লক্ষ্মীনাথ বেজবৰুৱা
(Lakshminath Bezbarua)

লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbarua)

অসমৰ জাতীয় সংগীতৰ সৃষ্টিকৰ্তা লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া ভাষা-সাহিত্যৰ  অন্যতম প্ৰাত:স্মৰণীয় ব্যক্তি। তেখেতৰ কলমৰ স্পৰ্শত জীপাল হৈ উঠিছিল অসমীয়া সাহিত্যৰ পথাৰ, সৃষ্টি হৈছিল বহু আপুৰুগীয়া ৰচনা।

১৮৬৪ চনৰ ১৯ নবেম্বৰ তাৰিখে লক্ষ্মী পূৰ্ণিমাৰ নিশা মহাবাহুৰ বুকুত নৌকাৰ কোলাত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল। তেখেতেৰ “মোৰ জীৱন সোঁৱৰণ” জীৱনীখনিত অতি অনুপমকৈ বৰ্ণনা কৰি গৈছে।  লক্ষ্মীনাথ বেজবৰুৱাৰ নিজৰ ভাষাৰে “মাতৃদেৱীয়ে বালিৰ আঁৰ কাপোৰৰ ভিতৰত ভাত ৰান্ধিবলৈ সোমাইছিল। এনেতে তেওঁৰ গা বেয়া কৰাত, তেওঁ ভাত ৰান্ধিবলৈ এৰি, নাৱৰ কুন্ধিলৈ আহিল আৰু আজিৰ এই জীৱন-সোঁৱৰণ লেখক তেতিয়াৰ কোনো এক শুভ মুহূৰ্তত ভূমিষ্ঠ নহৈ নৌকাস্থ হ’ল। শুনিছিলোঁ, সেইদিনা হেনো পূৰ্ণিমা আৰু লক্ষ্মীপূজা আছিল। সেই দেখিয়ে এই লেখকৰ নাম পিছত লক্ষ্মীনাথ ৰখা হৈছিল।”

তেওঁৰ পিতৃৰ নাম দীননাথ বেজবৰুৱা আৰু মাতৃৰ নাম থানেশ্বৰী দেৱী। পিতৃ-মাতৃৰ তেৰটি পুত্ৰ আৰু ছয়জনী কন্যা আছিল। বেজবৰুৱা পিতৃ-

মাতৃৰ পঞ্চমটো সন্তান। আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহই দীননাথক ৰাজকুলৰ ‘বেজবৰুৱা’ পাতিছিল। বৃটিছ চৰকাৰে দীননাথ বেজবৰুৱাক দেৱানী চিৰস্তদাৰ পদ দিয়ে আৰু পিছত মুঞ্চিফ পদত নিযুক্তি দিয়ে। মাতৃ থানেশ্বৰী দেৱী ৰামায়ণ আৰু দশমৰ পদ ভাঙোতাৰূপে খ্যাত অনন্ত কন্দলীৰ ঘৰৰে জীয়ৰী আছিল। পিতৃ চৰকাৰী মুঞ্চিফ আছিল কাৰণে কৰ্মসূত্ৰে গুৱাহাটী, তেজপুৰ, উত্তৰ লক্ষীমপুৰ আদি প্ৰায়বোৰ ভ্ৰমিছিল। সেই সুযোগতে লক্ষ্মীনাথে বিভিন্ন ঠাইৰ বিভিন্ন লোকৰ লগত পৰিচয় ঘটি নানান অভিজ্ঞতা আহৰণ কৰিছিল।

লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbarua) শৈক্ষিক জীৱন :

