গড়মূৰ সত্ৰ (Garmur Satra)
গড়মূৰ সত্ৰৰ প্ৰতিষ্ঠা
গড়মূৰ সত্ৰ (Garmur Satra) অসমৰ চাৰি ৰাজ সত্ৰৰ তৃতীয় শাৰীৰ সত্ৰ। ৰাজ পৃষ্ঠপোষকতাৰ দিশৰ পৰা তৃতীয় শাৰীৰ যদিও স্থাপনৰ কাল হিচাপে এই সত্ৰৰ স্থান দ্বিতীয়। ১৬৫৬ খ্ৰীষ্টাব্দত গড়মূৰ সত্ৰ প্ৰতিষ্ঠা কৰা হয়। সত্ৰৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী জয়হৰিদেৱ। কিন্তু লক্ষ্মীনাৰায়ণদেৱ গোসাঁইৰ সময়তহে এই সত্ৰই সুস্থিৰৰূপ লাভ কৰিলে। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত এই সত্ৰৰ প্ৰতিষ্ঠা হৈছিল যদিও প্ৰাৰম্ভিক অৱস্থাত কিছু অসন্তুষ্টি মনোভাৱ থকাৰ বাবে স্বৰ্গদেৱে দান কৰিব বিচৰা ভূমি আৰু পাইক লক্ষ্মীনাৰায়ণদেৱে গ্ৰহণ কৰা নাছিল। তেওঁৰ মৃত্যুৰ পিছত পৰৱৰ্তী সত্ৰাধিকাৰ জয়ৰামদেৱক স্বৰ্গদেউ শিৱসিংহই ৩০ হাজাৰ পুৰা নিষ্কৰ ভূমি আৰু বাৰশ ঘৰ পাইক প্ৰদান কৰে। পিছত ব্ৰিটিছ চৰকাৰে আহোম স্বৰ্গদেৱে দান কৰা মাটিসমূহ সত্ৰৰ নামত স্বীকৃতি দিয়াৰ সময়ত গড়মূৰৰ গোঁসাই বৃন্দাবনত থকাৰ বাবে আৰু এই বিষয়ত বিশেষ অনুৰাগ নেদেখুওৱাৰ বাবে সত্ৰৰ নিষ্কৰ ভূমি বাজেয়াপ্ত কৰা হয়। অৱশ্যে পিছত চৰকাৰে সত্ৰৰ নামত এহেজাৰ বিঘা মাটিৰ অনুমোদন জনায়। প্ৰথমে গড়মূৰ সত্ৰ দুখন আছিল। এখন বৰ গড়মূৰ আৰু আনখন সৰু গড়মূৰ।পাছত দুয়োখন সত্ৰৰ একত্ৰীকৰণ কৰা হয়।
আহোম ৰজা প্ৰতাপ সিংহই বন্ধোৱা ছেৱাতল গড়ৰ মূৰত স্থাপন কৰা বাবে এই সত্ৰখনৰ নাম গড়মূৰ সত্ৰ (Garmur Satra) হয়।বাকী তিনিখন ৰাজ সত্ৰই বিভিন্ন দুৰ্যোগৰ বাবে যিদৰে স্থান পৰিবৰ্তন কৰিবলগীয়া হৈছিল, এইখন সত্ৰৰ আজিলৈকে এবাৰো স্থান পৰিৱৰ্ত্তন কৰিব লগা হোৱা নাই।
গড়মূৰ সত্ৰ (Garmur Satra)ৰ পালনীয় ৰীতি-নীতি আৰু উৎসৱ-অনুষ্ঠান
এই গড়মূৰ সত্ৰখনৰ মূল উপাস্য দেৱতা বংশীগোপাল| এই সত্ৰভাগ দামোদৰদেৱৰ ব্ৰহ্ম সংহতিৰ আদৰ্শৰে পৰিচালিত। অৱশ্যে পূর্বতে ই উদাসীন সত্ৰহে আছিল।১৯১৫ চনৰপৰা উদাসীন সত্ৰৰ ঠাইত গৃহস্থী সত্ৰলৈ ৰূপান্তৰিত হয়। এই সত্ৰৰ ভকতসকলে গাৰ্হস্থ্য ধৰ্ম পালন কৰাৰ অনুমতি দিয়া হৈছে। অৱশ্যে সত্ৰাধিকাৰগৰাকীয়ে উদাসীন ধৰ্ম পালন কৰে। সত্ৰত দৈনন্দিন চৈধ্য প্ৰসঙ্গৰ নাম কীৰ্তন কৰা হয়। উপাস্য দেৱতা বংশী গোপালৰ লগতে সত্ৰত বাসুদেৱ, কেশৱৰায়, শালগ্ৰাম আদি বিগ্ৰহ ইয়াত প্ৰতিষ্ঠা কৰা আছে। এই বিগ্ৰহসমূহ দৈনন্দিন নিয়মীতৰূপে অৰ্চনা কৰা হয়।
