হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami)
অসমীয়া সাহিত্য জগতৰ এটি চিৰস্মৰণীয় নাম হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami)। অসমীয়া সাহিত্যত ইটালিয়ান গীতি কবি পেট্ৰাকৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবিগৰাকীয়েই হল হেমচন্দ্ৰ গোস্বামী।
১৮৭২ চনৰ ৮ জানুৱাৰীত গোলাঘাট জিলাৰ ঢেঁকীয়াল মৌজাৰ গৌৰাং সত্ৰত হেমচন্দ্ৰ গোস্বামীদেৱে জন্ম লাভ কৰে। তেখেতৰ পিতৃ ডম্বৰুধৰ গোস্বামী গৌৰাং সত্ৰৰ মৌজাদাৰ আছিল। তেখেতৰ মাতৃৰ নাম আছিল ঘনকান্ত দেৱী।
হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami) ৰ শিক্ষা জীৱন :
দেৰগাওঁৰ ঠানুৰাম পণ্ডিতৰ অধীনত হেমচন্দ্ৰ গোস্বামীয়ে নিজ গৃহতে প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। শিক্ষাৰ ক্ষেত্ৰত তেখেত বাল্যকালৰে পৰা তীক্ষ্ণবুদ্ধিৰ ছাত্ৰ আছিল। ১৮৮০ চনত পিতাকৰ মৃত্যু হোৱাত নগাৱঁৰ মোমায়েকৰ ঘৰত থাকি পঢ়িবলৈ লয়। ১৮৮৮ চনত নগাঁও চৰকাৰী হাইস্কুলৰ পৰা প্রথম বিভাগত এন্ট্ৰেন্স পৰীক্ষা পাছ কৰে। ইয়াৰ বাবে তেখেতে কুৰি টকাৰ জলপানিও পাবলৈ সক্ষম হৈছিল। পৰৱৰ্তী পৰ্যায়ত উচ্চ শিক্ষা গ্ৰহণৰ বাবে তেখেতে কলকাতালৈ ৰাওনা হৈ প্ৰেছিডেঞ্চি কলেজত ভৰ্তি হয়। উক্ত কলেজত তেওঁ চাৰি বছৰ অধ্যয়ন কৰিছিল যদিও বি এ উপাধি লাভ নকৰাকৈয়ে গুৱাহাটীলৈ উভতি আহে।
হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami) ৰ কৰ্মজীৱন :
হেমচন্দ্ৰ গোস্বামীয়ে (Hemchandra Goswami) ১৮৯৪ চনত সোণাৰাম হাইস্কুলত প্ৰধান শিক্ষকৰূপে কৰ্মজীৱনৰ পাতনি মেলিছিল। অৱশ্যে বিদ্যালয় কৰ্তৃপক্ষৰ লগত মতবিৰোধ হোৱাত তেওঁ সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ পদ ইস্তফা দিয়ে। ১৮৯৫ চনত তেওঁ এডৱাৰ্ড গেইটৰ সহায়ত শ্বিলঙৰ চৰকাৰী সচিবালয়ত চাকৰিত নিযুক্তি লাভ কৰে। ১৮৯৭ চনত তেখেত চাব ডেপুটি কালেক্টৰ হয় আৰু ইয়াৰ পিছৰ পৰ্যায়ত তেখেতে প্ৰমোচন পাই ই. এ.চি হয় আৰু ১৯২৬ চনলৈকে সুখ্যাতিৰে দায়িত্ব পালন কৰি কৰ্ম জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।
হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami) ৰ সাহিত্য চৰ্চা :