বেজবৰুৱাই উত্তৰ লক্ষীমপুৰত পঢ়াশলীয়া জীৱন আৰম্ভ কৰিছিল। পিছত শিৱসাগৰ চৰকাৰী উচ্চ বিদ্যালয়ত নাম ভৰ্তি কৰি তাৰ পৰাই ১৮৮৬ চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ বৃত্তিও লাভ কৰিছিল। ঘৰৰ পৰিয়ালৰ বাধাকো নেওচি বেজবৰুৱাই উচ্চ শিক্ষা গ্ৰহণৰ হেতু কলিকতালৈ গৈছিল। অৱশ্যে ককায়েক গোবিন্দ বেজবৰুৱাই সমৰ্থন আগবঢ়াইছিল। কলিকতালৈ গৈ প্ৰথমতে তেওঁ কালিঘাটৰ এটা পৰিয়ালত থাকি ৰিপণ কলেজত অধ্যয়ন কৰিছিল যদিও বিশেষ অসুবিধাত তেওঁ কলিকতা এৰি ঘৰলৈ উভতি আহে। পৰৱৰ্তী পৰ্যায়ত পুনৰ তেওঁ কলিকতালৈ গৈ ১৮৮৮ চনত  চিটী কলেজৰ পৰা এফ. এ আৰু ১৮৯০ চনত এচেমব্লি কলেজৰ পৰা বি.এ. পাছ কৰে। লক্ষ্মীনাথ বেজবৰুৱাই আইন আৰু ইংৰাজী বিষয়ত এম. এ. পঢ়িছিল যদিও ই অসম্পূর্ণ হৈ ৰ’ল। শিক্ষাৰ ক্ষেত্ৰত পিতৃ দীননাথ বেজবৰুৱাৰ ইচ্ছা আছিল পুতেকক আয়ুর্বেদিক বিদ্যাত পাৰ্গত কৰা। কিন্তু লক্ষ্মীনাথ শিৱসাগৰ বিদ্যালয়ত পঢ়ি ইংৰাজী শিক্ষাৰ প্ৰতিহে বেছিকৈ আকৰ্ষিত হৈছিল।

লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbarua) কৰ্ম জীৱন :

লক্ষ্মীনাথ বেজবৰুৱা চাকৰিতকৈ ব্যৱসায়ৰ প্ৰতিহে অধিক গুৰুত্ব আৰোপ কৰিছিল। সেয়ে তেওঁ কৰ্মময় জীৱন আৰম্ভ কৰে ব্যৱসায়ৰ মাজেৰেহে ৷ অসমৰ বিখ্যাত ব্যৱসায়ী ভোলানাথ বৰুৱাৰ সৈতে লগ লাগি কপাহ আৰু কাঠৰ ব্যৱসায় আৰম্ভ কৰে। মিচচেলেনিয়াচ ষ্টোর্চ নামে কলিকতাতে তেওঁ এখন দোকানো আৰম্ভ কৰিছিল। কাঠৰ ব্যৱসায়ত ভোলানাথৰ সৈতে তেওঁৰ মনোমালিন্য হোৱাত লক্ষ্মীনাথে নিজাকৈ  ব্যৱসায়ত লাগে। কিন্তু তাতো সফল নোহোৱাত, ১৯১৬ চনত তেওঁ বাৰ্ড কোম্পানীৰ চাকৰিত সোমায়। এই চাকৰিৰ কালতে তেওঁ বংগদেশ আৰু উৰিষ্যাৰ নানা ঠাইলৈ যাবলগীয়া হৈছিল। ১৯২৭ চনত কোম্পানীয়ে তেওঁক পঠায় অসমলৈ। ১৯২৮ চনত তেওঁ কোম্পানীৰ চাকৰি ইস্তাফা দিয়ে আৰু এইবাৰ তেওঁ সম্বলপুৰত নিজাকৈ কাঠৰ ব্যৱসায় আৰম্ভ কৰে। বেজবৰুৱাই জীৱনৰ সৰহভাগ দিন কটায় উৰিষ্যাৰ সম্বলপুৰত।

