পদ্মনাথ গোহাঞিবৰুৱা (Padmanath Gohain Baruah)
আধুনিক অসমীয়া সাহিত্য জগতৰ অন্যতম প্ৰাত: স্মৰণীয় ব্যক্তি পদ্মনাথ গোহাঞিবৰুৱা (Padmanath Gohain Baruah)। অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতিৰ পদ অলংকৃত কৰা পদ্মনাথ গোহাঞিবৰুৱাই অৰ্ধ শতাব্দীৰো অধিক কাল অসমীয়া সাহিত্যৰ একান্ত সেৱকৰূপে আত্মনিবেদন কৰি গ’ল। কালজয়ী অমৰ সৃষ্টিৰাজিয়ে তেখেতে অসমৰ সাহিত্য-সংস্কৃতিৰ ভেঁটি সমৃদ্ধ কৰি থৈ গৈছে।
১৮৭১ চনৰ ২৪ ডিচেম্বৰত উত্তৰ লক্ষীমপুৰৰ নাৰায়ণপুৰ নকাৰী গাঁৱত, ঘিনাৰাম গোহাঞিবৰুৱা আৰু লম্ভী দেৱীৰ ঔৰসত পদ্মনাথ গোহাঞিবৰুৱাৰ (Padmanath Gohain Baruah) জন্ম হয়। পদ্মনাথ গোহাঞিবৰুৱাৰ পূৰ্ব পুৰুষসকল জাঁজী অঞ্চলৰ শিমলুগুৰি গাঁৱত আছিল। পদ্মনাথৰ পিতৃ ঘিনাৰাম গোহাঞিবৰুৱা থাওৰুৰু বুঢ়াগোহাঞিৰ পৰিয়ালৰ চতুৰ্দশ পৰিয়ালৰ মূল মানুহ। পিতৃয়ে সৰুকালতেই উত্তৰ লক্ষীমপুৰলৈ আহি এটি সৰু চৰকাৰী চাকৰি লৈ তাতে থিতাপি লয়হি। পৰৱৰ্তী পৰ্যায়ত তাতে মৌজাদাৰ হিচাপে বিষয় ভোগ কৰে।
পদ্মনাথ আছিল পিতৃ- মাতৃৰ অষ্টমটো সন্তান। সম্ভ্ৰান্ত ঘৰত জন্ম লাভ কৰাৰ হেতু পদ্মনাথৰ শিশুকাল আলহ-উদহৰ মাজেদিয়েই অতিবাহিত হৈছিল। বায়েক মাহিন্দ্ৰী পদ্মনাথৰ অতি ঘনিষ্ঠ আছিল। সেয়ে বায়েকৰ বিয়াৰ পিছত পদ্মনাথে শিৱসাগৰৰ ভিনিহিয়েকৰ ঘৰত চেমনীয়া কাল কটাইছিল।
পদ্মনাথ গোহাঞিবৰুৱা (Padmanath Gohain Baruah) ৰ শৈক্ষিক জীৱন :
পদ্মনাথ গোহাঞিবৰুৱাৰ বিদ্যাৰম্ভ উত্তৰ লক্ষীমপুৰৰ চহৰীয়া পঢ়াশালিত হৈছিল। এই নিম্ন প্ৰাইমেৰী বিদ্যালয়খন পিছলৈ মজলীয়া ছাত্ৰবৃত্তি স্কুললৈ উন্নীত হৈছিল। তাৰে পৰাই ছাত্ৰবৃত্তি পাছ কৰি পৰৱৰ্তী শিক্ষা গ্ৰহণৰ হেতু তেখেত শিৱসাগৰলৈ গৈ তাৰে চৰকাৰী হাইস্কুলত অধ্যয়ন কৰিছিল। সেই সময়ত চৰকাৰে নিয়ম কৰিছিল যে মৌজাদাৰসকলে চাৰ্ভে পাছ কৰিব লাগে। পদ্মনাথৰ দেউতাকে চাৰ্ভে পৰীক্ষা দিয়াটো সম্ভবপৰ নাছিল সেয়ে পদ্মনাথে চাৰ্ভে উত্তীৰ্ণ হৈ দেউতাকৰ পৰিবৰ্তে মৌজাদাৰ হোৱাৰ পৰিকল্পনা