হেমচন্দ্ৰ গোস্বামীদেৱে নগাঁৱত শিক্ষা লাভ কৰা কালত গুণাভিৰাম বৰুৱা, ৰত্নেশ্বৰ মহন্ত, পদ্মহাস গোস্বামী আদিৰ সান্নিধ্যলৈ আহে। প্ৰাথমিক পৰ্যায়ত তেখেত সকলৰ পৰাই সাহিত্য চৰ্চাৰ অনুপ্ৰেৰণা লাভ কৰে। অৱশ্যে নগাঁও হাইস্কুলত পঢ়ি থকাৰ কালতে তেখেতে “আসাম বন্ধু”ত নিয়মিতভাৱে লিখিছিল। উচ্চ শিক্ষা গ্ৰহণৰ হেতু কলিকতাত থকা কালতেই তেখেত লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ লগত মিলিত হৈ অসমীয়া সাহিত্য জগতৰ এক নতুন অধ্যায়ৰ পাতনি মেলিছিল। তিনিওজন সাহিত্যিক মিলিত হৈ ১৮৮৮ চনৰ ২৫ আগষ্টত কলিকতাৰ ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীটৰ মেচৰ চাহমেলত “অসমীয়া ভাষা উন্নতি সাধিনী সভা”ৰ জন্ম দিয়ে। ইয়াৰ পিচতেই তিনিওজন সাহিত্যিকে মিলি জোনাকী আলোচনী প্ৰকাশ কৰে। প্ৰথম বছৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ সম্পাদনাত প্ৰকাশ পোৱাৰ পাছত দ্বিতীয় বছৰ হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। তৃতীয় আৰু চতুৰ্থ বছৰত লক্ষ্মীনাথ বেজবৰুৱাই জোনাকী সম্পাদকৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰিছিল। এওঁলোক তিনিওকে জোনাকী যুগৰ ‘ত্রিমূৰ্ত্তি’ হিচাপে জনা যায়।অসমীয়া সাহিত্যলৈ জোনাকী আলোচনীৰ অৱদান উল্লেখনীয়। ১৯১৬ চনত হেমচন্দ্ৰ গোস্বামীয়ে ‘অকন’ নামৰ শিশু আলোচনী এখনো সম্পাদনা কৰিছিল।
১৯০৭ চনত তেখেতৰ একমাত্ৰ কবিতা সংকলন “ফুলৰ চানেকি” প্ৰকাশিত হয়। প্ৰিয়তমাৰ চিঠি, কাকো আৰু হিয়া নিবিলাও, পুৱা, কাকতি আদি তেখেতৰ অন্যতম লেখতলবলগীয়া কবিতা। প্ৰকৃততে হেমচন্দ্ৰ গোস্বামী অসমীয়া সাহিত্যত নৱন্যাস বা ৰোমণ্টিচিজমৰ অন্যতম হোতা। জোনাকী কাকতত প্ৰকাশিত ‘প্ৰিয়তমাৰ চিঠি’ শীৰ্ষক কবিতাটোৱেই হৈছে প্ৰথম অসমীয়া চনেট অথবা চতুৰ্দশপদী কবিতা।
কৰ্মজীৱনৰ ব্যস্ততাৰ মাজতে হেমচন্দ্ৰ গোস্বামীয়ে (Hemchandra Goswami) সাঁচিপতীয়া পুথি সংগ্ৰহ আৰু ইংৰাজীলৈ অসমীয়া পুথি অনুবাদ কৰিছিল। ইংৰাজ ঐতিহাসিক এডৱাৰ্ড গেইট চাহাবক ‘অসম বুৰঞ্জী’ সংকলন কৰাত গোস্বামীদেৱেই সহায় কৰিছিল। ইতিহাসৰ সমল বিচাৰি তেওঁ ১৩৩৪ খন সাঁচিপতীয়া পুথি অধ্যয়ন কৰি ২৩৩ খন পুথিৰ বিষয়বস্তু সামৰি এখনি বৰ্ণনামূলক তালিকা প্ৰস্তুত কৰিছিল। ১৯২৭ চনত অসম চৰকাৰে এই তালিকা “A Descriptive Catalogue of Assamese Manuscripts” নামেৰে প্ৰকাশ কৰি উলিয়াইছিল। ইয়াৰ উপৰিও তেখেতে দৰং ৰাজবংশাৱলী (১৯১৭) হস্তবিদ্যানৰ্ব, শ্ৰীহস্তমুক্তাৱলী, পুৰণি অসমীয়া বুৰঞ্জী, কথাগীতা(১৯১৮),কামৰূপতন্ত্ৰ(১৯২৮)আদিৰ দৰে প্ৰাচীন গ্ৰন্থ সম্পাদনা কৰি উলিয়াইছিল। কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আশুতোষ মুখাৰ্জীৰ অনুৰোধত তেখতে ১৯১৮ চনৰ পৰা অসমীয়া সাহিত্য চানেকি যুগুত কৰাই ১৯২৯ চনত প্ৰকাশ কৰে। এই গ্ৰন্থখন তেখেতৰ যাউতিযুগীয়া কীর্তিস্তম্ভ প্ৰতীক।
পুৰণি তামৰ ফলি, শিলালিপি, মুদ্ৰালিপিৰ লগতে অন্যান্য প্ৰাচীন গ্ৰন্থ উদ্ধাৰৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামীয়ে লোৱা প্ৰচেষ্টাক বেণুধৰ শৰ্মাই ভূয়সী প্ৰশংসা কৰি থৈ গৈছে। হেমচন্দ্ৰ গোস্বামীয়ে আজীৱন সাহিত্য সাধনাত ব্ৰতী হৈ অসমৰ গাঁৱে-ভূঞে সিঁচৰিত হৈ থকা পৌৰাণিক সাহিত্যৰ সমল উদ্ধাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। হেমচন্দ্ৰ বৰুৱাই লিখি তৈ যোৱা হেমকোষ অভিধানখনিও ১৯০০ চনত তেখেতেই সম্পাদনা কৰি উলিয়াইছিল। এইক্ষেত্ৰত কৰ্ণেল পি টি আৰ গৰ্ডনেও তেখেতক সহায় আগঢ়াইছিল।
হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami) ৰ সামাজিক জীৱন :
হেমচন্দ্ৰ গোস্বামী (Hemchandra Goswami) অ.ভা.উ.সা(১৮৮৮), কামৰূপ অনুসন্ধান সমিতি(১৯১২), অসম সাহিত্য সভা(১৯১৭) আদি অনুষ্ঠানসমূহৰ সৈতে জন্মলগ্নৰে পৰা জড়িত আছিল। ১৯২০ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত হেমচন্দ্ৰ গোস্বামীয়ে সভাপতিৰ পদ শুৱনি কৰিছিল। অসম সাহিত্য সভাত তেখতে স্থায়ীভাৱে কেইবাটাও পুজি সংগ্ৰহ কৰি থৈ গৈছে। যেনে- ‘কমলা দেৱী ট্রাষ্ট ফাণ্ড’, ‘নৰদেৱ ট্ৰাষ্ট ফাণ্ড’ আদি।
সামৰণি :
আজীৱন সাহিত্য-সংস্কৃতিৰ সাধনাত ব্ৰতী থকা হেমচন্দ্ৰ গোস্বামীৰ (Hemchandra Goswami) অত্যাধিক সাহিত্য চৰ্চা তথা অশেষ পৰিশ্ৰমৰ ফলতেই স্বাস্থ্যৰ অধিক অৱনতি ঘটে। ১৯২৮ চনৰ ২ মে’ত গুৱাহাটীস্থিত বাসগৃহত ইহলীলা সম্বৰণ কৰে। অসমৰ সুপ্রসিদ্ধ সাহিত্যিক, বুৰঞ্জীবিদ, দেশৰ প্ৰাচীন তথ্য উদ্ধাৰ কৰোতা মাতৃভাষাৰ একনিষ্ঠ সেৱক হেমচন্দ্ৰ গোস্বামী অসমৰ অগ্রনী সাহিত্যিক হোৱাৰ ওপৰিও তেখেত আছিল এগৰাকী প্রত্নতত্ববিদ।
উৎস:
চিৰ চেনেহী মোৰ ভাষা জননী- নন্দ তালুকদাৰ
অসমীয়া জীৱনী অভিধান – ড০ শিৱনাথ বৰ্মন
শতাধিক অসমীয়া সাহিত্যিক – সমীন কলিতা
অসম সাহিত্য সভাৰ সভাপতি সকল:- সমীন কলিতা