লক্ষ্মীনাথ বেজবৰুৱাই ১৮৯১ চনৰ ১১ মাৰ্চত বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ মহর্ষি দেবেন্দ্ৰনাথ ঠাকুৰৰ তৃতীয় পুত্ৰ আৰু কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ ভাতৃ হেমেন্দ্ৰনাথ ঠাকুৰৰ কন্যা প্রজ্ঞা সুন্দৰী দেৱীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। মহর্ষি দেবেন্দ্ৰনাথ ঠাকুৰে তেওঁক এটি সোণৰ কলম উপহাৰ দি কৈছিল যে, তেওঁ এই কলমৰ পৰা সুনিপুণ লেখা বাহিৰ হ’ব। উল্লেখ্য যে, বিয়াত কন্যা পক্ষৰ পৰা বিবাহ উপলক্ষে আগবঢ়োৱা দহ হেজাৰ টকাৰ যৌতুক তেওঁ গ্ৰহণ কৰা নাছিল। তেখেতৰ আত্মজীৱনীত উল্লেখিত মতে, বিখ্যাত ঠাকুৰৰ কন্যাক বিয়া কৰোৱাৰ পিছত লক্ষ্মীনাথক সেই ঠাকুৰ পৰিয়ালৰ সৈতে একাত্ম কৰিবলৈ প্ৰয়াস কৰোৱাৰ লগতে বংগ ভাষাৰ হৈ প্ৰচাৰৰ কৰিবলৈ আগ্ৰহ কৰিছিল। লেখকৰ ভাষাত “তেওঁলোকৰ ইচ্ছা, মই অসমীয়া ভাষাৰ হকে চেষ্টা চৰিত্ৰ পৰিত্যাগ কৰি বংগ ভাষাৰ উন্নতি কামনাত লাগি যাও। তাৰ গুৰিত এনে এটা ভাবোঁ আছিল যে তেওঁলোকৰ পৰিবাৰ ভুক্ত জোঁৱাই মই যেন সম্পূৰ্ণৰূপে বঙালী হৈ যাওঁ। কিন্তু লাহে লাহে তেঁওলোকে দেখিবলৈ পালে যে, ইংৰাজীত কবৰ নিচিনা, “They have caught a Tartar in me” মই অজীন পাতকী হৈ দেখা দিলোঁ। তেঁওলোকৰ সুখৰ সপোনত ব্যাঘাত ঘটিল; মই তেওঁলোকক নিৰাশ কৰিলোঁ।” অৱশ্যে স্বাধীনচেতিয়া মনৰ লক্ষ্মীনাথ বেজবৰুৱাই (Lakshminath Bezbarua) স্বকীয়তাৰ অমৰ্যদা হবলৈ কদাপি দিয়া নাছিল।

লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbarua) সাহিত্য চৰ্চা:

লক্ষ্মীনাথ বেজবৰুৱাই (Lakshminath Bezbarua) স্কুলীয়া জীৱনৰ পৰাই সাহিত্য চৰ্চা আৰম্ভ কৰিছিল। অৱশ্যে কলিকতাৰ থকাৰ সময়তহে সাহিত্য চৰ্চাৰ কামত অধিক মনোনিবেশ দিছিল। ১৮৮৮ চনত তেওঁ কলিকতাত থাকোতেই হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ হৈতে মিলিত হৈ অসমীয়া ভাষা-সাহিত্যৰ উন্নতিৰ হকে  অ.ভা.উ.সা.সভা প্রতিষ্ঠা কৰে। লক্ষ্মীনাথ আছিল অ.ভা.উ.সা. সভাৰ সম্পাদক আৰু ধন ভঁৰালী । ১৮৮৯ চনত তিনিওজন সাহিত্যিকৰ আপ্রান প্ৰচেষ্টাত  ‘জোনাকী’ আলোচনী প্ৰকাশ পায়। লক্ষ্মীনাথে এই আলোচনীৰ তৃতীয় আৰু চতুৰ্থ বছৰটোত সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। উল্লেখ্য যে হৰিবিলাস আগৰৱালাৰ মাজুপুত্ৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱাৰ বন্ধুত্বৰ সম্পৰ্ক অতি ঘনিষ্ঠ আছিল। পিছলৈ হেমচন্দ্ৰ গোস্বামীয়ো তেওঁলোকৰ সংগী হৈছিল। এই সম্পৰ্কত বেজবৰুৱাই মোৰ জীৱন সোঁৱৰণত উল্লেখ কৰিছে যে, ” কলিকতালৈ অহাৰ পিছতে মোৰ সমবয়সীয়া চন্দ্ৰকুমাৰ আগৰৱালাৰ সৈতে মোৰ এনে বন্ধুত্ব হয় যে তাত এটোপাও পানী সৰকিব নোৱাৰিছিল। কিছুদিনৰ পিছত বন্ধুবৰ হেমচন্দ্ৰ গোস্বামীও আমাৰ ভিতৰত সোমাল আৰু আমি নিৰহ-নিপানীকৈ ‘ ত্ৰিনিটি’ হ’লোহক; অৰ্থাৎ একেই তিনি, তিনিয়েই এক”। উদ্যমী ডেকা সাহিত্যিকসকলৰ পাৰস্পৰিক বন্ধুত্ব আৰু সহযোগিতাৰ ফচল ‘জোনাকী’ আলোচনীয়েই অসমীয়া সাহিত্যলৈ ৰোমাণ্টিকতাৰ ভাবধাৰা কঢ়িয়াই আনে। পৰৱৰ্তী পৰ্যায়ত এই তিনি বন্ধু তথা সাহিত্যকক ‘ত্রিমূৰ্ত্তি’ হিচাপে অভিহিত কৰা হৈছিল।

