰ দৰে প্ৰাকৃতিক কৃষি সামগ্ৰী প্ৰস্তুত কৰিব।
- বিত্তীয় ব্যয়ঃ
- মুঠ বাজেটঃ ২,৪৮১ কোটি টকা।
- কেন্দ্ৰীয় চৰকাৰৰ অৱদানঃ ১,৫৮৪ কোটি টকা।
- ৰাজ্যিক অৱদানঃ 897 কোটি টকা।
- ৰূপায়ণৰ লক্ষ্যসমূহঃ
- অহা দুবছৰত গাওঁ পঞ্চায়ত এলেকাসমূহ সাঙুৰি ১৫,০০০ থূপ বিকশিত কৰা হ’ব।
- প্ৰাকৃতিক কৃষি-পদ্ধতি সূচনা কৰিবলৈ ১ কোটি কৃষকৰ কাষ চপাৰ লক্ষ্য নিৰূপণ কৰা হৈছে।
- এলেকাৰ পৰিসৰঃ
- এই অভিযানে প্ৰাকৃতিক কৃষি পদ্ধতিৰ অধীনত অতিৰিক্ত ৭.৫ লাখ হেক্টৰ কৃষিভূমি স্পৰ্শ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
- এই অভিযানৰ অধীনত অত্যধিক সাৰ ব্যৱহৃত অঞ্চল (regions with high fertiliser use) আৰু নমামি গংগে প্ৰৱেশিকা পথৰ (Namami Gange corridor) সমীপৱৰ্তী অঞ্চলসমূহৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
- প্ৰমাণপত্ৰীকৰণ (Certification) আৰু ব্ৰেণ্ডিং (Branding) :
- ইয়াৰ দ্বাৰা বৈজ্ঞানিকভাৱে সমৰ্থিত প্ৰমাণপত্ৰৰ মানদণ্ড স্থাপন কৰা হ’ব।
- সমান্তৰালকৈ, প্ৰাকৃতিকভাৱে উৎপাদিত ৰাসায়নিক-মুক্ত উৎপাদিত সামগ্ৰীৰ বাবে একক ৰাষ্ট্ৰীয় ব্ৰেণ্ড সৃষ্টি কৰা হ’ব।
- বহনক্ষম অভিলক্ষ্যসমূহঃ
- মৃত্তিকাৰ স্বাস্থ্য পুনৰুজ্জীৱিত কৰা, মাটিৰ উৰ্বৰতা আৰু গুণগত মান উন্নীতকৰণৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
- জলাবদ্ধতা (waterlogging), বানপানী আৰু খৰাঙৰ দৰে জলবায়ৱীয় বিপদাশংকাৰ প্ৰতি স্থিতিস্থাপকতা গঢ়ি তোলাত মনোনিবেশ কৰা হ’ব।
- সাৰ আৰু কীটনাশকৰ অত্যাধিক ব্যৱহাৰে কঢ়িয়াই অনা স্বাস্থ্যজনিত বিপদাশংকা হ্ৰাস কৰাত গুৰুত্ব প্ৰদান কৰা হ’ব।
শূন্য বাজেট প্ৰাকৃতিক কৃষি (Zero Budget Natural Farming (ZBNF)) সম্পৰ্কে
শূন্য বাজেট প্ৰাকৃতিক কৃষি হৈছে সুভাষ পালেকাৰে ভাৰতত বিকশিত কৰা এক কৃষি পদ্ধতি যি ৰাসায়নিক পদাৰ্থ-মুক্ত আৰু কম খৰচী কৃষিশৈলীক উৎসাহিত কৰাৰ লগতে আত্ম-নিৰ্ভৰশীল প্ৰাকৃতিক প্ৰক্ৰিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
শূন্য বাজেট প্ৰাকৃতিক কৃষিৰ মূল বৈশিষ্ট্যসমূহ
- শূন্য বাজেটঃ