চলালে। অৱশ্যে চৰকাৰে পদ্মনাথৰ পিতৃক যিমান দিনলৈ ইচ্ছা সিমান দিনলৈ বিনাপাছে মৌজাদাৰী বিষয় বাব ভোগ কৰিবলৈ অনুমতি দিয়াত তেখেত মৌজাদাৰ হবলগীয়া নহল। পৰৱৰ্তী পৰ্যায়ত পদ্মনাথে পুনৰ আধৰুৱা শিক্ষা গ্ৰহণৰ হেতু শিৱসাগৰ হাইস্কুলতে (Sibsagar Highschool) নাম লগালে। সেই সময়তেই তেখেত শিৱসাগৰ চৰকাৰী স্কুলৰ প্ৰধান শিক্ষক স্বনামধন্য চন্দ্ৰমোহন গোস্বামীৰ সান্নিধ্যলৈ আহিছিল। শিক্ষা গুৰুৰ সৈতে পদ্মনাথৰ সম্পৰ্ক অতিকৈ আদৰৰ আছিল। গুৰু-শিষ্যৰ আন্তৰিক সম্পৰ্কৰ এক উৎকৃষ্ট উদাহৰণ আছে। শিক্ষাগুৰু চন্দ্ৰমোহন গোস্বামী হঠাতেই কহিমা হাইস্কুললৈ হেডমাষ্টাৰ হৈ বদলি হ’ল। তেওঁ শিৱসাগৰ স্কুলৰ পৰা যোৱাৰ পিছতেই পদ্মনাথে থিৰাং কৰিলে যে তেওঁ গুৰু গোস্বামীদেৱৰ স্কুলতহে পঢ়িব। কথামতেই পদ্মনাথে ইন্দ্ৰনাথ আৰু মথুৰানাথ দুজন ছাত্ৰৰ সৈতে পদব্ৰজে কহিমা অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। সেই যাত্ৰা অত্যন্ত দুঃসাহসিক আছিল। তাহানিতে এতিয়াৰ দৰে কহিমা যোৱাৰ ৰাস্তা সুগম নাছিল। গাড়ী চলাচলৰ ব্যৱস্থা নাছিল, মাথোন ঠায়ে ঠায়ে অটব্য অৰণ্য ভাঙি পৰ্বতৰ কাষ কটা অকোৱা-পকোৱা বাটেদি যাবলগীয়া হৈছিল। আৰু এনেদৰেই পদ্মনাথে কঠিন পথ অতিক্ৰম কৰি চন্দ্ৰমোহন গোস্বামীৰ তত্বাৱধানত থাকি কহিমা হাইস্কুলত শিক্ষাগ্ৰহণ কৰিছিল আৰু তাত আঠ মাহ পঢ়ি তেওঁ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। পদ্মনাথৰ সফলতাত শিক্ষাগুৰু চন্দ্ৰমোহন গোস্বামীদেৱ অত্যন্ত আনন্দিত হৈছিল। সেই আনন্দত গদগদ হৈ তেখেতে এজন বন্ধুৰ আগত প্ৰকাশ কৰিছিল- “পদ্ম মোৰ আটাইতকৈ নুমলীয়া শিষ্যপুত্ৰ। তাক এণ্টেঞ্চ পাছ কৰোৱাৰ লগতে মোৰ শিক্ষকতাৰো আধ্যা পৰিল।”
উল্লেখ্য যে পদ্মনাথেই কহিমা হাইস্কুলৰ পৰা প্ৰৱেশিকা পাছ কৰা প্ৰথম ছাত্ৰ। ইয়াৰ পিছতে ১৮৯০ চনত তেখেত উচ্চ শিক্ষা গ্ৰহণৰ হেতু কলিকতালৈ যায় আৰু তাৰ ৰিপন কলেজত ভৰ্তি হয়। তেওঁ কলিকতাত এফ এ পঢ়িছিল যদিও সেয়া সমাপ্ত নহল। তেওঁ ওকালতি শ্ৰেণীতো নাম লগাইছিল যদিও পঢ়া শেষ নকৰাকৈ অসমলৈ উভতি আহে।
