মিজোৰামক বংগোপসাগৰৰ সৈতে সংযোগ কৰিব পৰা উচ্চাভিলাষী কালাদান মাল্টি-মডেল ট্ৰেনজিট পৰিবহণ প্ৰকল্প (Kaladan Multi-Modal Transit Transport Project (KMTTP)) ২০২৫ চনৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি বৈদেশিক পৰিক্ৰমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে অৱগত কৰে।
পৰিচয়
কালাদান মাল্টি-মডেল ট্ৰেনজিট পৰিবহণ প্ৰকল্প হৈছে ভাৰত আৰু ম্যানমাৰৰ মাজত এক সহযোগিতামূলক পদক্ষেপ, যিটো ভাৰতৰ পূব বন্দৰ আৰু ম্যানমাৰৰ মাজত কাৰ্গো (cargo) চলাচলৰ বাবে এক সংহত পৰিবহণ জালিকা স্থাপনৰ বাবে পৰিকল্পনা কৰা হৈছে।
প্ৰকল্পৰ সংক্ষিপ্ত বিৱৰণ
- সংযোগজনিত -বিশেষত্বসমূহঃ
- ই পূব ভাৰতৰ কলকাতা বন্দৰক ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ চিটৱে বন্দৰৰ সৈতে সাগৰৰ মাজেৰে সংযোগ কৰে। ফলত জাহাজ পৰিবহণৰ দূৰত্ব প্ৰায় ১,৩২৮ কিলোমিটাৰ হ্ৰাস পায়।
- কালাদান নদীৰ জৰিয়তে চিটৱে বন্দৰক চ্ছিন প্ৰদেশৰ পালেটৱাৰ সৈতে সংযোগ কৰে।
- পালেটৱাৰ পৰা বাংলাদেশ সীমান্তৰ ওচৰত অৱস্থিত ভাৰতৰ মিজোৰামলৈ – এই দূৰত্বছোৱা স্থলপথৰে সংযোগ বিস্তৃত কৰা হ’ব।
- প্ৰকল্পৰ উপাদানঃ
- সাগৰীয় পথঃ কলকাতাৰ পৰা চিটৱেলৈ ৫৩৯ কিলোমিটাৰ আৱৰি আছে।
- নদী পথঃ কালাদান নদীৰ মাজেৰে চিটৱেৰ পৰা পালেটৱালৈ ১৫৮ কিলোমিটাৰ বিস্তৃত।
- পথ পথঃ পালেটৱাৰ পৰা ভাৰত-ম্যানমাৰ সীমান্তলৈ ১১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ অন্তৰ্ভুক্ত কৰা হৈছে। এই পথছোৱা মিজোৰামলৈ আৰু সম্প্ৰসাৰিত হৈছে।
প্ৰকল্পৰ গুৰুত্ব
ক) অৰ্থনৈতিক গুৰুত্বঃ
- পৰিবহণৰ বাবে ঘনবসতিপূৰ্ণ শিলিগুৰি কৰিডৰ (চিকেন নেক) (Chicken’s Neck) ৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে।
- বাণিজ্যৰ বাবে প্ৰত্যক্ষ সাগৰীয় পথ প্ৰদান কৰি ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ অৰ্থনৈতিক বিকাশত সহায় কৰে।
খ) কৌশলগত গুৰুত্বঃ
- পূব এছিয়া আৰু ইয়াৰ নিকটৱৰ্তী চুবুৰীয়া ৰাষ্ট্ৰসমূহত ভাৰতৰ কৌশলগত স্থিতি শক্তিশালী কৰে।
- চিকেনছ নেক কৰিডৰক বাইপাছ (bypass) কৰিবলৈ এক সুৰক্ষিত বিকল্প পথ প্ৰদান কৰে, সম্ভাৰতন্ত্ৰ দুৰ্বলতা হ্ৰাস কৰে আৰু সীমান্ত ব্যৱস্থাপনা উন্নত কৰে।
- আঞ্চলিক সংযোগ আৰু সহযোগিতা বৃদ্ধি কৰি ভাৰতৰ ‘এক্ট ইষ্ট নীতি’ (Act East Policy) ৰ সৈতে সংমিশ্ৰণ আৰু শক্তিশালী কৰে।