ইউএনএফচিচিচি (UNFCCC) ক’প-২৯ (COP-29)

ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন পৰিকাঠামো অভিৱৰ্তন (United Nations Framework Convention on Climate Change (UNFCCC)) ৰ অন্তৰ্গত পক্ষসমূহৰ (Parties) ২৯ সংখ্যক সন্মিলন (Conference) (COP-29) হৈছে গোলকীয় জলবায়ু প্ৰত্যাহ্বানৰ মোকাবিলাৰ লক্ষ্যৰে আয়োজিত এক গুৰুত্বপূৰ্ণ অনুষ্ঠান । চলিত বৰ্ষৰ ১১ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈ আজৰবাইজানৰ বাকুত এই ক’প-২৯ অনুষ্ঠিত হৈছিল।

ক’প-২৯

ক’প-২৯ হৈছে ইউনাইটেড নেশ্যনছ্‌ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ বা ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন পৰিকাঠামো অভিৱৰ্তন (UNFCCC) ৰ পৰিচালনা সমিতিৰ (governing body) দলসমূহৰ সন্মিলন (Conference of the Parties (COP)) ৰ ২৯ সংখ্যক বাৰ্ষিক বৈঠক যি ১৯৮ খন সদস্য ৰাষ্ট্ৰক নিৰ্গমনৰ সম্পৰ্কে পৰ্যালোচনা কৰিবলৈ, জলবায়ুজনিত প্ৰগতিৰ মূল্যায়ন কৰিবলৈ আৰু গোলকীয় জলবায়ু নীতি প্ৰস্তুত কৰিবলৈ একত্ৰিত কৰে।

ক’প -২৯ সন্মিলনৰ গুৰুত্বপূৰ্ণ দিশসমূহঃ

  • বিষয়বস্তুঃ
    • “সমূহৰ বাবে এক জীৱন্ত গ্ৰহত বিনিয়োগ” (Investing in a Livable Planet for All)
    • ই জলবায়ৱীয় লক্ষ্যত (climate goals) উপনীত হ’বলৈ উদ্ভাৱনীমূলক সমাধান (innovative solutions), বিত্তীয় সহায় (financial support) আৰু অন্তৰ্ভুক্তিমূলক অংশীদাৰিত্বৰ (inclusive partnerships) ওপৰত গুৰুত্ব প্ৰদান কৰে।

ক’প-২৯ৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহঃ

  • উন্নয়নশীল দেশসমূহৰ বাবে জলবায়ু বিত্ত (climate finance) বৃদ্ধি কৰা।
  • প্ৰযুক্তিৰ হস্তান্তৰ (technology transfer) ত্বৰান্বিত কৰা।
  • বিশ্বব্যাপী ফলপ্ৰসূ জলবায়ু পদক্ষেপৰ বাবে ক্ষমতা বৃদ্ধি কৰা।

ক’প সন্মিলনৰ মূল মাইলৰ খুঁটিসমূহ :

  • কিয়োটো প্ৰট’কল (Kyoto Protocol) (১৯৯৭) : ক’প-৩ সংখ্যক সন্মিলনত চূড়ান্ত কৰা কিয়োটো প্ৰট’কলে ২০১২ চনৰ ভিতৰত ৪.২% নিৰ্গমন হ্ৰাসৰ লক্ষ্য নিৰূপণ কৰিছিল।
  • কোপেনহেগেন চুক্তি (২০০৯) (Copenhagen Accord) : ক’প-১৫ সংখ্যক সন্মিলনত স্বাক্ষৰিত কোপেনহেগেন চুক্তিয়ে ২° চেলচিয়াছ উষ্ণতা বৃদ্ধিৰ সীমা, আৰ্থিক সহায়ৰ প্ৰতিশ্ৰুতি আদি অন্তৰ্ভুক্ত কৰিছিল।
  • পেৰিছ চুক্তি (২০১৫) (Paris Agreement) : ক’প-২১ সংখ্যক সন্মিলনত গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ বাবে ৰাষ্ট্ৰভিত্তিক-নিৰ্ধাৰিত-অৱদান (NDCs) ধাৰ্য কৰা হৈছিল।
  • গ্লাছগো চুক্তি (২০২১) (Glasgow Pact) : ক’প-২৬ সংখ্যক সন্মিলনত এই চুক্তিৰ জৰিয়তে কয়লাৰ ব্যৱহাৰ হ্ৰাস আৰু জীৱাশ্মজাত ইন্ধনৰ ৰাজসাহায্য কৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
  • লোকচান আৰু ক্ষতি পুঁজি (Loss and Damage Fund) (২০২৩) : ক’প-২৮ সংখ্যক সন্মিলনত গৃহীত লোকচান আৰু ক্ষতি নিধি গঠনৰ জৰিয়তে দুৰ্বল (সংবেদনশীল ) ৰাষ্ট্ৰসমূহৰ বাবে বিত্তীয় সাহায্য আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