পদ্মনাথ গোহাঞিবৰুৱা (Padmanath Gohain Baruah) ৰ কৰ্মজীৱন :
পদ্মনাথ গোহাঞিবৰুৱাই কলিকতাত উচ্চ শিক্ষা আধৰুৱাকৈ সমাপ্ত কৰি অসমলৈ উভতি আহি ওকালতি পৰীক্ষাৰ বাবে সাজু হৈছিল যদিও সেই সময়ত তেখেতে কহিমা চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষকৰূপে নিযুক্তি পায়। কহিমাত কেইবাবছৰো শিক্ষকতা কৰাৰ পিছত তেখেত ১৮৯৬ চনত তেজপুৰৰ নৰ্মাল স্কুললৈ হেডমাষ্টাৰ হিচাপে বদলি হয়। পদ্মনাথ গোহাঞিবৰুৱাই কৰ্মময় জীৱনত তেজপুৰ চৰকাৰী হাইস্কুল, যোৰহাট চৰকাৰী হাইস্কুল আদিতো কাম কৰিছিল। তেওঁ কিছুকাল তেজপুৰ পৌৰসভাৰ সভাপতিৰ পদো অলংকৃত কৰিছিল।
কহিমাত শিক্ষকতা কৰি থাকোতেই পদ্মনাভ গোহাঞিবৰুৱাই পিতৃৰ আদেশ বিবাহ পাশত আবদ্ধ হবলগীয়া হৈছিল। প্ৰথমা পত্নী লীলাৱতীৰ অকাল মৃত্যু হোৱাত তেওঁ হীৰাৱতীৰ লগত দ্বিতীয় বিবাহপাশত আৱদ্ধ হয়। এওৰ গৰ্ভতে সাতজনী ছোৱালী আৰু এটি ল’ৰাৰ জন্ম হয়।
পদ্মনাথ গোহাঞিবৰুৱা (Padmanath Gohain Baruah) ৰ অসমৰ সাহিত্যৰাজিলৈ অৱদান :
পদ্মনাথ গোহাঞিবৰুৱাই (Padmanath Gohain Baruah) কলিকতাত শিক্ষা গ্ৰহণৰ সময়ছোৱাতে সাহিত্য চৰ্চাৰ প্ৰতি অধিক আকৰ্ষিত হৈছিল। সেই সময়তে তেখেতে বঙ্কিম চন্দ্ৰ, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰ্শন পাইছিল। বিশেষকৈ লোকেন পালিতৰ যিটো ঘৰত আনন্দৰাম বৰুৱাৰ মৃত্যু হৈছিল, সেই ঘৰটোত স্বেছাসেৱক ৰূপে থাকি আনন্দৰাম বৰুৱাৰ সোঁৱৰণী মন্থন কৰিছিল। শৈশৱৰ পৰাই তেওঁৰ সাহিত্য প্ৰীতি থাকিলেও কলিকতীয়া কালচোৱাতহে পদ্মনাথ গোহাঞিবৰুৱাৰ সাহিত্য সৃষ্টি আৰম্ভ হয়। উক্ত সময়তেই তেখেতে অসমীয়া ভাষাৰ উন্নতি সাধিনী সভাৰ নিয়মীয়া সদস্য হৈ সাহিত্য আলোচনাত অংশ লৈছিল। কলিকতাত থকা সময়ছোৱাতেই পদ্মনাথ গোহাঞিবৰুৱাই ভানুমতী উপন্যাস লিখি উলিয়াইছিল। অসমীয়া সাহিত্যৰ প্ৰথমখন উপন্যাস হিচাপে স্বীকৃত ভানুমতী কৃষ্ণপ্ৰসাদ দুৱৰাই সম্পাদনা কৰা বিজুলী আলোচনীত ১৮৯১ চনত প্ৰকাশ পাইছিল। ইয়াৰ পিছতেই বিজুলী আলোচনী দ্বিতীয় বছৰৰ তৃতীয় সংখ্যাৰ পৰা তেখেতে সম্পাদনা আৰু প্ৰকাশকৰ দায়িত্বও গ্ৰহণ কৰিছিল। সেই
