গোলকীয় প্লাষ্টিক চুক্তি
GLOBAL PLASTIC TREATY

দক্ষিণ কোৰিয়াৰ বুছানত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ আন্তঃচৰকাৰ আলোচনা সমিতিৰ (UN Intergovernmental Negotiating Committee (INC-5)) পঞ্চম বৈঠকত প্লাষ্টিক প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এখন চুক্তিৰ ওপৰত ঐক্যমতত উপনীত হ’ব পৰা নাছিল।

  • ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱৰ লক্ষ্যঃ ২০২২ চনত নাইৰোবিত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সভাৰ প্ৰস্তাৱত (UN Environment Assembly resolution) ২০২৪ চনৰ ভিতৰত বিশ্বব্যাপী প্লাষ্টিকৰ নিয়মাৱলী (global plastic rules) চূড়ান্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।
  • আলোচনা অব্যাহত ৰাখিবলৈ ২০২৫ চনত “আইএনচি-৫.২” (INC-5.2) নামৰ এক পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত কৰা হ’ব।

আলোচনা বিফল হোৱাৰ কাৰণসমূহঃ

  • প্লাষ্টিক উৎপাদন সীমাৰ ওপৰত মতানৈক্যঃ
    • প্লাষ্টিক উৎপাদন সীমাৰ সপক্ষে : নৰৱে, ৰুৱাণ্ডা আৰু ইউৰোপীয় ইউনিয়নৰ নেতৃত্বত ৬৬ খন দেশে ভৰ্জিন প্লাষ্টিক পলিমাৰ (virgin plastic polymer) উৎপাদন হ্ৰাস কৰাটো সমৰ্থন কৰিছিল।
    • প্লাষ্টিক উৎপাদন সীমাৰ বিপক্ষে : পেট্ৰ’কেমিকেল উদ্যোগৰ ওপৰত অৰ্থনৈতিক নিৰ্ভৰশীলতাৰ কথা উল্লেখ কৰি ভাৰত আৰু ছৌদি আৰবে প্লাষ্টিক উৎপাদন সীমাৰ বিৰোধিতা কৰিছিল।
  • উন্নয়ন বনাম পৰিৱেশঃ
    • ভাৰতে প্লাষ্টিক নিয়ন্ত্ৰণ নিয়মাৱলীক বিকাশৰ আকাংক্ষাৰ প্ৰতি ভাবুকি হিচাপে আলোকপাত কৰিছিল।
    • ভাৰতে দাবী জনাইছিল যে চুক্তিবোৰ ৰাষ্ট্ৰীয় উন্নয়নৰ লক্ষ্য (national development goal)ৰ সৈতে সংগত থাকিব লাগে।
  • লক্ষ্য প্ৰত্যাখ্যানঃ
    • প্ৰস্তাৱিত বছৰি একক-ব্যৱহাৰ্য প্লাষ্টিক আৰু বিপজ্জনক ৰাসায়নিক পদাৰ্থৰ উৎপাদন-সীমাবদ্ধকৰণ (year-wise phase-out of single-use plastics and hazardous chemicals) (যেনে, DEHP, DBP)
    • সম্প্ৰসাৰিত উৎপাদক দায়বদ্ধতা (Extended Producer Responsibility (EPR) ৰূপায়ণ কৰা স্বত্বেও ভাৰতে ইয়াৰ অৰ্থনীতিত সম্ভাৱ্য নেতিবাচক প্ৰভাৱৰ বাবে লক্ষ্য প্ৰতিৰোধ কৰিছিল।
  • গোলকীয় প্লাষ্টিক চুক্তিৰ পৰিসৰৰ ওপৰত মতানৈক্যঃ
    • বহুতো ৰাষ্ট্ৰই প্লাষ্টিকৰ জীৱন চক্ৰ নিয়ন্ত্ৰণ, উৎপাদন, ব্যৱহাৰ আৰু আৱৰ্জনাজনিত সমস্যাৰ সমাধান বিচাৰিছিল।
    • কুৱেইটৰ দৰে দেশসমূহে এই চুক্তিৰ বিৰোধিতাৰে যুক্তি আগবঢ়াইছিল যে সম্প্ৰসাৰিত আদেশে প্ৰদূষণ নিয়ন্ত্ৰণৰ অজুহাতৰ অধীনত বাণিজ্যিক নিষেধাজ্ঞা প্ৰদান কৰে।
  • ৰাষ্ট্ৰসংঘৰ পাৰিপাৰ্শ্বিক কাৰ্য-ক্ৰমণিকা (UNEP) ৰ দ্বাৰা আলোকপাত কৰা জৰুৰীকালীন অৱস্থা (Urgency) :
    • ইউ এন ই পি-এ সতৰ্ক কৰি দিছিল যে দীৰ্ঘদিনীয়া আলোচনাসমূহে প্লাষ্টিক স্তৰীভূত হোৱাৰ ফলত (plastic accumulation) সামুদ্ৰিক আৰু পৰিৱেশ তন্ত্ৰৰ অৱক্ষয়ক অধিক নিকৃষ্ট কৰি তুলিব।