গড়মূৰ সত্ৰই অসমৰ সাংস্কৃতিক দিশত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ইয়াত চালি নৃত্য, ঝুমুৰা, ভোৰতাল, গায়ন-বায়ন, গুৰুবন্দনা আদি পৰিৱেশন কৰা হয়। নিয়মিত ৰূপত ইয়াত সত্ৰীয়া নৃত্য -গীতৰ আখৰা কৰা হয়। সত্ৰত আবিৰৰ উৎসৱ ফাকুৱাৰ ৰং-ধেমালিৰ সমান্তৰালকৈ প্ৰতি বছৰে বোকাখেল অনুষ্ঠিত কৰা হয়। এই সত্ৰ শাৰদীয় ৰাস পূৰ্ণিমাৰ লগত সংগতি ৰাখি পৰম্পৰাগত ভাৱে উদযাপন কৰা ৰাস মহোৎসৱৰ বাবে বিখ্যাত। সত্ৰত বছৰি পালনাম পতা হয়। তাৰোপৰি বিভিন্ন তিথি, যাগ-যজ্ঞ আদি সময়ে সময়ে পালন কৰা হয়।
গড়মূৰ সত্ৰ (Garmur Satra) ৰ পৰিৱেশ
গড়মূৰ সত্ৰখনৰ প্ৰাকৃতিক সৌন্দৰ্য অপৰূপ। আশ্ৰমসদৃশ পৰিবেশৰ চাৰিবেৰৰ ভিতৰত বটবৃক্ষ সদৃশ কেইবাজোপাও শিলিখা গছ আছে। তাৰ উপৰিও বেল, বকুল, বট আদি ভালেমান গছে সত্ৰখনৰ পৰিৱেশলৈ এক অনন্য সৌন্দর্য কঢ়িয়াই আনিছে। সূচাৰুৰূপে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখা এই পৰিৱেশে সত্ৰখনৰ প্ৰাকৃতিক সৌন্দৰ্য অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে।
সত্ৰত জয়-বিজয়, গৰুড় পক্ষী, বামণ, কূৰ্ম, হিৰণ্যকশিপু, হনুমন্তই গন্ধমাদন তোলা আদিৰ হেঙুল-হাইতাল বোলোৱা মূৰ্তি দেখিবলৈ পোৱা যায়। নামঘৰৰ ভিতৰভাগত চিত্ৰ ভাগৱতৰ ছবি অংকন কৰা দেখা যায়। সত্ৰৰ সংগ্ৰহালয়ত ৩৫০ বছৰৰো অধিক পুৰণি তিনিখলপীয়া তুলসী গছৰ শৰাই, তামৰ কলহ, ৰূপৰ শৰাই, অষ্টধাতুৰ থাল, গোঁসাই ইপাৰ-সিপাৰ হোৱা নাও, হাতীয়ে টনা লো-ৰ ৰথ, বৰটোপ, দোলা, চন্দুক, সাঁচিপাতৰ পুথি, ভাগৱতৰ দশম- একাদশ- দ্বাদশ খণ্ড আদি কেইবাবিধো আপুৰুগীয়া সম্পদ সংৰক্ষিত কৰা হৈছে। সত্ৰত নিজাববীয়াকৈ এটি পুথিভঁৰালো আছে। সত্ৰখনৰ পূৰ্বৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী আৰু কৃষ্ণদেৱ গোস্বামীৰ আৱক্ষ মূৰ্তি ইয়াৰ চৌহদত প্ৰতিষ্ঠা কৰা আছে।
গড়মূৰ সত্ৰ (Garmur Satra) ৰ উপসংহাৰ
গড়মূৰ সত্ৰৰ দ্বাদশজন সত্ৰাধিকাৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামীয়ে (১৯০৭-১৯৬২ চন) ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰি কাৰাবাস খাটিছিল। বিপ্লবী, উদাৰচিতীয়া এইজনা সত্ৰাধিকাৰৰ দিনতে সত্ৰখনে গৃহস্থী ৰূপ লৈছিল। বৰ্তমানেও এই সত্ৰই অতীজৰ গৌৰৱ বহন কৰি নিজৰ গৰিমা অক্ষত ৰূপত ৰাখিবলৈ সক্ষম হৈছে।
উৎস
১) পৱিত্ৰ অসম- ড° মহেশ্বৰ নেওগ (সম্পাদনা)
২) সত্ৰ – সংস্কৃতিৰ ৰূপৰেখা – ড° কেশৱানন্দ দেৱগোস্বামী
৩) ৰিণিক ৰিণিকি দেখিছোঁ মাজুলী (প্ৰৱন্ধ) – ড° মৃদুস্মিতা ফুকন