সময়ত তেওঁ গুণাভিৰাম বৰুৱাৰ (Gunabhiram Barua) পৰা যথেষ্ট সহায় লাভ কৰিছিল। সেই কালতেই তেখেতে “লাহৰী” (১৮৯২) নামৰ উপন্যাসখনো প্ৰকাশ কৰি উলিয়াই। এই কিতাপখন মাত্ৰ ২৩ দিনতেই তেখেতে লিখি আৰু ছপা কৰি উলিয়াইছিল।
পদ্মনাথ গোহাঞিবৰুৱাই বিজুলীৰ (Bijulee) লগতে বন্তি আৰু উষা আলোচনীৰো সম্পাদনা আৰু পৰিচালনাৰ দায়িত্ব গ্ৰহন কৰিছিল। বন্তি (Asom Banti) (১৯০১) আলোচনীৰ প্ৰথম সম্পাদক মথুৰা মোহন বৰুৱা আছিল যদিও পিছলৈ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদকৰ দায়িত্ব গ্ৰহন কৰিছিল। ইংলেণ্ডৰ ৰাণী ভিক্টোৰিয়াৰ মৃত্যুত তেখেতে লিখা “মহাৰাণী” নামৰ বিশেষ প্ৰবন্ধটো বন্তি আলোচনীতেই প্ৰকাশ পাইছিল। উল্লেখ্য যে সাহিত্যক পেঞ্চন পোৱাৰ পিছত পদ্মনাথ গোহাঞিবৰুৱাই প্ৰথম সাহিত্য কৰ্ম হিচাপে উষা (Usha) (১৯০৭-১৯১২) আলোচনী প্ৰকাশ কৰিছিল।
নাট্যকাৰ হিচাপে পদ্মনাথ গোহাঞিবৰুৱাই মুঠ ৫ খন নাটক ৰচনা কৰিছিল। ইয়াৰে জয়মতী, গদাধৰ, সাধনী, লাচিত বৰফুকনক ঐতিহাসিক নাটক আৰু বাণৰজাক পৌৰাণিক নাটক হিচাপে অভিহিত কৰিছে। আনহাতে তেখেতে লিখা তিনিখন প্ৰহসন হল “গাঁওবুঢ়া”, “টেটোন তামূলী” আৰু “ভূত নে ভ্ৰম”।
পদ্মনাথ গোহাঞিবৰুৱাই লীলা, জুৰণি (১৯০১), ফুলৰ চানেকি(১৯৪১) নামেৰে কবিতা পুথি ৰচনা কৰিছিল। “লীলা” কবিতা পুথিখন তেখেতে পত্নী লীলাৱতীৰ মৃত্যুত ৰচনা কৰিছিল।
অসমীয়া শিক্ষাৰ্থীসকলৰ পাঠ্যপুথিৰ অভাৱ দূৰ কৰিবলৈ তেখেত নীতিশিক্ষা, সাহিত্য সংগ্ৰহ আৰু জীৱনী সংগ্ৰহৰ দৰে ৰচনাৰাজিও সৃষ্টি কৰিছিল।
পদ্মনাথ গোহাঞিবৰুৱাই কাব্য, নাটক আৰু উপন্যাস লিখাৰ উপৰিও “শ্ৰীকৃষ্ণৰ” দৰে গহীন গদ্যপুথি আৰু “গীতসাৰ”ৰ দৰে দাৰ্শনিক গ্ৰন্থ ৰচনা কৰিছে। ইয়াৰে “শ্ৰীকৃষ্ণ” গ্ৰন্থখনি তিনিটা খণ্ডত প্ৰকাশিত হৈছে। এই গ্ৰন্থখনে পদ্মনাথ গোহাঞিবৰুৱাই গদ্যৰীতিৰ বৈশিষ্ট্যৰ পৰিচয় দিয়ে। জীৱনৰ ভাটিবেলাত বৰুৱাই “গীতাসাৰ” ৰচনা কৰিছিল। এই গ্ৰন্থখনি ঘাইকৈ সংস্কৃত গীতাৰ মুকলি অনুবাদ হলেও প্ৰসংগ আৰু সংযোগাত্মক বাক্য নিজস্ব আছিল।
