কুৰি শতিকাৰ অসমৰ ৰাজনীতিত এজন ধীৰ, স্থিৰ আৰু নিকা ভাবমূৰ্তিৰ জননেতা আছিল শৰৎ চন্দ্ৰ সিংহ। অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত সুদীৰ্ঘ প্ৰায় ছটা দশকজুৰি বটবৃক্ষৰ ভুমিকা লৈ এক জীৱন্ত কিংবদন্তিত পৰিণত হৈছিল শৰৎ চন্দ্ৰ সিংহ। অতি সাধাৰণ অৱস্থাৰ পৰা আহি কঠিন সংগ্ৰামৰ মাজেদি তেওঁ ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল আৰু দুৰন্ত কৰ্ম প্ৰয়াস, এক সাধাৰণ জীৱনশৈলী, গণমুখী চিন্তা আৰু জন সম্পৰ্কৰ বলত এক সুকীয়া আসন অধিকাৰ কৰি মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। ১৯১৪ চনৰ ১ জানুৱাৰীত ধুবুৰীৰ চাপৰত এটা কোচ ৰাজবংশীৰ পৰিয়ালত অসম ৰাজনীতিৰ বিস্ময় পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল স্বৰ্গীয় লালসিং সিংহ আৰু মাকৰ নাম আছিল স্বৰ্গীয় আয়াসিনী দেৱী।
শৰৎ চন্দ্ৰ সিংহ (Sarat Chandra Sinha) ৰ শিক্ষা জীৱন:-
শৰৎ চন্দ্ৰ সিংহই দেউতাকৰ জৰিয়তে ঘৰতে প্ৰাথমিক শিক্ষা লাভ কৰিছিল। ১৯২২ চনত তেওঁ চাপৰ মজলীয়া বিদ্যালয়ৰ জৰিয়তে স্কুলীয়া শিক্ষা পাতনি মেলিছিল। ১৯২৭ চনত সেই স্কুলৰ পৰাই বৃত্তি পৰীক্ষা দি ধুবুৰী মহকুমাৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল। ইয়াৰ পিছত তেখেতে হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিবলৈ বিলাসীপাৰালৈ আহি ইন্দ্ৰনাৰায়ণ একাডেমীত নামভৰ্তি কৰিছিল। ১৯৩৫ চনত কটন মহাবিদালয়ৰ পৰা সুখ্যাতিৰে প্ৰথম বিভাগত আই এছ চি আৰু ডিষ্টিংচনসহ বি এছ চি ডিগ্ৰী লাভ কৰিছিল ১৯৪০ চনত বেনাৰসৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰিছিল।
শৰৎ চন্দ্ৰ সিংহ (Sarat Chandra Sinha) ৰ কৰ্ম জীৱন:-
উচ্চ শিক্ষা সমাপ্ত কৰি আহি শৰৎ চন্দ্ৰ সিংহই
বঙাইগাঁৱৰ বীৰঝৰা উচ্চ ইংৰাজী বিদ্যালয় প্রতিষ্ঠা কৰেহি। ইয়াৰ পিচতেই তেখেতে অসম চৰকাৰৰ যোগান বিভাগ আৰু আবকাৰী বিভাগত ৰূপনাথ ব্ৰহ্মৰ বদান্যতাত দুটিকৈ চাকৰি পায়ো শিক্ষকৰ জীৱনেই বাছি লৈ শিক্ষাদানৰ নিচিনা মহান কামত ব্ৰতী হ’ল। বীৰঝৰা উচ্চ ইংৰাজী বিদ্যালয়, বহলপুৰ উচ্চ ইংৰাজী বিদ্যালয় আৰু পৰৱৰ্তী পৰ্যায়ত চাপৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান
শিক্ষক পদত নিযুক্তি লাভ কৰে।
শৰৎ চন্দ্ৰ সিংহ (Sarat Chandra Sinha) ৰ ব্যক্তিগত জীৱন:-
১৯৪১ চনত লাৱণ্যপ্রভা দেৱীৰ সৈতে
শৰৎ চন্দ্ৰ সিংহৰ বিবাহ হৈছিল। তেওঁৰ দুই পুত্ৰ সন্তানৰ লগতে তিনি গৰাকী জীয়ৰী আছিল।
শৰৎ চন্দ্ৰ সিংহই মুখ্যমন্ত্ৰী হোৱাৰ পিছতো অতিকৈ
