ৰজনীকান্ত বৰদলৈ (Rajanikanta Bordoloi)
আধুনিক অসমীয়া সাহিত্যিত যিগৰাকী সাধকৰ হাতত অসমীয়া উপন্যাসে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰিছিল তেৱেঁই হ’ল ৰজনীকান্ত বৰদলৈ (Rajanikanta Bordoloi)। তেওঁ উপন্যাসসমূহৰ মাজেৰে অতীত অসমৰ বহুতো গৌৰৱময় আৰু অশ্ৰুসিক্ত লোমাহষৰ্ক কাহিনী প্ৰতিফলিত কৰিছে। বিশাল উপন্যাস ৰচনাৰাজিৰ বাবে তেখেতক উপন্যাস সম্ৰাট, অসমীয়া উপন্যাসৰ পিতা, অসমীয়া স্কট, অসমৰ বঙ্কিমচন্দ্ৰ আদি আখ্যাৰে সন্মানিত কৰা হৈছে।
ৰজনীকান্ত বৰদলৈৰ ১৮৬৭ চনৰ ২৪ নৱেম্বৰত, গুৱাহাটীৰ হেদায়েৎপুৰত জন্ম হয়। তেওঁৰ পিতৃ নৰকান্ত বৰদলৈ আৰু মাতৃ স্বর্ণময়ী দেৱী। তেওঁলোকৰ পূৰ্বপুৰুষ দিহিঙৰ। বৰদলৈৰ ককাদেউতাক তুৱাৰাম বৰদলৈ। তুৱাৰাম বৰদলৈয়ে মানৰ আক্ৰমণত নদিয়া-শান্তিপুৰলৈ যায়। মানৰ আক্ৰমণ কমাত তেওঁ বজালী অঞ্চললৈ আহি তাতে ঘৰ-মাটি কৰি স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। এই বজালীতে বৰদলৈ পিতৃ নৰকান্ত জন্ম হয় ৷ নৰকান্তই বজালী ত্যাগ কৰি, ক্ৰমে হাজো, উত্তৰ গুৱাহাটী আৰু পিছত গুৱাহাটীতে বসতি কৰিবলৈ লয়। ৰজনীকান্ত বৰদলৈৰ মোমায়েকৰ ঘৰ উত্তৰ গুৱাহাটীত আছিল।
শৈক্ষিক জীৱন:
ৰজনীকান্ত বৰদলৈয়ে (Rajanikanta Bordoloi) উত্তৰ গুৱাহাটীত মোমায়েকৰ ঘৰত থাকিয়ে প্রাথমিক শিক্ষা আৰম্ভ কৰে ৷ ১৮৮৫ চনত তেওঁ গুৱাহাটী চৰকাৰী হাইস্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। এই পৰীক্ষাত তেওঁ এটি কুৰি টকীয়া বৃত্তিও লাভ কৰে। তাৰ পিছত তেওঁ উচ্চ শিক্ষা ল’বলৈ কলিকতালৈ যায়। কলিকতাৰ মেট্রোপলিটান কলেজৰ পৰা ১৮৮৭ চনত তেওঁ এফ. এ. পৰীক্ষাত উত্তীর্ণ হয়। ১৮৮৯ চনত তেওঁ বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়।
কৰ্মজীৱন:
শৈক্ষিক জীৱন সামৰণি পেলাই ১৮৯০ চনত তেওঁ গুৱাহাটী উপায়ুক্তৰ কাৰ্যালয়ত কেৰাণীৰ চাকৰিত নিযুক্ত হয়। এনে সময়তে এদিন গেইট চাহাবে তেওঁক অসম সম্পর্কে প্রশ্ন কৰাত আৰু সেই প্রশ্নৰ উত্তৰ তেওঁ দিব নোৱৰাত, গেইট চাহাব তেওঁৰ প্ৰতি অসন্তুষ্ট হয়। কিন্তু বৰদলৈৰ আন গুণত মুগ্ধ হৈ, ১৮৯১ চনত তেওঁক গেইট চাহাবে চব ডেপুটী কলেক্টৰ পদ লাভ কৰাত সহায় কৰি দিয়ে । গেইট চাহাবকো তেওঁ ‘A history