এক গোলকীয় প্লাষ্টিক চুক্তিৰ প্ৰয়োজনীয়তাঃ

  • সূচকীয় প্লাষ্টিকৰ বৃদ্ধিঃ
    • বিশ্বব্যাপী প্লাষ্টিকৰ উৎপাদন ২০০০ চনত ২৩৪ নিযুত টনৰ পৰা ২০১৯ চনত ৪৬০ নিযুত টনলৈ দুগুণ হৈছে । (OECD)
    • ২০৪০ চনৰ ভিতৰত প্লাষ্টিকৰ মুঠ উৎপাদন ৭০০ নিযুত টনত উপনীত হোৱাৰ পূৰ্বানুমান কৰা হৈছে।
  • পাৰিপাৰ্শ্বিক ক্ষতিঃ
    • প্লাষ্টিক বিভংগন হ’বলৈ (পচিবলৈ) ২০-৫০০ বছৰ লাগে; কেৱল ৯% প্লাষ্টিক আৱৰ্জনাৰহে পুনৰ ব্যৱহাৰ কৰা হয় (লেঞ্চেট (Lancet), ২০২৩ ৰ তথ্য)
    • মহাসাগৰৰ প্ৰভাৱঃ বছৰি ৮ নিযুত টন প্লাষ্টিক আৱৰ্জনা সাগৰত প্ৰৱেশ কৰে; ২০৫০ চনৰ ভিতৰত সামুদ্ৰিক মৎস্যকুলতকৈ সমুদ্ৰত মিহলি হোৱা প্লাষ্টিকৰ ওজন বেছি হ’ব পাৰে।
  • মানৱ-স্বাস্থ্যৰ বিপদাশংকাঃ
    • (বিস্ফেনল এ ((bisphenol A)) বিপিএ (BPA)ৰ দৰে ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থই মানৱ দেহত হৰম’নবোৰৰ চলাচল ব্যাহত কৰে আৰু ইয়াৰ ফলত কৰ্কট ৰোগ, প্ৰজননজনিত সমস্যা আৰু স্নায়ৱিক-বিকাশজনিত বিকাৰৰ দৰে সমস্যাৰ সৃষ্টি হয়।
  • জলবায়ু পৰিৱৰ্তনঃ
    • বিশ্বজুৰি হোৱা সেউজগৃহ গেছ নিৰ্গমনৰ ৩.৬ শতাংশই মূলতঃ জীৱাশ্ম ইন্ধন দহনৰ পৰা সৃষ্টি হয়।
    • ২০৫০ চনৰ ভিতৰত প্লাষ্টিকৰ পৰা নিঃসৰণ ৩৭% বৃদ্ধি হ’ব পাৰে।
  • এক গোলকীয় প্লাষ্টিক চুক্তিৰ গুৰুত্বঃ
    • আইনীভাৱে বাধ্যতামূলক প্ৰতিশ্ৰুতিৰ (legally binding commitments) জৰিয়তে উৎপাদনৰ পৰা বিভংগণ-পৰ্যায়লৈকে প্লাষ্টিক নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে।
    • উৎপাদন হ্ৰাস কৰা, পুনৰ্ব্যৱহাৰ উন্নত কৰা আৰু প্ৰদূষণ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিয়া উচিত।

গোলকীয় চুক্তিৰ আলোচনাৰ প্ৰত্যাহ্বানসমূহ

  • ভিন্ন ৰুচিঃ
    • উন্নত ৰাষ্ট্ৰসমূহে জীৱনচক্ৰ-দৃষ্টিভংগীৰ (lifecycle approaches) পোষকতা কৰে।
    • উন্নয়নশীল অৰ্থনীতি আৰু পেট্ৰ’কেমিকেল-নিৰ্ভৰশীল দেশসমূহে সীমাবদ্ধতা প্ৰতিহত কৰে।
  • বাণিজ্য আৰু অৰ্থনৈতিক প্ৰভাৱঃ
    • প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞাৰ আৰোপৰ ফলত বিশ্ব বাণিজ্য আৰু উদ্যোগত গুৰুত্বপূৰ্ণ ব্যাঘাতৰ আশংকা আছে।
  • বিত্তীয় সম্পদৰ অভাৱঃ
    • নিম্ন আয়ৰ দেশসমূহক প্লাষ্টিক নিৰ্ভৰশীলতা হ্ৰাসৰ কৌশল ৰূপায়ণৰ বাবে বিত্তীয় সহায়ৰ প্ৰয়োজন।
  • ৰাজনৈতিক ইচ্ছাশক্তিঃ
    • দীৰ্ঘম্যাদী স্থায়িত্বৰ সৈতে হ্ৰস্বম্যাদী অৰ্থনৈতিক অগ্ৰাধিকাৰৰ ভাৰসাম্য বজাই ৰাখিবলৈ শক্তিশালী বৈশ্বিক নেতৃত্বৰ প্ৰয়োজন।

প্লাষ্টিক প্ৰদূষণৰ সংকটক ব্যাপকভাৱে মোকাবিলা কৰাৰ বাবে এক বিশ্বব্যাপী প্লাষ্টিক চুক্তি অতি গুৰুত্বপূৰ্ণ। অৱশ্যে, ভৱিষ্যতে এনে আলোচনাৰ সফলতা ৰাষ্ট্ৰীয় স্বাৰ্থৰ ভাৰসাম্য, বিত্তীয় সমতা নিশ্চিতকৰণ, আৰু বহনক্ষম সমাধান প্ৰাপ্ত কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰিব।

Leave a Reply