অসম বুৰঞ্জীৰ তেখেতৰ একমাত্ৰ বুৰঞ্জীমূলক গ্ৰন্থ। অৱশ্যে ভাৰতৰ মুছলমান বুৰঞ্জী আৰু হিন্দু বুৰঞ্জী নামৰ আন দুখন গ্ৰন্থ লিখিছিল যদিও সেয়া অপ্ৰকাশিত হৈ ৰল। এই সমূহৰ জৰিয়তে তেখেতে অসমৰ কেইবাশ বছৰৰ বুৰঞ্জী লিপিবদ্ধ কৰি ৰাখিছিল। আনহাতে আৱাহনৰ আলোচনীত তেখেতে নিয়মিতভাৱে “মোৰ সোঁৱৰণী” নামৰ আত্মজীৱনী লিখিছিল যদিও সেয়াও আধৰুৱা হৈ ৰল।
পদ্মনাথ গোহাঞিবৰুৱা (Padmanath Gohain Baruah) ৰ সামাজিক জীৱন :
অসমৰ সাহিত্যৰ পিতামহ স্বৰূপ পদ্মনাথ গোহাঞিবৰুৱা (Padmanath Gohain Baruah) ১৯১৭ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল। ১৯১৮ চনত গোৱালপাৰাত চন্দ্ৰধৰ বৰুৱাৰ সভপতিত্বত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনত সম্পাদকৰ পদত নিৰ্বাচিত হৈছিল। গোহাঞিবৰুৱা আহোম এচোচিয়েশ্যনৰ সম্পাদক আছিল। অসমৰ লেজিচলেটিভ এচেমব্লীত আহোম প্ৰতিনিধি আছিল। অসম চৰকাৰৰ উপদেষ্টা সমিতিৰ “কাউন্সিল”লৈকো তেখেত মনোনীত হৈছিল।
সামৰণি :
পদ্মনাথ গোহাঞিবৰুৱা (Padmanath Gohain Baruah) অসমীয়া ভাষা সাহিত্যৰ পথ প্ৰদৰ্শক কাণ্ডাৰী। গোহাঞিবৰুৱাৰ ব্যক্তিত্বক সন্মান কৰি বৃটিছ চৰকাৰে তেখেতক “ৰায়বাহাদুৰ” সন্মান প্ৰদান কৰিছিল। তদুপৰি ১৯০৬ চনত তেখেতক ইংৰাজ চৰকাৰে পোন প্ৰথমবাৰৰ বাবে সাহিত্যিক পেঞ্চন প্ৰদান কৰিছিল আৰু এই সন্মান লাভ কৰা তেখেতে প্ৰথমগৰাকী সাহিত্যিক। অসমীয়া সাহিত্যৰ একনিষ্ঠ সেৱকজনৰ ১৯৪৬ চনৰ ৭ এপ্ৰিলত পৰলোকপ্ৰাপ্তি হয়।
মোৰ সোঁৱৰণী – পদ্মনাথ গোহাঞিবৰুৱাৰ
অসমীয়া সাহিত্যত গোহাঞিবৰুৱাৰ স্থান: ড০ মহেশ্বৰ নেওগ।
পদ্মনাথ গোহাঞিবৰুৱাৰ সাহিত্য কীৰ্তি: তীৰ্থনাথ শৰ্মা
গোহাঞিবৰুৱাৰ জীৱন আলেখ্য: নৱকান্ত বৰুৱা
অসম সাহিত্য সভাৰ সভাপতি সকল: সমীন কলিতা
গোহাঞিবৰুৱাৰ জীৱনী সাহিত্য: মুনীন বৰকটকী
অসম সাহিত্য সভাৰ প্ৰথম সভাপতি: আনন্দ চন্দ্ৰ বৰুৱা