of Assam’ গ্ৰন্থ ৰচনা কৰোঁতে নানা তথ্যৰ সমল গোটাই দিছিল বৰদলৈয়ে। বৰদলৈৰ চাকৰি জীৱনত পদোন্নতি হৈ উত্তৰ লক্ষীমপুৰ চাব ডেপুটী কালেক্টৰ আৰু তাৰ পিছত বৰপেটালৈ বদলি হয়। ১৯০১ চনত তেওঁ এছিষ্টেণ্ট কমিছনাৰ আৰু ১৯০৯ চনত নগাঁৱৰ উপায়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰে। ১৯১৮ চনত তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।
সাহিত্য চৰ্চা:
ৰজনীকান্ত বৰদলৈ (Rajanikanta Bordoloi) ডাঙৰীয়াই অসমীয়া সাহিত্যলৈ বিশিষ্ট বৰঙণি আগবঢ়াইছে। তেওঁ আছিল একাধাৰে ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, নাট্যকাৰ, হাস্য-ৰসিক। কলিকতাত পঢ়াকালতেই ৰজনীকান্ত বৰদলৈয়ে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ লগত জড়িত হয়। সেই সময়ত কলিকতাৰ পৰা প্ৰকাশিত ‘জোনাকী’ত তেওঁ ‘শৰীৰ তত্ত্ব’শীৰ্ষক এলানি প্ৰবন্ধও প্ৰকাশ কৰিছিল। তেওঁ কলেজীয়া জীৱনতে ৱাল্টাৰ স্কট আৰু বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ আৰ্হিৰে এলানি উপন্যাস ৰচনা কৰাৰ সংকল্প লৈছিল। এই পটভূমিৰে ৰচিত তেওঁৰ বুৰঞ্জীমূলক উপ্যাসসমূহ হ’ল— মনোমতী (১৯০০), দন্দুৱাদ্ৰোহ (১৯০৯), ৰঙ্গিলী (১৯২৫), নিৰ্ম্মল ভকত (১৯২৬), তাম্ৰেশ্বৰীৰ মন্দিৰ (১৯২৬), ৰহদৈ লিগিৰী (১৯৩০), ৰাধা ৰুক্মিণীৰ ৰণ আদি।
‘মনোমতী’ (১৯০০) বৰদলৈৰ প্রথম ঐতিহাসিক উপন্যাস। এই উপন্যাসৰ পটভূমি মানৰ তৃতীয় আক্ৰমণ। হৰকান্ত বৰৱাৰ পুতেক লক্ষ্মীকান্ত আৰু চণ্ডী বৰুৱাৰ জীয়েক মনোমতীৰ মাজত গঢ়ি উঠা প্ৰণয়ক ৰাজনৈতিক ঘটনা চক্ৰই কেনে এক ধুমুহাৰ সৃষ্টি কৰিছিল তাৰ মনোৰম কাহিনীয়ে ‘মনোমতী”। উপন্যাসখনৰ পৰা মানৰ আক্ৰমণ, মানৰ অত্যাচাৰ, হাদিৰাচকিৰ ৰণ, ইংৰাজ আৰু মানৰ সংঘৰ্ষ আদিৰ খবৰৰ উপৰিও সেই সময়ৰ অসমৰ সামাজিক ব্যৱস্থা, উৎসৱ- পাৰ্বণ আদিৰো আভাস পাব পাৰি। আনহাতে দন্দুৱা দ্ৰোহ’(১৯০৯) বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক দন্দুৱা-দ্ৰোহৰ পটভূমিৰ আধাৰত ৰচিত। বদন বৰফুকন আৰু তেওঁৰ পুত্রদ্বয়ৰ অত্যাচাৰত হৰদত্ত আৰু তেওঁৰ ভাতৃ বীৰদত্তই কামৰূপৰ চৌধাৰী, বনুৱাসকলক একত্ৰিত কৰি আহোমৰ বিৰুদ্ধে সংগঠিত কৰাৰ কাহিনীয়ে এই উপন্যাসৰ মূল আধাৰ। উপন্যাসখন মহীৰাম আৰু