সাধাৰণ জীৱন নিৰ্বাহ কৰিছিল। নিজৰ ল’ৰা-ছোৱালীৰ বিয়াত ৫০-৬০ জনৰ বেছি মানুহক নিমন্ত্ৰণ দিয়া নাছিল। চৰকাৰী কামতহে চৰকাৰী গাড়ী ব্যৱহাৰ কৰিছিল শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াই। কোনো দিনে নিজৰ তিৰোতা, ল’ৰা-ছোৱালীক চৰকাৰী গাড়ীত উঠিবলৈ দিয়া নাছিল। মুখ্যমন্ত্ৰীৰ পদৰ পৰা অব্যাহতি লোৱাৰ পিছতো ঘৰলৈকে ৰিক্সাতহে গৈছিল।
শৰৎ চন্দ্ৰ সিংহ (Sarat Chandra Sinha) ৰ ৰাজনৈতিক জীৱন:-
শিক্ষকৰ চাকৰি কৰি থকা কালতেই তেখেতে মহেন্দ্ৰ মোহন চৌধুৰীদেৱৰ প্ৰচেষ্টাতে ৰাজনৈতিক জীৱনত ভৰি দিয়ে । তেখেত ১৯৫০ চনৰ পৰা ১৯৬৪ চনলৈকে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু ১৯৬৪ চনৰ পৰা ১৯৬৭ চনলৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল। ১৯৬৭ চনৰ পৰা ১৯৭০ চনলৈকে পুনৰ উপ-সভাপতি পদত অধিষ্ঠিত হৈছিল। ১৯৭০ চনৰ পৰা ১৯৭১ চনলৈকে পুনৰ সভাপতি
হয়।
১৯৪৫ চনত শৰৎ চন্দ্ৰ সিংহই প্ৰথম বাৰৰ লোকেল ব’ৰ্ডৰ সদস্য নির্বাচিত হয়। গান্ধীবাদী মহেন্দ্ৰ মোহন চৌধুৰীৰ অনুকম্পাতে প্রয়াত সিংহদেৱে প্ৰথম ধুবুৰী বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ বিধানসভাৰ সদস্য নির্বাচিত হয়। তেতিয়াৰ পৰাই সিংহদেৱে কংগ্ৰেছ দলৰ পৰাই ১৯৪৬-৫২ চন, ১৯৬২-৬৭ চন, ১৯৭২-৭৮ চন, ১৯৭৮-৮২ চন আৰু ১৯৮৫-৯০ চন পর্যন্ত
অসম বিধানসভাৰ কংগ্ৰেছ দলৰ সদস্য নির্বাচিত হয়।
এসময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিশ্বস্ত সকলৰ ভিতৰত এজন আছিল শৰৎ চন্দ্ৰ সিংহ। ইন্দিৰা গান্ধীয়ে যেতিয়া ১৯৭৫ চনৰ ২৫ জুনত দেশত জৰুৰী অৱস্থা ঘোষণাক শৰৎ চন্দ্ৰ সিংহই সমর্থন জনাইছিল।
মুখ্যমন্ত্ৰী হিচাপে শৰৎ চন্দ্ৰ সিংহ (Sarat Chandra Sinha):-
শৰৎ চন্দ্ৰ সিংহই ১৯৭২ চনত অসমৰ চতুৰ্থগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি তেখেতে ৰাজ্যখনৰ উন্নয়নৰ বাবে ন ন আঁচনি প্ৰয়োগ কৰি ৰাজ্যখনলৈ নতুন পৰিৱৰ্তনৰ জোৱাৰ আনিছিল। বৈপ্লৱিক সমবায় আঁচনিখনৰ জৰিয়তে তেখেতে সমবায় সমিতিসমূহক সক্রিয় কৰি কৃষি শস্যসমূহৰ মূল্য চৰকাৰীভাৱে নিৰ্ধাৰণ কৰা মূল্যত কিনা-বেচাৰ ব্যৱস্থা কৰিছিল। শৰৎ চন্দ্ৰ সিংহই মহাত্মা গান্ধীৰ আদৰ্শত অনুপ্ৰাণিত হৈ দেশৰ কুটিৰ শিল্প
আৰু খাদী সামগ্ৰী ব্যৱহাৰত গুৰুত্ব দিছিল।
তেখেতে মুখ্যমন্ত্ৰীত্বৰ কালতে সকলো চৰকাৰী কাৰ্যালয়তে প্রমাণিত খাদীৰ পৰ্দা, নেপকিন আদি ব্যৱহাৰ কৰাৰ বাবে চৰকাৰী নিৰ্দেশ জাৰি কৰিছিল আৰু ব্যৱহাৰো কৰিছিল।
মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ অসমত দেখা দিয়া ভয়ংকৰ নিবনুৱা সমস্যা সমাধানৰ বলিষ্ঠ পদক্ষেপ হিচাপে আত্মনিয়োজন আঁচনি (Self Employment programme) প্ৰৱৰ্তন কৰিছিল। এই নিয়োগ আঁচনি অনুসৰি তেওঁ প্ৰত্যেক জিলাতেই একোখনকৈ EMTC (Employment Motivation Training Centre) খুলিছিল।