- ই ৰাসায়নিক সাৰ বা কীটনাশকৰ দৰে বাহ্যিক প্ৰবিষ্টিৰ প্ৰয়োজনীয়তা আঁতৰ কৰে।
- ই সম্পূৰ্ণৰূপে কৃষিপামত উপলব্ধ সম্পদৰ ওপৰত নিৰ্ভৰ কৰে।
- প্ৰাকৃতিক কৃষি পদ্ধতিঃ
- প্ৰাকৃতিক পদ্ধতি ব্যৱহাৰ কৰি মৃত্তিকাৰ স্বাস্থ্য আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ব দিয়া হয়।
- তদুপৰি, ই যিকোনো বাহ্যিক জৈৱিক বা অজৈব সামগ্ৰী পৰিহাৰ কৰে।
- শূন্য বাজেট প্ৰাকৃতিক কৃষিৰ চতুৰ্স্তম্ভ (Four Pillars of ZBNF) :
- জীৱম্রুথ (Jeevamrutha) : জীৱম্রুথ হৈছে মৃত্তিকাক সমৃদ্ধ কৰি তুলিবলৈ গোবৰ, গৰুৰ প্ৰস্ৰাৱ, গুড় আৰু মাটিৰ পৰা তৈয়াৰী এক অণুজৈৱিক কৰ্ষণ (microbial culture)।
- বীজম্রুথ (Bijamrutha) : বীজক কীট-পতংগ আৰু ৰোগৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি কৰা বীজৰ উপচাৰণক বীজম্রুথ আখ্যা দিয়া হৈছে।
- আচ্চাডানা (Acchadana) (মালচিং)(Mulching) : মৃত্তিকাৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ, অপতৃণৰ বৃদ্ধি প্ৰতিৰোধ কৰিবলৈ আৰু মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবলৈ আচ্চাডানা প্ৰক্ৰিয়াই মাটি আৱৰি ৰাখে।
- ৱাফাছা (Waaphasa) (মৃত্তিকাস্তৰত বায়ু চলাচল) (Soil Aeration) : মৃত্তিকা পানী জমা হোৱা প্ৰতিৰোধ কৰিবলৈ আৰু উদ্ভিদ-শিপাক স্বাস্থ্যক সমৰ্থন কৰিবলৈ এই প্ৰক্ৰিয়াই মাটিত পৰ্যাপ্ত বায়ুৰ চলাচল বজাই ৰাখে।
- মাটি-চহ বা ৰাসায়নিক প্ৰবিষ্টিৰ অনুপস্থিতি :
- ইয়াৰ ফলত মৃত্তিকাৰ বিশৃংখলতা ৰোধ হয় আৰু কীট বা অপতৃণ নিয়ন্ত্ৰণৰ বাবে ৰাসায়নিক হস্তক্ষেপ ই পৰিহাৰ কৰে।
- ব্যয় দক্ষতাঃ
- সংকুচিত কৃষি-ব্যয়ে প্ৰাকৃতিক কৃষি পদ্ধতিক ক্ষুদ্ৰ আৰু প্রান্তীয় কৃষকসকলৰ বাবে আদৰ্শ হিচাপে গঢ়ি তোলে।
- জল সংৰক্ষণঃ
- প্ৰাকৃতিক কৃষি-পদ্ধতিয়ে মাটিৰ আৰ্দ্ৰতা ধৰি ৰখা, বৰষুণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা অভ্যাসসমূহক উৎসাহিত কৰে।
- থলুৱা গৰুৰ ওপৰত গুৰুত্ব দিয়াঃ
- জীৱম্ৰুথা প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় গোবৰ আৰু প্ৰস্ৰাৱ সংগ্ৰহৰ ক্ষেত্ৰত স্থানীয় গৰুৰ প্ৰজাতি ব্যৱহাৰ কৰাত এই অভিযানে গুৰুত্ব আৰোপ কৰে।