পদ্মকুমাৰীৰ এক প্রেম কাহিনীৰ মাজেৰে আগবঢ়াই নিয়া হৈছে। সাত বিহুৰ বৰ্ণনা, বিহু নাচ, নানা খেল-ধেমালি, দুর্গোৎসৱ, ঢুলীয়া-ওজাপালি, তীর্থস্থান, সত্ৰ, মঠ-মন্দিৰ আদিৰ বৰ্ণনাই উপন্যাসখনৰ মান বৃদ্ধি কৰিছে। প্ৰবাদ অনুসৰি প্ৰাচীন কালত শদিয়াৰ কেঁচাই খাতী গোসাঁনীৰ থানত নৰ বলি দিয়া প্ৰথা প্ৰচলিত আছিল। উপন্যাসিকে তাম্ৰেশ্বৰী মন্দিৰত সেই পৰিবেশক প্ৰাধান্য দি “তাম্ৰেশ্বৰী মন্দিৰ” শীৰ্ষক উপন্যাসখনি ৰচনা কৰিছে। অৱশ্যে ১৮৯৫ চনত মিৰি সমাজৰ পটভূমিত ৰচিত তেওঁৰ প্ৰথম অসমীয়া সামাজিক উপন্যাস হ’ল— “মিৰি জীয়ৰী’। জনজাতীয় জীৱন কাহিনীক লৈ এই উপন্যাস ৰচিত। মিৰিসকল অসমীয়া জন-জীৱনৰ অন্যতম অঙ্গ। এওঁলোকৰ আচাৰ-ব্যৱহাৰ, জীৱন প্ৰণালী, ৰীতি-নীতি, ধৰ্মীয় দিশ আদিৰ এক সুকীয়া বৈশিষ্ট্য আছে। এই সম্প্ৰদায়ৰ সম্পৰ্কে এটি জৰীপ চলাবলৈ গেইট চাহাবে বৰদলৈক পোনতে অনুৰোধ কৰে। সেই মৰ্মে বৰদলৈয়ে সোৱণশিৰি উপত্যকাৰ মিৰিসকলৰ বিষয়ে অধ্যয়ন কৰি, মিৰি জীৱনৰ পটভূমি জংকি আৰু পানে নামৰ এহাল ডেকা-গাভৰুৰ এটা জীয়া আৰু মৰ্মস্পৰ্শী কাহিনীৰ অৱলম্বনত ৰচনা কৰে ‘মিৰি জীয়ৰী’ উপন্যাস। তেওঁৰ আনখন উপন্যাস হ’ল, ‘খাম্বা-থুইবীৰ সাধু”। এই উপন্যাসখনি মূলতঃ মণিপুৰৰ এটি জনপ্ৰিয় সাধুকথাৰ আলমত ৰচিত। ৰজনীকান্ত বৰদলৈৰ দুখন মূল্যৱান গ্রন্থ হল- ‘জ্ঞান-সপোন’ (১৮৯৭) আৰু ‘মনোবিজ্ঞান’।
তেওঁৰ গল্পসম্ভাৰ হ’ল— গা-ধন (১৯৩১), প্ৰেমৰ উপাসক (১৯৩২), সৌন্দৰ্যৰ উপাসক (১৯৩২) আদি। তেওঁৰ ৰচিত প্ৰবন্ধ সম্ভাৰৰ ভিতৰত হ’ল- অসম চুতীয়া সন্মিলন, মণিপুৰী জাতি, শ্ৰীশ্ৰীভট্টদেৱ, শদিয়া ৰাজ্যৰ পুৰণি তত্ত্ব, দক্ষিণপাট সত্ৰৰ ‘নৰদেৱ সত্ৰাধিকাৰ, দেৱদামোদৰ আৰু হিন্দু ধৰ্ম, অসমত উপন্যাসৰ সঁজুলি, আত্মজীৱন চৰিত, মোৰ জীৱনৰ অভিজ্ঞতা, মোৰ সাহিত্যিক জীৱনৰ অতীত কাহিনী, মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ আদি ৷ এই প্রবন্ধৰাজি আসাম হিতৈষী, আৱাহন, বাঁহী, মিলন, জোনাকী, উষা আদি আলোচনীত প্ৰকাশিত হৈছিল। তেওঁ ‘অসম প্ৰদীপিকা’ (১৯২৫) নামে আলোচনী এখনো সম্পাদনা কৰিছিল।