ইয়াৰ মুখ্য উদ্দেশ্য হৈছে স্থানীয় পৰিসম্পদেৰে স্থানীয় যুৱক-যুৱতীক স্বাৱলম্বী হোৱাৰ কাৰণে প্ৰশিক্ষণ দিয়া। এই আঁচনিৰ অধীনত শিক্ষিত নিবনুৱাই কুকুৰা পোহা আঁচনি (Poultry), দুগ্ধ উন্নয়ন আঁচনি (Dairy Farming) আৰু গাহৰি পালন (Piggery) আদি ক্ষেত্ৰত প্ৰশিক্ষণ লাভ কৰিছিল।
শৰৎ চন্দ্ৰ সিংহৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হল সমবায় আন্দোলন। ভাৰতবৰ্ষৰ ভিতৰতে শৰৎ চন্দ্ৰ সিংহই প্ৰথমে অসমত সমবায় সমিতি গঠন কৰিছিল। অসম প্ৰথম ৰাজ্য, যিখন ৰাজ্যই সমবায় সমিতিক এক বিজ্ঞানসন্মত ভিত্তিত সংগঠন কৰিছিল আৰু এই সমবায় সমিতিৰ হিচাপ-নিকাচ ৰাখিবৰ কাৰণে
এটা নতুন পদ্ধতিও প্রয়োগ কৰিছিল। শৰৎ চন্দ্ৰ সিংহদেৱৰ মুখ্যমন্ত্ৰী থকাৰ দিনত অসমৰ বিভিন্ন ঠাইত মৎস্য উন্নয়ন নিগম গঠন কৰা হৈছিল।
অসমৰ ৰাজধানী এটা শতিকাতকৈ অধিক কালজুৰি শ্বিলঙতেই আছিল আৰু তাৰ পৰাই বিধানসভাৰ কাম-কাজবোৰ চলি আছিল।
কিন্তু ১৯৭১ চনত উত্তৰ-পূব (পুনর্গঠন) আইন গৃহীত হোৱাৰ পিছত খাছিয়া পাহাৰ, গাৰো পাহাৰ আৰু জয়ন্তীয়া পাহাৰক সামৰি মেঘালয় ৰাজ্যই স্বীকৃতি পোৱাত অসমৰ ৰাজধানী হিচাপে থকা শ্বিলং চহৰ এৰিবলগীয়া হয়। অৱশেষত
১৯৭২ চনত শ্বিলঙৰ পৰা ৰাজধানী গুৱাহাটীৰ দিছপুৰত প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ
কৰে। তেতিয়াৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াই আপ্রাণ চেষ্টা কৰি ১৯৭৩ চনৰ
১৬ মাৰ্চত অসম বিধানসভাৰ বাজেট অধিৱেশন অস্থায়ী ৰাজধানী দিছপুৰত পোন
প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছিল।
বিধায়ক বা মন্ত্ৰী নথকা অৱস্থাতো তেখেতে সমাজৰ অৰ্থে, জনতাৰ অৰ্থে আৰু দেশৰ অৰ্থে যথেষ্ট কাম কৰিছিল। ১৯৫৬ চনত সংসদত ভাষাভিত্তিত ৰাজ্য পুনগঠন আইন পাছ হৈছিল আৰু তাত গোৱালপাৰা জিলাই অসমৰ লগত থকা স্বীকৃতি পাইছিল। এয়া একমাত্র সিংহদেৱৰ বলিষ্ঠ নেতৃত্বৰ বাবেই সম্ভৱ হৈছিল। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী আছিল বিধান চন্দ্ৰ ৰায়। ভাষাভিত্তিত ৰাজ্য পুনগঠিত আন্দোলনত সিংহদেৱে যি
নেতৃত্ব দিছিল সেই সময়ত এই ঘটনা ভাৰতৰ এক বিৰল ঘটনাৰ দৰে বুলিব পাৰি।
শৰৎ চন্দ্ৰ সিংহ কুৰি শতিকাৰ অসমৰ ৰাজনীতিত এজন ধীৰ, স্থিৰ আৰু নিকা ভাবমূৰ্তিৰ জননেতা আছিল। তেখেত মূল্যবোধৰ ৰাজনীতিৰ জীৱন্ত প্ৰতীক আছিল। ২০০৫ চনৰ ২৫ ডিচেম্বৰত শৰৎ চন্দ্ৰ সিংহৰ মৃত্যু হয়।
উৎস:-
অসমৰ বৰেণ্য নেতা শৰৎ চন্দ্ৰ সিংহৰ জীৱনত এভুমুকি:- শৰৎ বৰকটকী
প্ৰমূল্যবোধৰ ৰাজনীতিৰ প্ৰতীক জননেতা শৰৎ চন্দ্ৰ সিংহৰ:- অদীপ কুমাৰ ফুকন
আদৰ্শৰ প্ৰতীক সিংহ চাৰ:- ড০ ভূমিধৰ বৰ্মন
এটি প্ৰতিবাদী সত্তাৰ বিষয়ে:- ড০ প্রভাস দাস
শতবৰ্ষৰ স্মৰণ, জননেতা শৰৎ চন্দ্ৰ সিংহ:- শৰৎ চন্দ্ৰ সিংহ জন্ম শতবৰ্ষ উদযাপন সমিতি, গুৱাহাটীৰদ্ৱাৰা প্ৰকাশিত