- বহনক্ষমতা :
- ই পাৰিপাৰ্শ্বিক ভাৰসাম্য আৰু মৃত্তিকাৰ দীৰ্ঘম্যাদী উৰ্বৰতাক উৎসাহিত কৰে।
- পৰিৱেশ অনুকূলন-যোগ্য :
- প্ৰাকৃতিক কৃষি-পদ্ধতিয়ে প্ৰদূষণ হ্ৰাস কৰাৰ সমান্তৰালকৈ ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ক্ষতিকাৰক প্ৰভাৱ হ্ৰাস কৰে।
- স্বাস্থ্যজনিত উপকাৰিতাঃ
- প্ৰাকৃতিক কৃষি-পদ্ধতিয়ে ৰাসায়নিক পদাৰ্থ-মুক্ত, পুষ্টিকৰ শস্য উৎপাদন কৰি গ্ৰাহকৰ স্বাস্থ্য উন্নত কৰাত অৰিহণা যোগায়।
জৈৱিক কৃষি (Organic Farming) আৰু প্ৰাকৃতিক কৃষিৰ (Natural Farming) মাজৰ পাৰ্থক্য
দিশ | জৈৱিক কৃষি | প্ৰাকৃতিক কৃষি |
সংজ্ঞা | জৈৱিক কৃষিশৈলীয়ে সাৰ আৰু জৈৱ-কীটনাশকৰ দৰে জৈৱিক সামগ্ৰী ব্যৱহাৰ কৰে। | আনহাতে প্ৰাকৃতিক কৃষিশৈলীয়ে প্ৰাকৃতিক চক্ৰৰ ওপৰত নিৰ্ভৰ কৰি সকলো বাহ্যিক প্ৰবিষ্টি পৰিহাৰ কৰে। |
প্ৰবিষ্টিসমূহ | জৈৱিক কৃষিশৈলীত জৈৱিক সাৰ আৰু জৈৱ কীটনাশক ব্যৱহাৰ কৰা হয়। | ইয়াৰ বিপৰীতে, প্ৰাকৃতিক কৃষিশৈলীত কোনো সাৰ বা কীটনাশক ব্যৱহাৰ নহয়; ই সম্পূৰ্ণৰূপে পৰিৱেশ তন্ত্ৰ-চালিত। |
দৰ্শন | জৈৱিক কৃষিশৈলী এক প্ৰমাণিত বহনক্ষম কৃষি পদ্ধতি। | প্ৰাকৃতিক কৃষিশৈলীয়ে প্ৰকৃতিৰ সৈতে সম্প্রীতি গঢ়ি তোলে; এইক্ষেত্ৰত কোনো প্ৰমাণপত্ৰৰ প্ৰয়োজন নহয়। |
মৃত্তিকাৰ উৰ্বৰতা | জৈৱিক কৃষিশৈলীত জৈৱিক সাৰ আৰু পচন সাৰৰ জৰিয়তে মৃত্তিকাৰ উৰ্বৰতাক ৰক্ষণাবেক্ষণ কৰা হয়। | ইয়াৰ বিপৰীতে, প্ৰাকৃতিক কৃষিশৈলীত প্ৰাকৃতিকভাৱে মালচিং আৰু আৱৰণ শস্যৰ জৰিয়তে মৃত্তিকাৰ উৰ্বৰতা নিয়ন্ত্ৰিত হয়। |
জল-ব্যৱহাৰ | জৈৱিক কৃষিশৈলীত অধিক পানীৰ প্ৰয়োজন হ’ব পাৰে। | প্ৰাকৃতিক কৃষিশৈলীয়ে প্ৰাকৃতিকভাৱে আৰ্দ্ৰতা ধৰি ৰাখিবলৈ উৎসাহিত কৰে। ইয়াৰ ফলত এইবিধ কৃষি শৈলীত তাকৰ পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। |
ব্যয় আৰু উৎপাদন | জৈৱিক কৃষিশৈলীত কিছু কিছু ক্ষেত্ৰত উচ্চ মাত্ৰাত ব্যয় হ’ব পাৰে। ইয়াৰ ফলত অৱশ্যই অধিক উৎপাদন সৃষ্টি হ’ব পাৰে। | কিন্তু প্ৰাকৃতিক কৃষিশৈলীত ব্যয় যথেষ্ট নিম্ন পৰিমাণৰ হয়। এই কৃষিশৈলীত প্ৰাৰম্ভণিতে উৎপাদন কম পৰিমাণৰ হ’ব পাৰে। |