১৯১০ চনত বেজবৰুৱাই ‘বাঁহী’ আলোচনী সম্পাদনা কৰে ৷ এই আলোচনী ১৭ বছৰে প্রকাশিত হৈছিল। তেখেতৰ অমৰ সৃষ্টি তথা বৰ্তমানে অসমৰ জাতীয় সংগীত হিচাপে পৰিচিত ” ‘অ’ মোৰ আপোনাৰ দেশ” গীতটি এই বাঁহী আলোচনীতে প্ৰকাশ পাইছিল।

নাট্যকাৰ ৰূপে বেজবৰুৱা আছিল অদ্বিতীয়। চক্ৰধ্বজ সিংহ, জয়মতী কুঁৱৰী, বেলিমাৰ আদি নাটকৰ যোগেদি বেজবৰুৱাই অসম বুৰঞ্জীৰ গৌৰৱ উজ্বল অধ্যায়ৰ কাহিনী হৃদয় পৰশি যোৱাকৈ বৰ্ণনা কৰিছে। ১৮৯০ চনত প্ৰকাশ পোৱা লিতিকাই বেজবৰুৱাৰ প্ৰথম ধেমেলিয়া নাটক। ইয়াৰ পিছত ১৯১৩ চনত ‘চিকৰপতি আৰু নিকৰপতি’, ‘নোমল’ আৰু ‘পাচনি’ নাটক ৰচনা কৰে। কিন্তু এই নাট কেইখনৰ মাজত হাস্যৰসৰ প্ৰভাৱ বেছি। সেয়ে সমালোচকসকলে তেওঁৰ এই চাৰিখন নাটকক প্ৰহসনমূলক নাটৰ শাৰীতহে থব বিচাৰে।

সাধুকথাৰ ৰচক হিচাপে বেজবৰুৱা আছিল অন্যতম। তেখেতৰ সাধুকথাৰ কুকি, বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি-লৰা মনোৰম সাধুৰ পুথি। বুঢ়ী আইৰ সাধু পুথি আন কেইবাটাও ভাষালৈ অনুদিত হৈছে। জুনুকা তেখেতৰ একমাত্ৰ শিশু গ্ৰন্থ।

লক্ষ্মীনাথ বেজবৰুৱা (Lakshminath Bezbarua) অসমীয়া সাহিত্যৰ প্ৰথম চুটি গল্পৰ লেখক। সুৰভি (১৯০৯), জোনবিৰি(১৯১৩), কেঁহোকলি(১৯৬৮) আদি তেখেতৰ সাৰ্থক চুটি গল্পৰ সংগ্রহ।

বেজবৰুৱাৰ দুখন কবিতা পুথি ‘কদমকলি’ ১৯১৩ চনত আৰু পদুমকলি ১৯৬৮ চনত প্ৰকাশিত হৈছিল। কদমকলি পুথিত ৪৮ টা আৰু পদুমকলি পুথিত ২৭ টা কবিতা উল্লেখ আছে। বীণ বৰাগী, অসম সঙ্গীত, ধনবৰ আৰু ৰৰ্তনী, ৰতনীৰ বেজাৰ, অসম সংগীত আদি মূল্যবান কবিতাসমূহ এই দুয়োখন কবিতাপুথিত অন্তৰ্ভুক্তি আছে।

লক্ষ্মীনাথ বেজবৰুৱাই (Lakshminath Bezbarua), কৃপাবৰ বৰুৱা ছদ্ম নামেৰে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, বৰবৰুৱাৰ উভতনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, বুলনি আদি হাস্য-ব্যঙ্গ ৰচনাৰে অসমীয়া সাহিত্যৰ জগতলৈ এক অনবদ্য অৱদান আগবঢ়াই গৈছে।