ক’প-২৯ সংখ্যক সন্মিলনত ভাৰতৰ অংশগ্ৰহণ

  • ভাৰতৰ ভূমিকাঃ ভাৰতে উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে সমতা, জলবায়ু ন্যায়, আৰু বিত্তীয়/প্ৰযুক্তিগত সমৰ্থন বৃদ্ধিৰ পোষকতা কৰে।
  • ভাৰতে উক্ত সন্মিলনত আগবঢ়োৱা মূল প্ৰতিশ্ৰুতিসমূহ :
    • ২০৭০ চনৰ ভিতৰত নিগুট-শূন্য (Net-Zero by 2070) অভিলক্ষ্য : ভাৰতৰ এই প্ৰতিশ্ৰুতিয়ে বহনক্ষমতাৰ সৈতে উন্নয়নৰ ভাৰসাম্য ৰক্ষা কৰে।
    • নৱীকৰণযোগ্য শক্তি : ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট (GW) নৱীকৰণযোগ্য শক্তি ক্ষমতাৰ প্ৰতিশ্ৰুতিৰে ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা (International Solar Alliance (ISA)) ৰ নেতৃত্ব বহন কৰে।
    • ৰাষ্ট্ৰভিত্তিক-নিৰ্ধাৰিত-অৱদান (NDC) : ভাৰতে ২০৩০ চনৰ ভিতৰত ৪৫% মুঠ ঘৰুৱা উৎপাদনৰ কাৰ্বনৰ তীব্ৰতা (GDP carbon intensity) হ্ৰাসকৰণ আৰু নৱীকৰণযোগ্য শক্তি-উৎসসমূহৰ পৰা ৫০% শক্তি আহৰণ লক্ষ্য নিৰূপণ কৰিছে।
    • ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ পদক্ষেপ (LiFE Initiative) : ভাৰতৰ “মিছন লাইফ” (Mission LiFE) পদক্ষেপে বিশ্বব্যাপী বহনক্ষম, পৰিৱেশ-অনুকূল জীৱনশৈলীৰ প্ৰসাৰ কৰে।

ক’প সন্মিলনে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ :

  • জলবায়ু বিত্তঃ ক’প সন্মিলনৰ পূৰ্ব-নিৰ্ধাৰিত ১০০ বিলিয়ন ডলাৰৰ বাৰ্ষিক লক্ষ্য এতিয়াও পূৰণ হোৱা নাই। তাৰোপৰি, জলবায়ু বিত্তজনিত নব্য সামূহিক সংখ্যাবাচক অভিলক্ষ্য (NCQG) সম্প্ৰতি সমাধান হোৱা নাই।
  • প্রশমনগত ব্যৱধানঃ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত কাৰ্যকৰী ক্ষেত্ৰভিত্তিক বৈষম্য বিদ্যমান।
  • যুৱ চাপঃ ই জীৱাশ্ম ইন্ধনৰ প্ৰভাৱৰ বিৰোধিতা কৰি সাহসী পদক্ষেপৰ দাবী জনায়।

বাকুৰ ক’প-২৯ সন্মিলনত গৃহীত মূল পদক্ষেপসমূহ

  • ৩০০ বিলিয়ন ডলাৰ জলবায়ু বিত্তঃ ২০৩৫ চনলৈ উন্নত দেশসমূহে উন্নয়নশীল দেশসমূহক বাৰ্ষিকভাৱে সহায় কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।
  • গোলকীয় কাৰ্বন বজাৰ (Global Carbon Market) : কাৰ্বন নিৰ্গমন হ্ৰাস কৰিবলৈ প্ৰমাণিত কাৰ্বন ক্ৰেডিট (carbon credits) ব্যৱসায়ৰ বাবে ৰাষ্ট্ৰসংঘ-পৰিচালিত ব্যৱস্থা ৰূপায়ণ কৰা হ’ব।
  • বাকু পৰ্যটনখণ্ড ঘোষণাপত্ৰ (Baku Declaration on Tourism) : পাৰিপাৰ্শ্বিক প্ৰভাৱ হ্ৰাস কৰিবলৈ বহনক্ষম পৰ্যটন পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰাত মনোনিৱেশ কৰা হ’ব।
  • কাৰ্য্যকৰী জলবায়ু বিত্ত পুঁজি (Climate Finance Action Fund (CFAF)) : ই নবীকৰণযোগ্য শক্তি আৰু দুৰ্যোগ প্ৰতিক্ৰিয়াৰ বাবে জীৱাশ্ম ইন্ধন উৎপাদকসকলৰ পৰা ১ বিলিয়ন ডলাৰৰ বাৰ্ষিক অৱদানক সাঙুৰি লয়।
  • বাকু মানৱ উন্নয়ন পদক্ষেপ (Baku Human Development Initiative) : এই পদক্ষেপে বিশেষকৈ যুৱক-যুৱতীসকলৰ বাবে জলবায়ু স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে শিক্ষা আৰু স্বাস্থ্যখণ্ডত বিনিয়োগ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
  • জলবায়ু স্বচ্ছতা পদক্ষেপ (Climate Transparency Initiatives) : ই জলবায়ৱীয় কাৰ্য আৰু বিত্ত অনুসৰণ আৰু বৃদ্ধিৰ বাবে উন্নত বিশ্বজনীন ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

Leave a Reply