ৰজনীকান্ত বৰদলৈৰ (Rajanikanta Bordoloi) অনন্য সৃষ্টিৰাজি তথা তেখেতৰ উপন্যাসসমূহৰ সম্পৰ্কে ড° সত্যেন্দ্ৰনাথ শৰ্মাই মন্তব্য কৰিছে যে, “বৰদলৈয়ে উপন্যাসসমূহ আদৰ্শাত্মক দৃষ্টিভংগীৰে ৰচনা কৰিছে।উপন্যাসকেইখনত প্ৰণয়ৰ উদ্ভৱ আৰু বিকাশ যদিও প্রধান বিষয় হৈ পৰিছে, তথাপি প্রাসংগিকভাৱে ধৰ্ম, সংস্কৃতি আৰু সমাজৰ অন্যান্য দিশৰ ওপৰতো যথেষ্ট পোহৰ পেলাইছে। তেওঁৰ উপন্যাসৰ প্ৰেম দেহজ স্তৰত আৰম্ভ হৈ আদৰ্শাত্মক অৱস্থাত পৰিণতি লাভ কৰিছে। তেওঁ সৰু-বৰ, সৎ-অসৎ সকলো চৰিত্ৰকে সহানুভূতিশীল দৃষ্টিৰে আঁকিছে। প্রাকৃত বা সৰল চহা জীৱনৰ প্ৰতি গভীৰ প্ৰীতি, নদ-নদী, পৰ্বত-টিলাৰে পৰিপূৰ্ণ অসমৰ নৈসৰ্গিক পৰিবেশৰ লগত গভীৰ প্রীতিপূর্ণ পৰিচয়, ঈশ্বৰৰ মাঙ্গলিক বিধানৰ ওপৰত গভীৰ নিষ্ঠা, বৈষ্ণৱ আদৰ্শৰ প্ৰতি আস্থা আৰু আশাবাদী দৃষ্টিয়ে বৰদলৈৰ উপন্যাসমূহ ৰঞ্জিত কৰিছে। বৰদলৈৰ উপন্যাসসমূহ নায়িকা প্রধান। দুষ্টা, ব্যাভিচাৰিণী, নির্দয়া বা শঠতাৰে পূৰ্ণ কোনো নাৰী চৰিত্ৰ পোৱা নাযায়। চৰিত্ৰসমূহ পোনপটীয়া সৰল, মানসিক দ্বন্দ্ব স্ত্ৰী বা পুৰুষ কোনো চৰিত্ৰতে নাই বুলিলেও হয় ।
মানবীয় দুৰ্বলতা চৰিত্ৰত নথকা নহয়, কিন্তু লিখকৰ সহানুভূতিশীল চৰিত্রাঙ্কনৰ ফলত পাঠকৰ সহানুভূতি আকৰ্ষণ কৰিব পাৰিছে। বৰদলৈৰ উপন্যাসত মনস্তাত্ত্বিক বিশ্লেষণ নাই; প্ৰায়বোৰ প্ৰধান চৰিত্ৰই এক বৈশিষ্ট্যপূর্ণ।”
উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ উপন্যাসৰ প্ৰতিটো চৰিত্ৰই মোহিনীয় সৃষ্টি। অসমীয়া নাৰীৰ ধৈৰ্য, সহনশীলতা আৰু সক্ৰিয় বুদ্ধিদ্বীপ্ত ৰূপটো তেখেতৰ উপন্যাসত স্পষ্টৰূপে ফুটি ওলাইছে।
সামৰণি:
১৯২৫ চনৰ ২৭ ডিচেম্বৰৰ পৰা নগাঁৱত অনুষ্ঠিত হোৱা অসম সাহ্যিত সভাৰ অষ্টম অধিবেশনত ৰজনীকান্ত বৰদলৈ (Rajanikanta Bordoloi) সভাপতি দায়িত্বভাৰ গ্ৰহণ কৰিছিল। সভাপতিৰ আসনৰ পৰা ৰাইজৰ উদ্দেশ্য দিয়া ভাষণত তেওঁ কৈছিল, “জাতিটো ৰবলৈ হ’লে আমাক ধনবল, জনবল দুয়োটা লাগে । কিন্তু আমি দুয়োটা বিষয়তে দুখীয়া। কানি, ভাং, চিগাৰেট অসমীয়াই এৰক । দেখিব তেতিয়াহ’লে অসমীয়াৰ শৰীৰলৈ এটা নতুন জীৱনী শক্তি আহিব।যি জাতি যিমান উন্নত, সেই জাতিৰ ভাষা আৰু সাহিত্যও সিমান উন্নত।”
১৯৪০ চনৰ ২৫ মাৰ্চত গুৱাহাটীত অসমীয়া জগতৰ উপন্যাস সম্ৰাটজনে জীৱন নাটৰ অন্ত পেলায়। তেখেতৰ অমৰ সৃষ্টি অসমীয়া সাহিত্যত চিৰ জ্যোতিষ্মান হৈ ৰব।