বেজবৰুৱাই ৰচিত জীৱনীমূলক গ্ৰন্থসমূহ হল:- দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত্ৰ (১৯০৯), শ্ৰী শ্ৰী শঙ্কৰদেৱ (১৯১১), মহাপুৰুষ শ্ৰী শঙ্কৰদেৱ আৰু শ্ৰী মাধৱদেৱ, পত্ৰলেখা, দীনলেখা ইত্যাদি। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আত্মজীৱনী ‘ মোৰ জীৱন সোঁৱৰণ ‘ ত ১৮৬৪ চনৰ নৱেম্বৰ মাহৰ পৰা আৰম্ভ কৰি ১৯৩৮ চনৰ মৃত্যুৰ দহবছৰমান আগলৈকে এই সুদীৰ্ঘ জীৱন বৃত্তৰ বস্তুনিষ্ঠ পৰিক্ৰমা প্ৰকাশ পাইছে।

আনহাতে বেজবৰুৱাই ৰচিত আলোচনামূলক গ্ৰন্থৰাজি হৈছে- কামত কৃতিত্ব লভিবৰ সংকেত (১৯০৩), ভাগৱত কথা (১৯১৫), ভাৰতবৰ্ষৰ বুৰঞ্জী (১৯১৯), তত্ত্বকথা(১৯৬৩), কৃষ্ণকথা, অসমীয়া ভাষা আৰু সাহিত্য আদি।

সামৰণি:-

লক্ষ্মীনাথ বেজবৰুৱাৰ (Lakshminath Bezbarua) অনুপম সৃষ্টিৰাজি অসমীয়া সাহিত্যৰ একো একোটি মূল্যবান সম্পদ। এইজনা মহান সাহিত্যিকে ১৯২৪ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিৰ পদ শুৱনি কৰিছিল। ইয়াৰ পূৰ্বে ১৯১৬ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম ছাত্ৰ সন্মিলনীৰো সভাপতিৰ পদ অলংকৃত কৰিছিল। তেখেতৰ বিশাল সৃষ্টিৰাজিয়ে আমাক সমৃদ্ধ কৰাই নহয় আধুনিক অসমীয়া সাহিত্য জগতলৈ এক চিৰযুগমীয়া পথ মুকলি কৰি থৈ গৈছে। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা ৰসাল সৃষ্টিৰাজিৰ বাবে ১৯৩১ চনত অসম সাহিত্য সভাই শিৱসাগৰৰ অধিবেশনত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধিৰে বিভূষিত কৰে। অসমীয়া সাহিত্য জগতৰ মনীষ জনক ১৯৩৩ চনত বৰোদাৰ মহাৰজা গাইকোঁৱৰে বিশেষভাৱে বক্তৃতা প্ৰদানৰ হেতু নিমন্ত্ৰণ জনাইছিল। লক্ষ্মীনাথ বেজবৰুৱাই আধুনিক অসমীয়া সাহিত্যৰ বিকাশ আৰু বিস্তাৰৰ বাবে সমগ্ৰ জীৱন অতিবাহিত কৰিছিল। এই সাধনাৰ বাবে, তেওঁ আজি আমাৰ মাজত সাহিত্যৰথী হিচাপে পৰিচিত। আধুনিক অসমীয়া সাহিত্য জগতৰ সোণসেৰীয়া যাত্ৰাৰ অন্যতম কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ (Lakshminath Bezbarua) ১৯৩৮ চনৰ ২৬ মাৰ্চত জোঁৱায়েক ৰোহিনী কুমাৰ বৰুৱাৰ ডিব্ৰুগড়স্থিত বাসগৃহত ইহলীলা সম্বৰণ কৰে। সেইদিনাই অসমীয়া সাহিত্য জগতৰ এগছি উজ্বল বন্তি চিৰদিনলৈ নুমুৱাই গৈছিল। জ্যোতিপ্ৰসাদ আগৱালাৰ ভাষাত, ” অসমীয়াৰ হকে মাতিবলৈ, অসমীয়াৰ হকে লিখিবলৈ, অসমীয়াৰ হকে যুঁজিবলৈ সেই অবিশ্ৰান্ত লিখনিৰ লিখা মাথোন মৰণৰ দিনাহে শেষ পৰিল।

উৎস:

বেজবৰুৱাৰ গ্ৰন্থাৱলী (প্ৰথম খণ্ড)

বেজবৰুৱাৰ গ্ৰন্থাৱলী (দ্বিতীয় খণ্ড)

সাহিত্যৰথী- ড০ প্ৰফুল্ল কটকী

অসম সাহিত্য সভাৰ সভাপতি সকল – সমীন কলিতা

অসমীয়া জীৱনী অভিধান- ড০ শিৱনাথ বৰ্মন।

Leave a Reply